ত্ৰাহি কৰিছে, মোৰ আতঙ্ক উপস্থিত হৈছে; এতেকে কৃপা কৰাঁ প্ৰভো!” (১)
ভগৱান শ্ৰীকৃষ্ণত বিশ্বৰূপ দৰ্শন কৰি ধ্যানমগ্ন অৰ্জ্জুনৰ হৃৎকম্প উপস্থিত হল। সমস্ত অঙ্গ-প্ৰত্যঙ্গ কঁপিবলৈ ধৰিলে, আৰু তেওঁ উদ্বাউল দি এই বুলি চিঞৰিবলৈ ধৰিলে, “হে বিষ্ণো! তোমাৰ
ভয়ঙ্কৰ মূৰ্ত্তি দেখি মোৰ অকল যে আতঙ্কই হৈছে এনে নহয়, তোমাৰ উজ্জ্বল দীপ্তি মোৰ চকুৱে সহিব পৰা নাই; তোমাৰ সৰ্ব্বদিক্ব্যাপী ৰূপ মোৰ মনেৰে ধাৰণা কৰিব নোৱাৰা হৈছোঁ; তোমাৰ প্ৰলয়-
দৃষ্টিযুক্ত বিশাল নেত্ৰৰ আয়তন দেখি মোৰ চিত্তবৈকল্য ঘটিছে; আন কি, মই স্থিৰেৰে ৰব নোৱাৰাত পৰিছোঁ। এতেকে, প্ৰভো! তোমাৰ এই ৰূপ সলাই পুনঃশান্তিৰূপ ধাৰণ কৰাঁ। হে জগন্নিবাস! তুমি প্ৰসন্ন হোৱা।” (২)
“হে ভগৱান! আৰু দেখিছোঁ, বিপক্ষীয় ৰাজন্যবৰ্গৰে সৈতে ধৃতৰাষ্ট্ৰৰ পুত্ৰগণ ভীষ্ম, দ্ৰোণ, কৰ্ণ এই তিনি বীৰে সৈতে, আৰু আমাৰ পক্ষীয় যোদ্ধাগণ তোমাৰ মুখ-গহ্বৰত প্ৰবল বেগেৰে প্ৰৱেশ কৰিব লাগিছে। দুষ্ট দুৰ্যোধনাদি তোমাৰ দাঁত-নিকটন মুখৰ ফালে ধাবিত হৈছে; প্ৰৱেশ কালত কাৰো বা মূৰ চূৰ্ণাকৃত হৈছে, কাৰো বা লাওখোলা তোমাৰ দাঁত-কৰালত লাগি হৈছে ! যি দৰে নানা ফালৰপৰা নৈবিলাক বৈ আহি নানা মুখীয়া হৈ সাগৰত আপোনা-আপুনি সোমায় গৈ, সেই দৰে এই বীৰগণে আপোনা-আপুনি গৈ তোমাৰ উন্মুক্ত মুখত
(১) গীতা, একাদশ আধ্যা, ১৫-২৩ শ্লোক ৷
(২) গীতা, একাদশ আধ্যা, ২৪-২৫ শ্লোক ।