কাৰণৰ হেতু, অর্থাৎ ক্রিয়াশক্তিৰ মূল; পুৰুষ সুখ-দুখাদি ভােগৰ হেতু বা কাৰণ। এই ক্ষেত্ৰজ্ঞ পুৰুষে মায়াৰূপ প্ৰকৃতিত অৱস্থিতি কৰি প্ৰকৃতিৰপৰা উৎপন্ন হােৱা সুখ-দুখাদি ভােগ কৰে। ত্রিগুণাত্মিকা প্ৰকৃতিৰ লগত এই সম্বন্ধ থকাৰ বাবেই সেই ত্ৰিগুণ অনুযায়ী (১)সৎ আৰু অসৎ যােনিসমূহত পুৰুষৰ জন্ম হয়। কিন্তু, এই দেহত বিদ্যমান থাকিও পুৰুষ (আত্মা) নির্লিপ্ত, নিত্য, আৰু স্বতন্ত্র; অথচ
তেওঁৱেই ভৰ্ত্তা, ভােক্তা, মহেশ্বৰ আৰু পৰমাত্মা। (২)
“হে অৰ্জ্জুন ! কোনােৱে জ্ঞানৰ বলত, কোনােৰে সংখ্যা যোগৰ বলত, কোনােৱে কৰ্ম্মযােগৰ বলত আত্মদর্শন লাভ কৰে;ইত্যাদি পন্থাৰ দ্বাৰাই লাভ কৰা আত্মতত্ত্বজ্ঞানৰ আগত যি পুৰুষে,দেহাদি বিকাৰ মায়াময় জানি, প্রকৃতিক উপলব্ধি কৰে, সেই পুৰুষ সর্ব্বথা বিদ্যমান থাকিলেও তেওঁ পুনৰ্জ্জন্ম ধাৰণ কৰিব লগাত নপৰে। কোনােৱে হয় তাে ধ্যান, বিচাৰ আৰু কৰ্ম্মৰ বলত এই তত্ত্ব উপলব্ধি কৰিবলৈ অসমৰ্থ হৈ ইষ্টগুৰুৰ উপদেশ অনুসৰি উপাসনা কৰে,সিবিলাকেও মৃত্যুময় সংসাৰ অতিক্ৰম কৰে।(৩)
“হে ভাৰত বংশধৰ পাণ্ডৱ ! ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ সংযোগত (৪)য়ে স্থাৱৰ-জঙ্গম সমস্ত পদার্থ উৎপন্ন হয়, এই কথা ধুৰুপ্ বুলি জানিবাঁ।” (৫)
————————————————————————————————————————————————————————————————— (১) সত্ত্ব গুণধাৰী পুৰুষে দেৱযোনিত, ৰজোগুণাধিকাৰীয়ে মানৱ যোনিত আৰু তমোগুণাধিকাৰীয়ে পাশৱ যোনিত জন্মগ্ৰহণ কৰে৷
(২) গীতা, ত্ৰয়োদশ আধ্যা, ২০-২৩ শ্লোক ।
(৩) গীতা, ত্রয়োদশ অধ্যা, ২৪-২৬ শ্লোক ।
(৪) ক্ষেত্ৰ আৰু ক্ষেত্রজ্ঞৰ , অখবা পুৰুষ আৰু প্ৰকৃতিৰ মায়াজনিত পৰস্পৰ মিথুনীকৰণকে সংযোগ বােলা যায়।—শ্ৰীধৰ স্বামীকৃত টীকা-ব্যাখ্যা ৷
(৫) গীতা, ত্ৰয়োদশ আধ্যা, ২৭ শ্লোক ।