পৃষ্ঠা:গীতাসাৰ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩০
গীতাসাৰ
 
 

জীৱৰ পুনৰ্জ্জন্ম, নাইবা ব্ৰহ্মনিৰ্ব্বাণ লাভ হয়। অর্থাৎ, মৰণমুহূৰ্ত্তত যি মানুহে সংসাৰৰ ভােগ্য বিষয় চিন্তা কৰে, সি পুনঃ পার্থিব দেহা ধাৰণ কৰে; যি পুৰুযে শিব, বিষ্ণু আদি চিন্তা কৰে, তেওঁ তদ্রপ ৰূপ ধাৰণ কৰে; যি ভক্তই ঐকান্তিক প্ৰেমৰ আৱেশে আত্ম-সমাধান কৰি দেহ ত্যাগ কৰে, তেওঁ ব্রহ্মনিৰ্বাণ লাভ কৰে। এতেকে, হে অৰ্জ্জুন ! সৰ্ব্বদায় মােক (পৰমাত্মাক) স্মৰণ কৰিবাঁ; উপস্থিত যুদ্ধত প্রবৃত্ত হােৱাঁ; আৰু মনােবুদ্ধি সমুদায় মােত্ (পৰমাত্মাত) অর্পণ কৰাঁ; তেনেহলেই মােক লাভ কৰিবাঁ যে তাত অনুমাত্রও সংশয় নাই (১)।” ৰণলৈ পিঠি নিদিয়াটো এটা ক্ষত্রিয়োচিত বিশিষ্ট ধৰ্ম্ম ৷ এতেকে, যুদ্ধ কৰিবলৈ ওলাই আহি, অপৰপক্ষ যুদ্ধত প্রবৃত্ত থকাৰ স্থলত, তালৈ পিঠি দিলে অৰ্জ্জুনৰ স্বধর্ম বিনষ্ট হব, আৰু তাৰ ফলস্বৰূপ চিত্তশুদ্ধি আৰু নিষ্কামতা লাভ কৰিব নোৱাৰি তেওঁ মুক্তিপদৰপৰা

বঞ্চিত হব; সেই কাৰণে, ভকতবৎসল ভগৱান শ্রীকৃষ্ণই ভক্তশিষ্য অৰ্জ্জুনক যুদ্ধত প্রবৃত্ত হবলৈ পুনঃ পুনঃ উদগনি দিছে।
 “হে পার্থ ! সৰ্ব্বদায় একান্তচিত্তেৰে পৰমাত্মচিন্তনৰ অভ্যাসে যােগসাধনৰ দ্বাৰাই পৰব্ৰহ্মপ্রাপ্ত হােৱা যায়। সর্বজ্ঞ (২), সৰ্ব্বনিয়ন্তা, সূক্ষ্মতকৈও সূক্ষ্মতৰ, সকলােৰে বিধাতা, অনাদি অচিন্ত্যৰূপ দিব্য পুৰুষক যি কায়মনােবাক্যে চিন্তা কৰে, তেওঁ মৰণ-মুহূৰ্ত্তত একান্তচিত্ত, ভক্তি আৰু অভ্যস্ত যােগবলৰ দ্বাৰাই প্ৰাণবায়ুক ভ্ৰুযুগলৰ মাজত স্থাপন কৰি সেই পৰব্ৰহ্মক লাভ কৰে।”(৩)

————————————————————————————————————————————————————————————————————————

 (১) গীতা, ৮ম, আধ্যা, ৭ম, শ্লোক ৷
 (২) ভুত, ভবিষ্যত আৰু বৰ্ত্তমান বিষয়ৰ দ্ৰষ্টা হেতুকে পৰমাত্মাক কবি বা সৰ্বজ্ঞ বোলা যায় ।
 (৩) গীতা, ৮ম, আধ্যা, ৮-১০ শ্লোকৰ মুঠ্ বা সংযোগ-ব্যাখ্যা ৷