পৃষ্ঠা:গীতাসাৰ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৷ আধ্যা ৷
জ্ঞানযোগ আৰু কৰ্ম্মযোগ ৷


 ইমানলৈকে শ্ৰীকৃষ্ণদেৱৰ ধৰ্ম্ম আৰু কৰ্ম্ম ব্যাখ্যা একান্তমনেৰে শুনি শুনি অৰ্জ্জুন বৰঞ্চ বিমােৰ হে হল; তেওঁ কৰ্তব্যবিমােৰ হৈ অগত্যা শিষ্যৰ প্রগাঢ় ভক্তিৰে ভগৱান বাসুদেৱক পুনৰপি এই বুলি প্ৰশ্ন কৰিলে,“হে জনাৰ্দ্দন!(১) যদি তােমাৰ মতে নিষ্কাম ধৰ্ম্মতকৈ আত্মজ্ঞান শ্রেষ্ঠতৰ হয়, তেন্তে, হে কেশৱ ! এই ঘােৰ হিংসাজনক কাৰ্য্যলৈ (উপস্থিত ৰণলৈ) মােক কিয় উদগনি দিছাঁ ? মই তােমাৰ শৰণাগত শিষ্য। এতেকে, হে ভকতবৎসল ! যাতে মই সহজে আৰু ঠাৱৰকৈ মঙ্গল বা মুক্তিলাভ কৰিব পাৰোঁ তাকে নিশ্চয়কৈ মােক উপদেশ দিয়াঁ । কেতিয়াবা কামৰ, কেতিয়াবা জ্ঞানৰ শ্ৰেষ্ঠতা দেখুৱাই সানমিহলিকৈ জ্ঞানােপদেশ দি তুমি মােক মােহভ্রান্ত কৰিছাঁ মাথােন। তােমাৰ ব্যাখ্যাত এহাতে বৈদিক নিষ্ঠাৰ লাঘৱতা প্রকাশ পাইছে, আনহাতে বেদনিষ্ঠা তৎপৰতা ধৰা পৰিছে; এহাতে নিবৃত্তি মাৰ্গৰ উপদেশ দিছাঁ, আনহাতে প্রবৃত্তিমার্গ মােকই দিছাঁ ৷ মই ইয়াৰ একো তৎ ধৰিব পৰা নাই । একে সময়তে একেজন মানুহে বিৰুদ্ধ ধৰ্ম্মৰ কৰ্ম্ম আৰু জ্ঞানৰ কেনেকৈ অধিকাৰী হব পাৰে নুবুজিলোঁ। হে কেশৱ ! এই সমস্যা ভাঙ্গি মােক উজুকৈ বুজাই দিয়াঁ ।”(২)

——————————————————————————————————————————————————————————————————————

 (১) বাঞ্ছিত বস্তুপ্ৰাপ্তিৰ অৰ্থে যাৰ ওচৰত যাচ্‌ঞা কৰা যায়,তেওঁকে জনাৰ্দ্দন বোলে ৷ জ্ঞানতত্ত্ব আৰু মুক্তি বাচ্‌ঞাকাৰী অৰ্জ্জুনৰ মানত শ্ৰীকৃষ্ণ সেই জনাৰ্দ্দন ৷

 (২) গীতা, ৩য় আধ্যা, ১-২ শ্লোক ৷