ক্ষত্রিয় ধৰ্মই তোৰমা স্বধর্ম্ম; সেই স্বধর্ম্ম পালনার্থে তুমি যুদ্ধত প্ৰবৃত্ত হৈ তােমাৰ কল্যাণ সাধন কৰা।”(১)
এনেতে, অৰ্জ্জুনে এই বুলি পুনৰপি প্রশ্ন তুলিলে, “হে বৃঞ্চিবংশধৰ ! পুৰুষৰ প্ৰবৃত্তি নাথাকিলেও কিহে নাে তেন্তে পাপ কাৰ্য্যলৈ উদগনি দিয়ে ? তােমাৰ জ্ঞানগর্ভ উপদেশ লবলৈ মােৰ একান্ত বাঞ্ছা হেতুকে যদিও ৰণ কৰা জোৰ কৰ্ত্তব্য বুলি মই বুজিছোঁ, তথাপি সেই ৰণলৈ মােৰ প্রবৃত্তি জন্মা নাই কিয় ?”(২)
তদুত্তৰত, ভগৱান শ্রীকৃষ্ণই এই বুলি সমিচাৰ দিলে,—“কামনা ৰজগুণৰপৰা উৎপন্ন; এই কামনা কাৰ্য্যস্থলত ক্রোধৰূপে পৰিণত হয় ; হে পার্থ ! ইহজন্মৰ মােক্ষমাৰ্গত এই কামনা পৰম শত্ৰু বুলি বুজিবাঁ । ই দূৰ-দূৰণীয়; ই অতিশয় উগ্ৰ । ইয়াকে জানি তুমি কামনা পৰিত্যাগ কৰিবাঁ।(৩)। আৰু, আঙ্গঠাক যেনেকৈ ফুট্ছায়ে ঢাকি থয়, আৰ্চীক যেনেকৈ চেকাই ঢাকি ধৰে, জৰায়ুৱে যেনেকৈ গৰ্ব্ভক ঢাকি ৰাখে, তেনেকৈয়ে কাম বা কামনায়াে আত্মা বা জ্ঞানক আঁৰ কৰি থয় (৪)। হে কুন্তীনন্দন ! এই কামনায়ে জ্ঞানীৰো বিবেকশক্তিক অকামিলা কৰে(৫) ৷”
—————————————————————————————————————————————————————————————— (১)“শ্ৰেয়ান্ স্বধর্ম্মো বিগুণঃ পৰধৰ্ম্মাৎ অনুষ্ঠিতাৎ ।
স্বধৰ্ম্মে নিধনং শ্ৰেয়ঃ পৰোধৰ্ম্মো ভয়াবহঃ।”
-গীতা, ৩য় আধ্যা, ৩৫ শ্লোক ।
(২) গীতা, ৩য় অ্যাধ্যা, ৩৬ শ্লোক।
(৩) গীতা, ৩য় আধ্যা, ৩৭ শ্লোক ৷
(৪) “ধুমেনাব্ৰিয়তে বহ্নিৰ্দ্বথাদৰ্শো বলেন চ ৷
যথোধেনাবৃতো গৰ্ব্ভস্তধা তেনেধমাবৃতম।”—গীতা, ৩ আধ্যা, ৩৮ শ্লোক ৷
(৫) গীতা, ৩য় আধ্যা, ৩৯ শ্লোক ।