যদি একান্ত চিত্তেৰে মােক আৰাধনা কৰে, তাৰো বাঞ্ছা সিদ্ধি হয়; কিয়নো ভক্তি অথলে নাযায়। তেনেকুৱা জীৱ ততালিকে ধর্ম্ম-পন্থা-প্রাপ্ত হয়; কাৰণ মোৰ ভক্ত বিনাশপ্রাপ্ত কাচিতো হব নােৱাৰে(১) । স্ত্ৰী, বৈশ্য, শূদ্র আদি বেদশাস্ত্রজ্ঞানত হীন জাতিৰ(২) মানুহেও মােৰ আশ্ৰয়ত পৰমগতি লাভ কৰে,– ব্ৰাহ্মণ আৰু ক্ষত্রিয়ৰ তাে কথাই নাই । এতেকে, হে অৰ্জ্জুন ! ক্ষত্ৰিয়তনয় তুমি(৩) নশ্বৰ দেহাৰ মায়া পৰিহাৰ কৰি ভক্তিপৰায়ণ হােৱাঁ । তুমি মদগতচিত্ত, মদ্ভক্ত আৰু মোৰ পূজা-পৰায়ণ হৈ মােক নমস্কাৰ কৰাঁ। এইৰূপে মােৰ শৰণাগত হৈ, তােমাৰ আত্মা মোক সমর্পণ কৰি, তুমি মােক লাভ কৰাঁ ।”(৪)
(১) অজ্ঞান যা মোহজনিত ভগৱদক্তৰ কদাপি পতন নাই ।
(২) জাতি, বৰ্ণ, বয়স, গুণ, অৱস্থাদি নিৰ্ব্বিশেষে ভক্তিৰ অধিকাৰী;—“যখা ভক্তি তথা মুক্তি” ৷
(৩) ক্ষত্ৰিয়তনয় বুলি বুদ্ধিস্বৰ্গ শ্ৰীকৃষ্ণই অৰ্জ্জুনক স্বধৰ্ম্ম পালনলৈ, অৰ্থাৎ যুদ্ধত প্ৰবৃস্ত হবলৈ প্ৰকাৰন্তৰে উদ্গণি দিছে ৷
(৪) গীতা, নৱম আধ্যা, ২৫-৩৪ শ্লোকৰ সংযোগ ব্যাখ্যা ৷