পৃষ্ঠা:গীতাসাৰ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৷আধ্যা ৷
৪৯৫
 
 

অথচ অন্তৰত নানা বাসনাজনিত ক্ৰিয়াৰ প্ৰবাহ, সেইজন কপটীয়া ভণ্ড সন্ন্যাসী মাথোন। কিন্তু, হে অৰ্জ্জুন ! যাৰ বাহিৰত ক্রিয়াৰ প্ৰবাহ, অথচ অন্তৰত তাৰ ফললাভৰ স্পৃহা নাই, সেই জন হে বিশিষ্ট পুৰুষ, তেওঁৰ হে পৰমপদ লাভ হয় ।” (১)

 “তুমি নিত্য-নৈমিত্তিক ক্ৰিয়াৰ অনুষ্ঠান কৰাঁ; কিয়নাে কর্ম্ম নকৰাতকৈ কৰ্ম্ম কৰা হে শ্রেষ্ঠ। বিশেষতঃ কর্ম্ম নকৰিলে তােমাৰ শৰীৰ ধাৰণ ব্যাপাৰেই নচলিব ! অর্থাৎ, তুমি যদি ক্ষত্রিয়োচিত যুদ্ধ নকৰাঁ, অথচ সন্ন্যাসীৰ ভিক্ষাবৃত্তিতো যি স্থলত তােমাৰ অধিকাৰ নাই, তেন্তে ক্ষত্রিয়ােচিত ৰণ-বিগ্ৰহত লিপ্ত নহলে তােমাৰ জীৱনধাৰণেই অসম্ভৱ হব (২)। অর্থাৎ, সন্ন্যাস (৩) ধৰ্ম্মত তােমাৰ অধিকাৰ নাই । গতিকে, ক্ষত্রিয়ােচিত ৰণ-বিগ্ৰহত লিপ্ত নহলে তোমাৰ নিজ অধিকাৰৰ (৪) বর্ণাশ্রমোচিত ধৰ্ম্মও নষ্ট হব ৷ এতেকে, হে অৰ্জ্জুন, তুমি ৰণত প্রবৃত্ত হােৱাঁ ।”

 “ভগৱদাৰাধনাৰ্গে কৰ্ম্মানুষ্ঠান নকৰি অন্য কৰ্ম্মানুষ্ঠানত ধৰিলে মানুহ সংসাৰবন্ধনদশাগ্রস্ত হয়; এতেকে হে কুন্তীনন্দন ! তুমি ফল কামনা নকৰাকৈ, অৰ্থাৎ নিষ্কাম ভাৱে ভগৱানৰ উদ্দেশে শ্ৰদ্ধা-ভক্তিৰে সৈতে আশ্ৰমোচিত কৰ্ম্মাদিৰ অনুষ্ঠান কৰাঁ ৷ (৫)

——————————————————————————————————————————————————————————————————————  (১) গীতা, ৩য় আধ্যা, ৬—৭ শ্লোক ।

 (২) গীতা, ৩য় আধ্যা, ৮ম শ্লোক ।

 (৩) ধৰ্ম্ম, সত্য, দম, দান, প্ৰজনন, আহিত্যাগ্নিতা, অগ্নিহোত্ৰ, যজ্ঞ, মানস প্রভৃতি সাধন সন্ন্যাসৰ অধিকাৰমূলক ৷—শ্ৰীহৰহ্মাধিকৃত টীকা; আৰু গীতাৰ্থসন্দীপনী ৷

 (৪)ব্ৰহ্মচৰ্য্য, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস এই চতুৰাশ্ৰমত ব্ৰাহ্মণৰ অধিকাৰ; ব্ৰহ্মচৰ্য্য,গাৰ্হস্থ্য, বানপ্ৰস্থ এই তিনি আশ্ৰমত ক্ষত্ৰিয়ৰ অধিকাৰ; আৰু ব্ৰহ্মচৰ্য্য আৰু গাৰ্হস্থ্য এই দুই আশ্ৰমত বৈশ্যৰ অধিকাৰ ৷—কৃষ্ণানন্দস্বামীৰ গীতাৰ্থসন্দীপনী ৷

 (৫)গীতা,৩য় আধ্যা, ৯ম শ্লোক ৷