পৃষ্ঠা:গীতাসাৰ.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮০
গীতাসাৰ
 
 

সিহঁতৰ মতে বিষয়ভোগ সুখৰ অভিলাষী স্ত্ৰী-পুৰুষ সংযোগেই জগৎ-সৃষ্টিৰ প্ৰাকৃতিক নিয়ম, আৰু কামেই জগতৰ উৎপত্তিৰ হেতু, ইয়াত বাজে অন্য কাৰণ নাই। এই আসুৰী প্ৰকৃতিৰ মানুহৰ আত্মা সততে কাম, ক্ৰোধ, লোভ, মোহাদি বাসনাৰ দ্বাৰাই আবৃত (১); গতিকে সিহঁত অল্প বুদ্ধিজীবী (২) আৰু উগ্ৰকৰ্ম্মা(৩), সিহঁতে অন্যৰ অহিত সাধনৰ অৰ্থে জন্মগ্ৰহণ কৰে। সিহঁতে হৃদয়ৰ পূৰাব নোৱাৰা বাসনাজনিত দম্ভ, মান, মদত উন্মত্ত হৈ অশুচি আৰু শাস্ত্ৰবিৰুদ্ধ কাৰ্য্যত প্ৰবৃত্ত হয় ৷ অশুভ বাসনাযুত আসুৰ স্বভাবী মানুহে পাপ, পুণ্য, পৰলোক, স্বৰ্গলাভ, নৰক-মুক্তি মোক্ষপ্ৰাপ্তি এইবোৰ একোকে নামানে; তাহাঁতৰ বিশ্বাস যে, যিমান দিন দেহা, সিমান দিনলৈ মাখোন জীৱন; আত্মাৰ অস্তিত্ব সিহঁতে নামানে। গতিকে, এই জীয়াই থকা কালত বিষয়জনিত সুখভোগেই সিহঁতৰ পুৰুষাৰ্থ। আশে-পাশে অশেষ আশা ডোলেৰে বান্ধখাই সিহঁতে বিষয়বাসনা পূৰাবৰ অৰ্থে অন্যায় বৃত্তি ধৰি অৰ্থ সঞ্চয় কৰে। অশুভ বাসনাযুত আসুৰ প্ৰকৃতিৰ মানুহ কেৱল ধনৰ আকাঙ্ক্ষাত মগ্ন । আসুৰী বাসনাৰ মানুহে নিজকে অতি ক্ষমতাশালী সৰ্ব্বেসৰ্ব্বা ঈশ্বৰ যেন


 (১) যাতনাই যে সংসাৰ-বৃক্ষৰ অবান্তৰ ফুল, সেই বিষয়ক বহুল ব্যাখ্যা গীতাৰ ১৫শ, আধ্যাত বহলাই কোৱা হৈছে; ১৬শ, আধ্যাৰ প্ৰথম এই কেইটা শ্লোকত সেই বাসনাৰ তত্ত্বজ্ঞানৰ আভাস আৰম্ভ কৰা হৈছে। ১৪শ, আধ্যাত গুণাতীত পুৰুষৰ লক্ষণ কীৰ্ত্তনৰ লগত এই দৈব ভূতসৰ্গ বিষয়ৰ আভাস দিয়া হৈছে।
 (২) অল্প:—মদ, মাংস, ৰুধিৰ, মজ্জাদি নিন্দিত পদাৰ্থযুক্ত দেহা ৷ যি দেহত অহংবুদ্ধি,সিয়ে অল্পবুদ্ধি।
 (৩) যি দেহাক মাথোন পালিবৰ উদ্দেশে শাস্ত্ৰনিষিদ্ধ কাৰ্য্যত প্ৰবৃত্ত হয়, সিয়েই উগ্ৰকৰ্ম্মা ৷