পৃষ্ঠা:গীতাসাৰ.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭। আধ্য।
সংসাৰ-বৃক্ষ তত্ত্বজ্ঞান ।


 সত্ত্ব,ৰজঃ, তমঃ প্রকৃতি বা অবিদ্যা বা মায়াৰ এই তিনিগুণ। সেই গুণৰ ক্রিয়া, আৰু সেই তিনি গুণবিশিষ্ট প্রকৃতি বা মায়া অতিক্ৰম কৰি জীৱাত্মাই কিৰূপে মুক্তিলাভ কৰিব পাৰে তাৰ তত্ত্ব ব্যাখ্যা কৰি উঠি, সেই প্রকৃতি বা মায়াৰ সংসাৰ-তত্ত্বজ্ঞানৰ অধিকাৰী হবলৈ নিষ্পাপ মহাবাহু অৰ্জ্জুনক উপযুক্ত বিবেচনা কৰি, তত্ত্বদৰ্শী ভগৱান শ্ৰীকৃষ্ণই সেই গুহতম তত্ত্বব্যাখ্যা দিবলৈ এই বুলি আৰম্ভ কৰিলে, “হে অৰ্জ্জুন ! মায়া-জনিত এই সংসাৰৰূপ অশ্বত্থ (১) বৃক্ষৰ মূল-শিপা ওপৰলৈ,অর্থাৎ আকাশ-মুখীয়া ; ইয়াৰ ঠাল-ঠেঙ্গুলি তললৈ, অর্থাৎ মৰ্ত্ত্যমুখীয়া; কর্মকাণ্ডৰূপ বেদ ইয়াৰ পাত-কোঁহ ইত্যাদি; আৰু ই অব্যয়। যি এই সংসাৰ ৰূপ বৃক্ষৰ তত্ত্ব ঢুকি পাইছে তেঁৱেই বেদবেত্তা ৷ প্ৰকৃতিৰ আৱৰণ তিনি গুণৰ সাৰশক্তিৰেই এই সংসাৰ-বৃক্ষ পৰিবৰ্দ্ধিত। ইয়াৰ ঠাল-ঠেঙ্গুলি,পাত-কোঁহ আদি উৰ্দ্ধ আৰু অধো দুয়ােদিশে বিস্তৃত; অর্থাৎ কুকৰ্ম্মী জীৱাত্মাৰ শাখা অধােমুখে, ধর্ম্মাত্মাৰ শাখা উর্ধ্বমুখে পাহ মেলি বাঢ়ে । সংসাৰ-বিষয়জাল ইয়াৰ পাত, আৰু বাসনা ইয়াৰ মূল ৷”(২)

——————————————————————————————————————————————————————————————————————  (১) যি নশ্বৰ, যাৰ স্থিতি বিশ্বাস কৰা নাযায় সেয়ে অশ্বৰ। গতিকে, এই অনিত্য সংসাৰক অস্থায়ী অশ্বত্থ বৃক্ষৰ লগত ৰিজনি দিয়া হৈছে ।

 (২) গীতা ১৫শ, আধ্যা, ১-২ শ্লোক ।