“হে পাৰ্থ! আত্মাৰ উন্নতি, বৃদ্ধি আৰু বিনাশ নাই, গতিকে তেওঁ অবিনাশী; আৰু আন সমন্তই বিনাশ-ধৰ্ম্মশীল। যাৰ এনে ভাব, তেওঁৱেই অভ্ৰান্ত। যি আত্মজ্ঞানী জনে আত্মাক সৰ্ব্বত্ৰে সমান,
নিৰ্ব্বিকাৰ আৰু সকলো প্ৰাণীৰ প্ৰবৃত্তিৰ হেতু স্বৰূপ জানি, অভেদ জ্ঞানৰ বলেৰে ‘মই ব্ৰহ্ম’ এই সিদ্ধান্তত চলে, তেওঁ মায়াযুক্ত হৈ আত্মজ্ঞানহীনৰ দৰে আত্মাৰে সৈতে আত্মাক নঘপিয়ায়; সেই কাৰণে তেওঁ পৰমগতি লাভ কৰে। ক্ষেত্ৰজ্ঞ আত্মা সাক্ষীস্বৰূপ—অকৰ্ত্তা; সমস্ত কাৰ্য্য প্ৰকৃতিয়েই কৰে, বা মায়াৰ বলতেই হয়। যাৰ এনে দৃষ্টি, তেওঁৱেই সম্যক্দৰ্শী। সাধকে যেতিয়া ভূত সমুহক ভিন্-ভিন্ ভাৱে একে আত্মাতে অৱস্থিত দেখে, আৰু সেই ভূত সমূহক একে আত্মাৰপৰাই বিস্তাৰ হোৱা দৰ্শন কৰে, তেতিয়া তেওঁ প্ৰকৃততে ব্ৰহ্মস্বৰূপ হয় (১)। অৰ্থাৎ, ক্ষেত্ৰজ্ঞৰ দৰেই ক্ষেত্ৰৰো পৃথকত্ব নাই,—সকলো অভেদাত্মা।” (২)
“হে কুন্তীনন্দন! অনাদি আৰু নিৰ্গুণ কাৰণেই এই অবিকাৰী পৰমাত্মাই শৰীৰত থিত্ লৈয়ো একোকে নকৰে; আৰু দেহতে নিবাস যদিও, পদ্মপত্ৰত পানীৰ দৰে, কৰ্ম্মফলত নিৰ্লিপ্ত হৈ থাকে। আৰু, আকাশ যেনেকৈ সৰ্ব্বব্যাপী হৈয়ো কাৰো লগত লিপ্ত নহয়, তেনেকৈয়ে আত্মা দেহত থাকিও তাত নিৰ্লিপ্ত, অৰ্থাৎ দেহধৰ্ম্মৰ বাজ। হে ভাৰত! এক সূৰ্য্যই যি ৰূপে সমস্ত জগতকে প্ৰকাশ কৰে, সেইৰূপে এক ক্ষেত্ৰজ্ঞ স্বৰূপ আত্মাই সমস্ত ক্ষেত্ৰক প্ৰকাশ ————————————————————————————————————————————————————————————————————————
(১) কিয়নো, ব্ৰহ্মত বাজে সৃষ্টি আন আৰু একো পদাৰ্থই নাই; দৃশ্যমান জগত কেৱল মায়াপ্ৰভাৱত ভিন্-ভিন্ যেন দেখা যায়৷—কৃষ্ণানন্দ স্বামীৰ গীতাসন্দীপনী ৷
(২) গীতা, ত্ৰয়োদশ আধ্যা, ২৮-৩১ শ্লোক ।