সমললৈ যাওক

পৃষ্ঠা:গীতাসাৰ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৷ আধ্যা৷
৫০৭
 

ৰুদ্ধ কৰি প্ৰাণায়ামপৰায়ণ হৈ থাকে (১)। এই যোগীগণে যজ্ঞ সম্পাদনৰ পাচত চিত্তশুদ্ধি লাভ কৰি পৰমপদলাভ কৰে; কিন্তু যিবিলাকে যজ্ঞব্ৰত নকৰে, সিবিলাকে মুক্তি বা পৰমপদ লাভ কৰা নিলগতে থাওক, সামান্য সুখসাধ্য মনুষ্যলোক লাভ কৰাও সিবিলাকৰ ভাগ্যত নঘটে। এনে আৰু বহুবিধ যজ্ঞৰ বিষয় বেদত লিপিবদ্ধ হৈছে, সেই সকলো যজ্ঞ কৰ্ম্মজনিত বুলি জানি তুমি তদ্ৰূপ আচৰণৰ দ্বাৰাই মুক্তিপন্থা অৱলম্বন কৰাঁ৷” (২)

 “হে পাৰ্থ! দ্ৰব্যযজ্ঞতকৈ জ্ঞানযজ্ঞ সৰ্ব্বতোভাৱে শ্ৰেষ্ঠ; কিয়নো, নিষ্কাম কৰ্ম্ম, তপস্যা, উপাসনা, শাস্ত্ৰধ্যায়ন, যোগাভ্যাস আদি সমস্তই জ্ঞানলাভৰ অৰ্থে অনুষ্ঠিত। এতেকে, তুমি শ্ৰদ্ধাসহকাৰে তত্ত্বদৰ্শী গুৰুৰপৰা জ্ঞান উপদেশ গ্ৰহণ কৰাঁ। হে পাণ্ডৱ! যি জ্ঞান লাভ কৰিলে তুমি আৰু মোহমুগ্ধ হব নালাগিব, আৰু যি জ্ঞানৰ প্ৰভাৱত সমস্ত প্ৰাণীতে পৰমাত্মাক দেখা পাবাঁ, সেই জ্ঞান লাভ কৰাঁ। সেই আত্মজ্ঞান লাভ কৰিব পাৰিলে, তুমি যদি পাপীৰো পাপী হোৱাঁ, তথাপি সেই পাপসাগৰ জ্ঞান-তৰীৰে সৈতে অনায়াসে পাৰ হব পাৰিবাঁ; আৰু ইয়াকো জানিবাঁ যে, নিষ্পাপ নহলে আত্মজ্ঞান লাভ নহয়।” (৩)

 “হে অৰ্জ্জুন! জ্বলা-জুয়ে যেনেকৈ কাঠখৰি আদি পুৰি ছাই কৰে, জ্ঞান-জুয়ে তেনেকৈ কৰ্ম্মৰাশিক ছাই কৰে। ইহলোকত

আত্মজ্ঞানৰ সমান আন একোৱেই পৱিত্ৰতাকাৰক নহয়; আন


(১) প্ৰাণ= নিশ্বাস; আপান=প্রশ্বাস। নিশ্বাস আৰু প্ৰশ্বাস দুয়েকো ৰুদ্ধ চিত্তস্থিৰ কৰাৰ নাম প্ৰাণায়াম৷

(২) গীতা, ৪র্থ আধ্যা, ২৯--৩২ শ্লোক৷

(৩) গীতা, ৪ৰ্থ আধ্যা, ৩৩--৩৬ শ্লোক৷