পৃষ্ঠা:গীতাসাৰ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গীতাসাৰ।
১। আধ্যা।
গীতা-সৃষ্টি।

 যুদ্ধকৰ্ত্তা ধৰ্ম্ম-যুধিষ্ঠিৰে ধৰ্ম্মক চিয়াই কুৰুক্ষেত্ৰ-মহাৰণৰ আৰম্ভণ যথাবিধি ঘোষণা কৰি দিলে। সেই অনুসৰি, ৰণক্ষেত্ৰত পোন্‌-প্ৰথমে গা-দেখা দিবলৈ পাণ্ডৱৰ ঘাই ৰণনেতা অৰ্জ্জুন পাণ্ডৱবাহিনী আৰু কৌৰৱবাহিনীৰ মুখামুখি মধ্যস্থলত অৱতীৰ্ণ হলহি। এনেতে, অৰ্জ্জুনে এই বুলি তেওঁৰ সাৰথি শ্ৰীকৃষ্ণত বিনীত ভাৱে অনুজ্ঞা জ্ঞাপন কৰিলে, “সখি। ক্ষন্তেকমান মোৰ ৰথ উভয় বাহিনীৰ দোমোজাত ৰখোৱাঁচোন, চাই লওঁ মই কাৰ কাৰ লগত ৰণ কৰিব লাগিব; আৰু দুয়োপক্ষৰ সেনাপতিসকলৰ ভিতৰত কোনে কাৰে সৈতে বৈৰথ ৰণ দিবলৈ সষ্টম হৈছে তাকো চাই লওঁ।” সেই অনুজ্ঞা পালন কৰি,সাৰথি বাসুদেৱে অৰ্জ্জুনৰ ৰথ চলাই নি দুয়ো বাহিনীৰ ঠিক সম্-মাজত ৰখালেগৈ। মহাৰথ পাৰ্থবীৰে ধীৰ-স্থিৰভাৱে ৰ-লাগি একান্ত মনেৰে কৌৰৱ আৰু পাণ্ডৱবাহিনীৰ সৈন্য-সামন্ত, সেনানায়কসকল আৰু আত্মীয়-কুটুম্বৰ প্ৰতি পৰম কাৰুণিক দৃষ্টিৰে চাবলৈ ধৰিলে। কুন্তীনন্দন ধনঞ্জয়ে কৌৰৱবাহিনীৰ নেতাসকলৰ মাজত দেখিলে, তেওঁৰ পৰম উপকাৰী পিতামহ ভীষ্মদেৱ, পৰম পূজনীয় শিক্ষাগুৰুদেৱ দ্ৰোণাচাৰ্য্য,

৩২