পৃষ্ঠা:গীতাসাৰ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪২
গীতাসাৰ
 
 

আৰু অপযশ প্ৰাণীবৰ্গৰ এই সমুদায় ভিন্-ভিন্ ভাব(১) মোৰ পৰাই উৎপন্ন; এই সমস্ত বৃত্তিৰ উৎপাদনৰ এক মূলাধাৰ মাথোন মই (পৰব্ৰহ্ম)।(২)

 “হে অৰ্জ্জুন! কেৱল সাধাৰণ জীৱগণেই যে মোৰ(ভগৱানৰ) বিভূতিৰপৰা উৎপন্ন হৈছে, এনে নহয়; প্ৰজাস্ৰষ্টা চতুৰ্দ্দশ মনু(৩), বেদপ্ৰচাৰক সপ্তৰ্ষি(৪), আৰু তৎপূৰ্ব্ববৰ্ত্তী চাৰি মহৰ্ষি (৫) এই সকলো মোৰপৰাই (ভগৱৎসত্তাৰপৰা) উৎপন্ন হৈছে। যি মোৰ বিভূতি আৰু যোগ বিষয়ক তত্ত্বজ্ঞান লাভ কৰিছে, তেওঁৱেই যথাৰ্থতে সমাহিত, তেওঁৰ অবিদিত একো নাই। ময়েই এই জগৎ উৎপত্তিৰ কাৰণ, মোৰপৰাই জ্ঞান-বুদ্ধিৰ উৎপত্তি, এই কথাত যাৰ স্থিৰ বিশ্বাস, তেওঁৱেই


 (১) সুক্ষ্মাৰ্থবোধক শক্তিৰ নাম বুদ্ধি; আত্ম-অনাত্ম পদাৰ্থৰ বিচাৰশক্তিৰ নাম জ্ঞান; জ্ঞাতব্য আৰু কৰ্ত্তব্যৰ অৰ্থে অব্যাকুলতাৰ নাম অহংমোহ; দণ্ড বিধায়ক প্ৰবৃত্তিক নিবৃত্ত কৰা শক্তিৰ নাম ক্ষমা; অৰূপ নিৰূপন প্ৰবৃত্তিৰ নাম সত্য; ইন্দ্ৰিয়গণক নিবৃত্ত কৰা শক্তিৰ নাম দম; যি বৃত্তিৰ প্ৰভাৱত শব্দাদি বিষয়ে অন্তঃকৰণত ঠাই নাপায়, তাৰ নাম শম; যি অৱস্থাত চিত্ত প্ৰসন্ন হয়, তাৰ নাম সুখ; যি জীৱৰ পৰিতাপৰ কাৰণ, সিয়ে দুখ; উৎপত্তিৰ নাম ভব; অসত্তাৰ নাম অভাব; আশঙ্কাত ভয়; নিঃশঙ্কাত অভয়; জীৱক দুখ নিদিবৰ প্ৰবৃত্তিয়েই অহিংসা; ইষ্টানিষ্ট ৰাগদ্বেষাদিশূন্য অৱস্থাই সমতা; তৃপ্তিলাভৰ নামৰ তুষ্টি; ব্ৰত-সাধনৰ নাম তপঃ; অযাচিতে বিলোৱাৰ নাম দান; প্ৰশংসাৰ নাম যশ; লোকাপবাদৰ নাম অপযশ ।—গীতাৰ্থ সন্দীপনী, কৃষ্ণানন্দস্বামী ৷
 (২) গীতা, দশম আধ্যা, ২-৫ শ্লোকৰ সংযোগব্যাখ্যা ।
 (৩) চতুৰ্দ্দশ মনু,— স্বায়ম্ভুব, স্বাৰোচিষ, উত্তম, তামস, ৰৈবত, চাক্ষুস, বৈলম্বত, সাবৰ্ণি, দক্ষসাবৰ্ণি, ব্ৰহ্মসাবৰ্ণি, ধৰ্ম্মসাৰ্বণি, ৰুদ্ৰসাবৰ্ণি, দেৱসাবৰ্ণি, ইন্দ্ৰসাবৰ্ণি ৷
 (৪) সপ্তৰ্ষি,—ভৃগু, মৰীচি, অত্ৰি, পুলস্ত্য, পুলহ, বশিষ্ঠ, দ্ৰুতু ।
 (৫) চাৰি মহৰ্ষি,— সমৎকুমাৰ, সমক, সনন্দ, সনাতন ৷