সামৰণিত পৰম গুৰু শ্ৰীকৃষ্ণই পৰম প্রিয়-শিষ্য অৰ্জ্জুনক এই বুলি শেষ উপদেশ দিলে, “হে অৰ্জ্জুন! মই তােমাৰ আগত গুহ্যাতিগুহ্য আত্মজ্ঞান (১) ব্যাখ্যা কৰিলোঁ । এতিয়া সেই ব্যাখ্যাৰ আদিৰপৰা অন্তলৈকে অতি গভীৰ ভাৱে সুমৰি চাই তুমি যেনে যুগুত বিবেচনা কৰাঁ, তাকে কৰাঁ । হে অৰ্জ্জুন ! তুমি সমুদায় ধৰ্ম্মৰ অনুষ্ঠান (২) সাৰ কৰি কেৱল ভগৱানৰ শৰণাগত হােৱাঁ, তেনেহলেই তুমি সৰ্ব্ব-পাপৰপৰা মুক্তি পাবাঁ যে তাত সংশয় নকৰিবাঁ (৩)। হে অৰ্জ্জুন ! তােমাৰ হিতার্থে যি গুহ্যাতিগুহ্য গীতা ব্যাখ্যা কৰিলোঁ, এই ব্যাখ্যা-
(১) মন্ত্র-তন্ত্র মণি-ৰসায়নাদি গুহ্যপদার্থতকৈও আত্মজ্ঞান গুহ্যতম । কিয়নাে, মণিমন্ত্ৰাদিয়ে অনিত্য সাংসাৰিক সুখ মাথোন লাভ কৰায়, কিন্তু আত্মজ্ঞানৰ প্ৰভাৱত জীৱই ব্ৰহ্মানন্দৰূপ নিত্যসুখ লাভ কৰে ।
(২) 'সর্ব্বধৰ্ম্মান্ পৰিতাজ্য' বোলোঁতে 'সৰ্ব্বকৰ্ম্মসন্যাস' বুলি বুজিব নালাগে । কিয়নো, ভগৱানৰ শৰণাগত হােৱাও এক ধৰ্ম্ম । গতিকে, ইয়াকে হে বুজিব লাগে যে, সর্ব্বধর্ম্ম পৰিত্যাগ কৰিলেও যি পাপ হব পাৰে, ভগৱানৰ শৰণাগত হলে তেনে পাপৰো প্রায়শ্চিত্ত হয়।— শ্ৰীধৰস্বামীকৃত টীকা ।
(৩) সর্ব্বধৰ্ম্মান্ পৰিত্যজ্য মামেকং শৰণং ব্ৰজ ।
অহং ত্বা সর্ব্বপাপেত্যো মোক্ষদিব্যামি মা গুচঃ ।।
—গীতা, ১৮শ আধ্যা, ৬৬ শ্লোক ৷