পৃষ্ঠা:গীতাসাৰ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাতনি।

 ভগৱান্‌ শ্ৰীকৃষ্ণই প্ৰিয়তম সখি-শিষ্য অৰ্জুনক কুৰুক্ষেত্ৰ মহাৰণত প্ৰবৃত্ত কৰাবলৈ উদগনি দিয়াৰ লাচতে যেনেকৈ গুহ্যতম গীতশাস্ত্ৰ ব্যাখ্যা কৰিলে, তেনেকৈয়ে প্ৰভুপাদ এই লেখকেও শ্ৰীকৃষ্ণ-চৰিতাখ্যান অসমীয়া ভাষাত লিপিবদ্ধ কৰাৰ লাচতে ভগৱানৰ স্বপ্ৰচাৰিত কৃষ্ণধৰ্মৰ সাৰমৰ্ম্ম এই “গীতাসাৰ” যুগুত কৰি উঠে। ইয়াৰ অন্যতম উদ্যোক্তা কাৰণ হৈছে, গোটাচেৰেক অভাবনীয় বিয়োগ-শোকৰ মৰ্ম্মাহত ছেপা লাঘৱ কৰাৰ উপায় অন্বেষণত;—এই জীৱনৰ আদি আৰু মাজ ছোৱাত ওপৰ-উপৰিকৈ বিয়োগ-সন্তাপ সহনৰ ওপৰঞ্চি স্বৰূপ, শেহছোৱাৰ জীৱন- সন্ধিয়াত দুটি চেনেহৰ ভাগিন (৺চন্দ্ৰকান্ত আৰু ৺ইন্দ্ৰকান্ত সন্দিকৈ তনয়যুগল) আৰু দুটি চঞ্চল ডেকা সাদৰী জোৱাঁই (৺হৰিনাথ গগৈ বি, এল, উকীল আৰু ৺ৰোহিনীকান্ত হাতীবৰুৱা বি-এ, এম-এল-চি,) এই চাৰিটি প্ৰাণপ্ৰতিম প্ৰাণীক অকালত হেৰুৱাই, শোকত আকুল হৈ, সেইশোক-তাপ শাম কটাবৰ অৰ্থে, কৃষ্ণদত্ত মহৌষধি গীতা পান কৰাৰ ফলত, এই “গীতাৰ” উদ্ভৱ হয়। এনেহেন দেৱদুৰ্ল্লভ মহৌষধি গুণত লেখকে যি মহোপকাৰ উপভোগ কৰিছে, তাৰ ভাগ স্বৰূপ সেই সঞ্জীৱনী সুধা অসমীয়া জনসাধাৰণ সবাৰে যাতে ইচ্ছা কৰিলেই উপভোগ কৰিবলৈ সুচল পায়, সেই অৰ্থে, এই ভগৱৎ সম্ভাৰ ৰাইজৰ আগলৈ আগবঢ়োৱা হৈছে।—ইতি।

‘পদ্মকুটীৰ, তেজপুৰ, অসম।
১ শাওণ, ১৮৫৭ শঁক।
প্ৰভুপাদ,
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা।