পৃষ্ঠা:গীতাসাৰ.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭০
গীতাসাৰ
 
 

প্রক্ষেপ কৰোঁ; তাৰেপৰা সমস্ত ভৌতিক জগতৰ উৎপত্তি হয়। হে কুন্তীনন্দন! দেৱ, পিতৃ, মনুষ্য, পশু আৰু বৃক্ষাদি যি কোনাে যােনিতেই জীৱ উৎপন্ন নহওক, প্রকৃতি আৰু পুৰুষ, বা ঈশ্বৰ আৰু মায়াৰ সংযােগেই সেই সমুদায়ৰ মূলকাৰণ ; পুৰুষৰ অবিহনে প্রকৃতিয়ে আৰু প্ৰকৃতিৰ অবিহনে পুৰুষে স্বতন্তৰীয়াকৈ একোকে উৎপন্ন কৰিব নােৱাৰে। হে মহাবাহো ! প্রকৃতিজাত সত্ত্ব, ৰজ, তম এই তিনি গুণে অবিনাশী জীৱাত্মাক দেহৰ মধ্যত আৱদ্ধ কৰি ৰাখে। হে নিষ্পাপ অৰ্জ্জুন ! অন্তঃকৰণৰ সত্ত্বগুণে জ্ঞানেন্দ্ৰিয়ৰ সাহায্যত ৰূপ, ৰস, গন্ধ, স্পর্শ বিষয়ক বিশেষ বিশেষ পৃথক্ জ্ঞান জন্মায়, আৰু সেই জ্ঞানতৃষ্ণ নিবৃত্তিৰ নিমিত্তেই দেহাৰ মাজত জীৱাত্মক প্রবৃত্ত কৰে। হে কুন্তীনন্দন । ৰজোগুণ তৃষ্ণা (১) আৰু আসঙ্গ (২) উৎপাদক; সেই ৰজোগুণে জীৱক অনুৰাগৰ বশবৰ্ত্তী কৰি নানা কাৰ্য্যত প্রবৃত্ত কৰে; সেই সূত্ৰতে জীৱ বন্ধনগ্রস্ত হয়। হে ভাৰত ! তমােগুণ আৱৰণ শক্তি-স্বৰূপ অজ্ঞানজাত; ই সতত্ অসৎ ভ্ৰম জন্মায়; অবস্তুত বস্তুবুদ্ধি, যত্ন-চেষ্টাদিৰ সময়ত নিদ্রা-তন্ত্রাদি ঘটাই জীৱাত্মাক অজ্ঞান-আন্ধাৰত আৱদ্ধ কৰি ৰাখে। সত্ত্ব গুণে জীৱাত্মাক সুখত প্ৰৱৰ্ত্তায়, ৰজোগুণে কৰ্ম্মত মগ্ন কৰে, তমােগুণে আত্মজ্ঞানক ঢাকি ধৰি প্রমাদ(৩) ঘটায়। একেজন মানুহকে কেতিয়াবা সাধু, কেতিয়াবা অসাধু,

———————————————————————————————————————————————————————————————————————— (১) অপ্রাপ্ত বস্তু পাবলৈ হােৱা হাবিয়াসকে তৃষ্ণা বােলা যায়।

(২) প্রাপ্ত বস্তু বিনষ্ট হলেও তাক পাবলৈ আৰু ৰক্ষা কৰিবলৈ হোৱা ধাউতিক আসঙ্গ বোলা যায় ।

(৩) কর্ত্তব্যজ্ঞান বিদ্যমান থকাৰ মূলতো আচল সময়ত তাক পাহৰাকে প্ৰমাদ বোলা যায় ৷