কৰিব, সেই তত্ত্ব উপলব্ধি কৰিব পাৰিলে তােমাৰ জানিবলৈ আৰু একো বাকী নাথাকিব (১)। সহস্র সহস্র মানুহৰ মাজত হয়তো এজনে জ্ঞান লাভৰ অর্থে যত্ন কৰে, আৰু তেনে সহস্ৰ সহস্র যত্নকাৰীৰ মাজত হয়তো কেতিয়াবা কোনােবাই পৰমাত্মাৰ স্বৰূপ তত্ত্বজ্ঞান লাভ কৰিব পাৰে । মাটি, পানী, জুই, বায়ু, আকাশ, মন, বুদ্ধি আৰু অহঙ্কাৰ এই আঁঠ (২)বিধ মােৰ (৩) অর্থাৎ পৰমাত্মাৰ পৃথক্ প্রকৃতি। কিন্তু, এই আঁঠবিধ মােৰ (পৰমাত্মাৰ) জড় প্রকৃতি, ইয়াৰ উপৰিও পৰমাত্মাৰ (পৰমেশ্বৰৰ) চেতন প্রকৃতি আছে; সেই চেতন প্রকৃতিয়েই অচেতন প্ৰকৃতিৰ জগতক ধাৰণ কৰি থৈছে । এই প্রকৃতিযুগলৰ সামঞ্জস্যতে জীৱসমূহৰ সৃষ্টি; আৰু ময়ে (পৰমেশ্বৰেই) জগতৰ উৎপত্তি আৰু প্ৰলয়ৰ কাৰণ ৷ হে ধনঞ্জয় ! জগতৰ কোনো বস্তুৱেই মোতপৰ (ঈশ্বৰতকৈ) শ্রেষ্ঠ, বা মোৰপৰা (পৰমাত্মাৰপৰা) স্বতন্ত্র নহয়; সূতাত যেনেকৈ মণিধাৰ গঁথা থাকে, জগতখন মােত্ তেনেকৈ জৰিত হৈ আছে । হে কুন্তীনন্দন ৷ মই (পৰমাত্মা) পানীত ৰস, চন্দ্র-সূৰ্য্যত প্রভা, সৰ্ব্ববেদত ওঙ্কাৰ(ওঁ),
———————————————————————————————————————————————————————————————————————— (১) জ্ঞানৰ বলত ব্ৰহ্মবস্ত্ৰ বুজিব পাৰিলে, আৰু বিজ্ঞানৰ দ্বাৰাই পৰমাত্মাক অনুভৱ কৰিব পাৰিলে, জীৱৰ জানিবলৈ আৰু একো বাকী নাথাকে ৷
(২) সাংখ্যমতত্ত্ব ষোল বিধ বস্তু; যেনেঃ-ক্ষিতিপিগ, তেজ, মৰুৎ, ব্যোম; পঞ্চ জ্ঞানেন্দিয়, পঞ্চ কৰ্ম্মেন্দ্ৰিয়, আৰু মন ৷
(৩) ভগৱান শ্ৰীকৃষ্ণই নিজাত্মাত পৰমাত্মাক প্ৰতিবিম্বিত কৰি “অহং” “দে” “সাধ” ইত্যাদি শব্দ ব্যৱহাৰ কৰাৰ তত্ত্ব ওপৰত ব্যাখ্যা কৰা হৈছে ৷ ভগৱান বাসুদেৱে নিজে নিজত ঈশ্বৰত্ব কাটিতো আৰোপ কৰা নাই যদিও, ভক্ত শিষ্য অৰ্জ্জুনে সৰ্ব্বশাস্ত্ৰজ্ঞ, সৰ্ব্বতত্ত্বজ্ঞ, পূৰ্ণব্ৰহ্মজ্ঞ, জ্ঞান-বিজ্ঞানৰ আধাৰ শ্ৰীকৃষ্ণক সাক্ষাৎ ঈশ্বৰ স্বৰূপ দেখে; গতিকে পৰমাত্মাৰ ব্যাখ্যাত ভগৱান শ্ৰীকৃষ্ণই পৰমাত্মাৰ ঠাইত আত্মস্থিতি দেখুৱাই “মই” “মোৰ” “মোত” শব্দেৰে উদাহৰণ দিছে ৷