কি ভাৱে চিন্তুলে তোমাক জানিব পাৰিম কৃপা কৰি কৈ দিয়াঁ। হে জনাৰ্দ্দন! (১) তোমাৰ যোগ আৰু বিভুতিৰ তত্ত্বব্যাখ্যা মোক পুনৰপি বিস্তৃতভাৱে দান কৰা, কিয়নো তোমাৰ বচনামৃত শ্ৰৱন কৰি মোৰ তৃপ্তি পলোৱা নাই। (২)
পৰম ভক্ত শিষ্য অৰ্জ্জুনৰ একান্ত প্ৰাৰ্থনা পূৰ্ণ কৰাৰ মানসে ভকতবৎসল ভগৱান শ্ৰীকৃষ্ণই গদ্গদ চিত্তেৰে এইবুলি সমিচাৰ দিলে, “হে কুৰুশ্ৰেষ্ঠ! মোৰ দিব্য বিভূতি অনন্ত, তাক কৈ অন্ত কৰিব নোৱাৰি; তথাপি তোমাৰ অনুৰোধ এৰাব নোৱাৰি তাৰ ঘাই ঘাই গোটাচেৰেকৰ বৰ্ণনা দিওঁ, শুনিবাঁ। হে গুড়াকেশ!(৩) ময়ে সৰ্ব্বভূতৰ হৃদয়স্থিত আত্মা; ময়ে জগতৰ সৃষ্টি-স্থিতি-প্ৰলয়ৰ হেতুস্বৰূপ। মই আদিত্যগণৰ মাজত বিষ্ণু, প্ৰকাশকগণৰ মাজত তেজস্বী সূৰ্য্য, বায়ুগণৰ মাজত মৰীচি, নক্ষত্ৰগণৰ মাজত চন্দ্ৰ; মই বেদৰ মাজত সামবেদ(৪); দেৱতাৰ মাজত ইন্দ্ৰ; ইন্দ্ৰিয়গণৰ মাজত মন(৫); ভৌতিক ৰাজ্যত চেতনাস্বৰূপ; মই ৰূদ্ৰগণৰ(৬)মাজত শঙ্কৰ;
(১) জীৱগণৰ স্বৰ্গসুখাদি দাতা আৰু মুক্তিবিধান কৰ্ত্তাৰ নাম জনাৰ্দ্দন।
(২) গীতা, দশম আধ্যা, ১৬-১৮ শ্লোকৰ সংযোগব্যাখ্যা।
(৩) যি নিদ্ৰাক জয় কৰিছে, তেওঁৰ নাম গুড়াকেশ।
(৪) স্বৰমাধুৰীৰ প্ৰাধান্ত হেতুকে চাৰিবেদৰ ভিতৰত সামবেদ ভগৱানৰ প্ৰিয়তম বিভূতি।
(৫) একাদশ ইন্দ্ৰিয়ৰ মাজত মনেই ৰজা।
(৬) একাদশ ৰুদ্ৰূঃ— অজ, একপাদ, অহিব্ৰহ্ম, পিনাকী, অপৰাজিত, ত্ৰধ্যক, মহেশ্বৰ, শম্ভু, বৃষাকপি, ছৰ আৰু ঈশ্বৰ।