যথাৰ্থতে ভগৱৎ আৰাধনা কৰে। তাৰ মন-প্ৰাণ ভগৱানময় হয়, সেই ভগৱদ্ভক্তই পৰস্পৰে ভগৱৎ কীৰ্ত্তনত পৰম শান্তি লাভ কৰে। যি একাগ্ৰচিত্তেৰে মোক ভজনা কৰে, তেওঁক মই বুদ্ধিযোগ প্ৰদান কৰোঁ, যাতে তেওঁ অনায়াসে মোক লাভ কৰিব পাৰে। সেই ভক্তৰ অন্তৰত থিত্ লৈ মই তেওঁৰ মনৰপৰা অজ্ঞান-আন্ধাৰ জ্ঞানবুদ্ধিৰ পোহৰেৰে নাশ কৰোঁ।” (১)
ভগৱান শ্ৰীকৃষ্ণৰ জ্ঞানগৰ্ভ শাস্ত্ৰমুলক ভগৱদ্ব্যাখ্যা একাগ্ৰচিত্তেৰে শ্ৰৱন কৰি তন্ময় হৈ ভক্তশিষ্য মহাবাহু অৰ্জ্জুনে ব্যাকুল অন্তৰেৰে পৰমগুৰু শ্ৰীকৃষ্ণত এই বুলি সভক্তি নিবেদন জ্ঞাপন কৰিলে, “হে
ভগৱান! তুমিয়েই পৰব্ৰহ্ম, পৰম আশ্ৰয়, তুমি পৰম পৱিত্ৰ । দেৱৰ্ষি নাৰদ আৰু অসিত, দেবল আৰু ব্যাস আদি মুনিগণে তোমাক নিত্য, স্বপ্ৰকাশ, আদিদেৱ, জন্মৰহিত আৰু সৰ্ব্বব্যাপী পৰমাত্মা পুৰুষ
বুলি ব্যাখ্যা কৰিছে; এতিয়া স্বয়ং তোমাৰপৰাও মই ঠিক সেই একে ব্যাখ্যাকে লাভ কৰি চৰিতাৰ্থ হৈছোঁ ৷ হে কেশৱ! মই সকলো তথ্যজ্ঞান সত্য বুলি গ্ৰহণ কৰিছোঁ ৷ প্ৰভো! তোমাৰ মহিমা দেৱ-দানবেও বুজিব নোৱাৰে। হে পুৰুষোত্তম! হে ভূতভাৱন! হে ভূতেশ! হে দেৱদেৱ! হে জগতপতে! তুমি নিজেই হে নিজক বুজিব পাৰিছাঁ, অন্যে তোমাৰ স্বৰূপ কি বুজিব!” (২)
“হে ভগৱান? তুমি যি বিভূতিৰ যোগত সৰ্ব্বলোক বিয়াপি আছাঁ, সেই বিভূতিৰাশিৰ সম্যক্ ব্যাখ্যা তোমাৰ বচনেৰে শুনিবলৈ বাঞ্ছা কৰোঁ; কিয়নো অন্তৰপৰা সেই সম্যক্ ব্যাখ্যা সম্ভৱপৰ নহয়।
হে যোগিবৰ! তোষাৰ বিভূতি অনন্ত; এতেকে কোন্ বিভুতিৰে সৈতে
(১) গীতা, দশম আধ্যা, ৬-১১ শ্লোকৰ সংযোগব্যাখ্যা ।
(২) গীতা, দশম আখ্যা, ১২-১৫ শ্লোকৰ সংযোব্যাখ্যা ৷