সমললৈ যাওক

পৃষ্ঠা:গীতাসাৰ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩। আধ্যা।
৪৮৭
 
 

 বুদ্ধিযোগপৰায়ণ পুৰুষসকলে কৰ্ম্মজনিত ফল অল্প ত্যাগ কৰি আত্মজ্ঞান লাভৰ ফলত জন্মৰূপ বন্ধনৰপৰা মুক্ত হৈ পৰমপদ লাভ কৰে। অৰ্থাৎ নিষ্কাম ধৰ্ম্মী শোকৰ চিত্তশুদ্ধি হলেই আত্মজ্ঞান লাভ হয়। সেয়ে হলেই সেই মানৱাত্মাই পৰমাত্মাত লয় গৈ মুক্তি বা নিৰ্ব্বাণ লাভ কৰে। এই মুক্তিপদকে বিষ্ণুৰ পৰমপদ বুলি শাস্ত্ৰয়ো কয়। আৰু, যেতিয়াই মানুহৰ জ্ঞান-বুদ্ধিয়ে অবিবেকৰূপ কলুষ বৰ্জ্জন কৰি উঠে, তেতিয়াই কৰ্ম্মফলৰ তৃষ্ণা বা কামনাৰ প্ৰতি তেওঁৰ বিৰাগ জন্মে। যেতিয়াই বিবিধ বিষয়ক (১) ফললাভৰ শঙ্কাযুত ভাব আঁতৰ হৈ অন্তঃকৰণ পৰমাত্মাত নিজকে মজে, তেতিয়াই মানুহৰ তত্ত্বজ্ঞান লাভ হয়, অৰ্থাৎ, তেতিয়া মানৱাত্মা পৰমাত্মাত লয় গৈ ব্ৰহ্মনিৰ্ব্বাণ (২) প্ৰাপ্ত হয়।" (৩)

 ভগৱান শ্ৰীকৃষ্ণৰপৰা আত্মজ্ঞান, নিষ্কাম কৰ্ম্ম, যোগ, সমাধি আৰু পৰমপদ বিষয়ক পৰমাৰ্থতত্ত্বৰ আভাস মাথোন পাই, তাৰ বিশদ ব্যাখ্যা লাভাৰ্থে অৰ্জ্জুনে সভক্তিৰে শ্ৰীকৃষ্ণত এই বুলি সুধিলে—“হে কেশৱ!


 (১) শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ এই পাচোঁটা বিষয়। এই পাচোঁটা বিষয়ত চিত্তবৃত্তি নিৰুদ্ধ হলেই স্মৃতি, শ্ৰুতি, স্বপ্ন আৰু জাগ্ৰত অৱস্থা এৰাই ওপৰলৈ উঠা যায়। এয়ে প্ৰকৃত যোগ বা সমাধি।
 (২) বৌদ্ধধৰ্ম্মৰো চৰম লক্ষ হৈছে নিৰ্ব্বাণেই। পাৰ্থক্য এই মথোন যে, বুদ্ধৰ মতে নিৰ্ব্বাপত মানুহৰ ৰ আৰু আত্মা পৰমাত্মাত লয় পায়। কৃষ্ণৰ মতে ব্ৰহ্মনিৰ্ব্বাণত মানৱাত্মা মাথোন পৰামাত্মাত লয় পায়। আগৰটোৰ মতে মানুহৰ মন আৰু আত্মা দুইৰো অস্তিত্ব বিলোপ হৈ পৰমাত্মাত মিলি যায়; পাচৰটোৰ মতে মানুহৰ মনৰ অস্তিত্ব লোপ পালেও আত্মাৰ অস্তিত্ত্ব হেৰাব নোৱাৰে। সি সেই ভাগেই পৰমাত্মাত মিলি যায়। কিন্তু, সাধনা আৰু সিদ্ধি দুয়োমততে একে।
 (৩) গীতা, ২য় আধ্যা, ৫১—৫৩ শ্লোক।