পৃষ্ঠা:গীতাসাৰ.pdf/৩০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

 নিষ্কাম ধৰ্ম্মৰ আভাস মাত্ৰ দি আৰু তাৰ দৃঢ় ভেটীত থিয় কৰাই লৈ অৰ্জ্জুনক ভগৱান শ্ৰীকৃষ্ণই বিশদ ভাৱে এই বুলি কাৰ্য্যকৰী উপদেশ দিয়ে,—“হে অৰ্জুন! কৰ্ম্মত মাথোন তোমাৰ অধিকাৰ আছে; কিন্তু কৰ্ম্মফলত কেতিয়াও তোমাৰ অধিকাৰ নাই। এতেকে, ফল কামনাৰে সৈতে কৰ্ম্মত প্ৰবৃত্ত হবলৈ যেন তোমাৰ প্ৰবৃত্তি নজন্মে, আৰু কৰ্ম্ম পৰিত্যাগ কৰিবলৈকো যেন তোমাৰ ধাউতি নহয়। কিয়নো, নিষ্কাম কৰ্ম্মৰ দ্বাৰাই চিত্তশুদ্ধি লাভ হয়, আৰু চিত্তশুদ্ধিৰ দ্বাৰাই আত্মজ্ঞানৰ উদয় হয়। এই আত্মজ্ঞান নজন্মিলে ব্ৰহ্মজ্ঞান বা পৰমাত্মা লাভ নহয়। এতেকে, হে ধনঞ্জয়! তুমি যোগস্থ হৈ ফল কামনা বৰ্জ্জন কৰি সিদ্ধি আৰু অসিদ্ধিৰ প্ৰতি সমদৃষ্টি ৰাখি (অৰ্থাৎ তাৰ প্ৰতি আওকাণ কৰি) কৰ্ত্তব্য কৰ্ম্মৰ অনুষ্ঠান কৰাঁ। এনে সাম্যভাৱকে যোগ বোলে। অৰ্থাৎ, হৰ্ষ-বিষাদৰ সমতাই যোগ; তুমি এই যোগত অৱস্থিত হৈ কৰ্ম্মানুষ্ঠানত ধৰাঁ। আৰু ইয়াকো জানিবাঁ যে, কাম্যকৰ্ম্ম নিষ্কাম কৰ্মতকৈ বহুগুণে নিকৃষ্ট; তদুপৰি ফলাকাঙ্ক্ষী কৰ্ম্মীগণে সততে কৃপণালিৰ চিনাকি দিয়ে। সিবিলাকে ফললাভৰ সামান্য কামনা বৰ্জ্জন কৰিব পাৰিলেই পৰমাত্মা লাভৰূপ মোক্ষপ্ৰাপ্ত হব পাৰে। এতেকে, তুমি পৰমাত্ম বুদ্ধিৰ আশ্ৰয় লৈ নিষ্কাম কৰ্ম্ম সাধনলৈ অগ্ৰসৰ হোৱাঁ। আৰু জানিবাঁ যে, পৰমাত্মজ পুৰুষৰ মানত ইংশোকৰ পাপ আৰু পৰলোকৰ পুণ্য দুয়ো সমান। অৰ্থাৎ দুইৰো প্ৰতি তেওঁ আওকণীয়া। এতেকে, তুমি সাম্যভাৱযুত যোগৰ অৰ্থে নিষ্ঠাবান্ হোৱাঁ; কিয়নো কৰ্ম্মৰ ভিতৰত বুদ্ধিযুত কৰ্ম্ম-কৌশলেই আচল যোগ।” (১)


 (১) গীতা, ৩ য় আধ্যা, ৪৭—৫০ শ্লোক।