আত্ম-জীৱনী (দেবৰাজ ৰায়)

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
আত্ম-জীৱনী
লেখক দেবৰাজ ৰায়
[ i ]
 

আত্ম-জীৱনী


 

শ্ৰীদেবৰাজ ৰায়

বগীঢলা, (গোলাঘাট)

অসম।

 

১৯৪০ সন

 

[ ii ]
 

প্ৰকাশকৰ নিবেদন

 

 জীৱনি লিখকে শেহত লিখা কথাৰ পৰাই দেখা যায় যে, কিতাপ বুলি এই জীৱনি লিখিবলৈ তেখেতৰ মনো নাছিল আৰু যি লিখিলে তাকে এইদৰে ছপাই প্ৰকাশ কৰিবৰ আগ্ৰহ নাছিল। কিন্তু হাতৰ লিখাখিনি ছপাই উলিয়ালে সি বেছি স্থায়ী হব আৰু আমাৰ পৰিয়ালতে আবদ্ধ নাথাকি বাহিৰতে কিছু প্ৰচাৰ হব আৰু কাৰোবাৰ কিবা উপকাৰতো আহিব পাৰে বুলি ভাবি ছপাই উলিওৱা হল। ইতি—

 
গোলাঘাট
১৫ জুলাই, ১৯৪০ সন
শ্ৰীমহেন্দ্ৰ নাথ ৰায়
প্ৰকাশক
 

[  ]
 

আত্ম-জীৱনী


 

উপৰি পুৰুষসকলৰ পৰিচয়

 মোৰ উপৰি পুৰুষসকলৰ বাসস্থান যুক্ত প্ৰদেশ। পিতামহ ৺ললক ৰায় বৃটিঃশ সৈন্য বাহিনীৰ এজন সৈনিক হৈ আহি আসাম দেশত মৃত্যু হয়। তেখেতৰ জ্যেষ্ঠ পুত্ৰ আৰু মোৰ শ্ৰদ্ধেয় ৺পিতৃদেৱ আসাম ৰাইফলছৰ ৪২ নং ৰেজিমেণ্টৰ সৈনিক শ্ৰেণীত ভুক্ত হৈ আসাম দেশলৈ আহে। ১৮৫৬ সনত ২০০ মান চিপাহীৰে গোলাঘাটত হাবিলদাৰ হৈ আছিল। গোলাঘাটত ৮/১০ বছৰ হাবিলদাৰ হৈ থাকোতেই স্বৰ্গীয় ৰায় বাহাদুৰ হৰনাথ পৰ্ব্বতীয়া বৰুৱা আৰু আমোলাবিলাকৰ সৈতে তেখেতৰ বৰ বন্ধুতা হৈছিল। তেওঁলোকৰ সহায়তে মোৰ পূজনীয় ৺মাতৃদেবীক পত্নী স্বৰূপে ৰাখে। তেখেত যোৰহাটৰ ৺ৰুপছিং সুবাদাৰৰ জীয়েক; জাতিত কলিতা।

 

মাতৃৰ পৰিচয়

 মোৰ আইৰ পিতাক ৰুপছিং সুবাদাৰ মুছলমানে আসাম আক্ৰমণ কৰোতে বন্দী হোৱাই নে স্ব ইচ্ছাই আসামলৈ অহা, কোনেও কব নোৱাৰে; কিন্তু কোনোবা বৰফুকন এঘৰৰ ছোৱালী নি ইয়াত স্থায়ী ভাবে বসতি কৰি আছিল। [  ] তেওঁৰ বংশ-পৰিয়াল বা কোনো মিটিৰ-কুটুম দেশতো নাছিল। অহম ৰজাৰ আমোলত বৰ সুখ্যাতিৰে ৰজাদিনৰ সুবাদাৰী কাম কৰিছিল। আইৰ বাহিৰে তেওঁলোকৰ কোনো সতি-সন্তান নাছিল। বুঢ়ী আইৰ বংশ-পৰিয়ালবিলাক মান-ভগনত কোন কলৈ গ’ল, কাৰো খোজ খবৰ নহল। তেওঁলোকৰ মৃত্যুৰ পাছত আই অকলসৰীয়া হৈ থাকোতেই পিতাই বিয়া নকৰোৱাকৈ আনিলে।

 উক্ত সৈন্য বিভাগৰ ৰেজিমেণ্ট ডিব্ৰুগড়লৈ বদলি হৈ যায়। তাতে মোৰ ১৮৭১ সনৰ মাঘ মাহত জন্ম হয়। ১৮৭৩ সনত ৰেজিমেণ্ট পুনৰ কামৰূপলৈ বদলি হয়। ১৮৭৬ সনত কামৰূপৰ পৰা শ্বিলঙ্গলৈ, ১৮৮০ সনত শ্বিলঙ্গৰ পৰা কহিমালৈ আৰু ১৮৮১ সনত কহিমাৰ পৰা ডিব্ৰুগড়লৈ ৰেজিমেণ্ট বদলি হৈছিল। শ্ৰদ্ধেয় ৺পিতৃদেৱে সকলো ঠাইতে অতি দক্ষতাৰে কাম কৰি অবশেষত গবৰ্ণমেণ্টৰ পৰা পেন্সন্ লয়। পেন্সন্ লৈ আহি গোলাঘাটত কিছুদিন থাকেহি। ৺পিতৃদেৱ অতি সৎসাহসী আৰু সৰবৰহী লোক। তেখেতব অমায়িকতা গুণেৰে সকলোকে মুগ্ধ কৰিব পাৰিছিল।

 আসামৰ নানা ঠাইত ফুৰি ফুৰোতে মাৰোৱাৰীসকলৰ বেহা-বেপাৰত লাভ দেখি ৺পিতৃদেৱেও ৰঙাজান বাগিচাৰ ওচৰত সহোদৰ ভায়েকৰ হতুৱাই এখন দোকান দিয়াইছিল। সেই দোকানতে আহি দোকান চলাবলৈ ধৰিলে। দোকানৰ কাৰবাৰত যথেষ্ট লাভ কৰিছিল। মাটি-বাৰী আৰু হাতী লৈছিল। তাৰ উপৰি মহাজনৰ ঘৰত ৮।১০ হেজাৰ টকা জমা ৰাখিছিল।
[  ]  শ্ৰদ্ধেয় ৺পিতৃদেৱ সকলো বিষয়ে ভাল আছিল যদিও তেখেত বৰ স্ত্ৰৈণ্য আৰু আত্মজ পুত্ৰৰ প্ৰতি নিৰ্দ্দয় আছিল। বিমাতৃৰ কথা পেলাব নোৱাৰি জ্যেষ্ঠ পুতেকক সগৰ্ভা ভাৰ্য্যাসহ দিগবাসে খেদাইছিল। বিমাতৃৰ চক্ৰান্তত পৰিয়েই ৺শ্ৰদ্ধেয় মাতৃদেবীক পুত্ৰহাৰ কৰি পৰিত্যাগ কৰিবলৈ বাধ্য হৈছিল।

 মৃত্যুৰ ইতিপূৰ্ব্বেই সকলো সম্পত্তি উইল কৰি বিমাতৃক দি গৈছিল। ৺বিষ্টু উকিলে উইল কৰোতে অনেক কোৱাতহে মোৰ নামে এহেজাৰ টকা উইলত লেখে।

 

পিতৃদেৱৰ কাৰ্য্য পৰিচয়

 শ্ৰদ্ধেয় ৺পিতৃদেৱ সৈনিক বিভাগত থকা সময়ত আসামলৈ অহা-যোৱা কৰা অত্যন্ত দুৰ্গম আছিল। তাতে আকৌ সৈনিকসকলৰ থকাৰ কোনো স্থিৰতা নাছিল। কোন দিন কোন মুহূৰ্ত্তত কোন সৈনিক কলৈ যাব লাগে একো নিৰ্ণয় নাছিল। তেনে অসুবিধাহ পৰি ৺পিতৃদেৱে আমাৰ শ্ৰদ্ধেয়া মাতৃক ২য় পত্নী স্বৰূপে ৰাখিবলৈ বাধ্য হৈছিল। এই নিঃকিনক জন্ম দিয়াবলৈকে ভগবানে ইচ্ছা কৰি সিবিলাকৰ মিলন ঘটালে।

 দেশত ৺পিতৃদেৱৰ বিয়া কৰোৱা পত্নী আছিল। তেওঁ ছোৱালী এটিৰ মাতৃ হওতেই পিতৃ আসামলৈ আহে। মোৰ জন্মৰ চাৰি বছৰৰ পাছত দেশ সুস্থিৰ হোৱাত বিমাতৃ আহি গুৱাহাটীত আমাৰ লগ হয়হি।
[  ]  এইদৰে কিছুদিন থকাৰ পাছত উভয় মাতৃৰ ভিতৰত মনোমালিন্য ঘটে। ক্ৰমাৎ উভয়ৰ মনোমালিন্য বেছি হোৱাত বিমাতৃৰ বশীভূত হৈ পিতৃদেৱে আমাৰ মাতৃক পুত্ৰহাৰা কৰি চিৰদিনলৈ বিদায় দিলে। এই খবৰ পাই যোৰহাটৰ পৰা বৰালী খোৱা মোমায়ে তেওঁৰ ঘৰলৈ আনিলেগৈ। ৺মাতৃ দেবীয়ে বিমাতৃৰ হাতত আমাক এৰি আহি নিজ আত্মীয়-স্বজনৰ ঘৰত অতি কষ্টেৰে জীৱন যাপন কৰিছিলহি।

 যিদিনা আমি মাতৃহাৰা হৈছিলো, সেই দিনা আমাৰ বিলৈ দেখা-শুনাবিলাকে দেখিছিল, আৰু ভুক্তভোগীসকলে অনুভব কৰিব পাৰিছিল; কিন্তু কোনেও নেজানিছিল যে, ভবিষ্যতে আমাক একোটা মানুহ কৰিবলৈ ভগবানে ইচ্ছা কৰি বিমাতৃৰ দ্বাৰাই সকলো প্ৰকাৰ তাড়না দিয়াই অভিজ্ঞ কৰিছে। হে ভগৱান, তোমাৰ কি অসীম কৰুণা!

 ৺স্বৰ্গীয়া মাতৃক পৰিত্যাগ কৰাৰ পাছত ১৭৮৬ সনত ৺পিতৃদেৱৰ ৰেজিমেণ্ট শ্বিলঙ্গলৈ বদলি হোৱাত আমাক লগত লৈ যায়। তাত দুবছৰ থাকোতেই কাবুলৰ যুদ্ধ হয়। সেই যুদ্ধালৈ ৪৪ নং ৰেজিমেণ্ট পঠাইছিল। এই ফৌজ গোৱালন্দ পাওঁতেই আসামত নগা যুদ্ধ আৰম্ভ হল। নগাবোৰে নিছগাৰ্ডৰ কিলাত ২ জন ছাহাব ৪৩ নং ৰেজিমেণ্টৰ চিপাহী আৰু পুলিছক আবদ্ধ কৰি ৰাখিছিল। এই খবৰ বিজুলি ডাকেৰে শ্বিলং পোৱা মাত্ৰে কমাণ্ডিং অফিছাৰে কাবুল যুদ্ধলৈ পঠোৱা সৈন্যবোৰক ঘূৰি আহিবলৈ আৰু শ্বিলঙ্গত থকা সৈন্যবোৰৰ পেৰেড হৈ যোৱা মাত্ৰে জামাদাৰ, সুবাদাৰ আৰু কৰ্ণেল আদি সহ আহি শাৰি পাতিবলৈ হুকুম দিলে। [  ] যুদ্ধত যেনে হুকুম তেনে কাম। তাত কোনেও নূই-নাই কৰিব নোৱাৰে। কৰিলে উগ্ৰ দণ্ডবিধান। সকলোৱে আহি শাৰি পাতিলত বিকুলেৰে কৈ দিলে যে, লগত খাছীয়া কুলি লৈ ৫০০ চিপাহী গধূলি হোৱাৰ লগে লগে কহিমালৈ ৰাওণা হব লাগে। ৪৪ নং ৰেজিমেণ্টৰ চিপাহীবোৰে হুকুম পোৱা মাত্ৰে গোৱালণ্ডৰ পৰা উলটি কহিমালৈ ৰাওণা কৰিলে।

 এই খবৰ ওলোৱা মাত্ৰে শ্বিলং চহৰত হুলস্থুল লাগিল। কেইওফালে কুলি ধৰাৰ ধৰ পাকৰ আৰু লৰা তিৰুতাৰ কান্দোনৰ ৰোল উঠিল। যেতিয়া বেণ্ড বজাই চিপাহাবোৰে মাৰ্চ্চ কৰিলে আৰু কুলিবোৰে পিঠিত বোজা লৈ যাব ধৰিলে, তেতিয়া লৰা তিৰোতাৰ কান্দনত খলক লাগিছিল যদিও চিপাহীবোৰে বেণ্ড বজাই মাৰ্চ্চ কৰি যোৱা দেখিবলৈ বৰ আনন্দদায়ক হৈছিল।

 এই যুদ্ধৰ সময়ত আমাৰ পিতৃদেৱৰ গাত খাজনা গেৰাজৰ ভাৰ থকাত যুদ্ধলৈ যোৱা নাছিল। চিপাহীবোৰক আগবঢ়াই থবলৈ বৰপানী বোলা ঠাইলৈকে গৈছিল। তালৈকে লগত মোকো নিছিল। প্ৰায় দুবছৰ নগা যুদ্ধ লাগি আছিল। যুদ্ধ শেষ হলত নগা হিলৰ কহিমাত হেড্ কোৱাৰ্টাৰ পাতি আমাৰ ৰেজিমেণ্ট বদলি কৰিলে। এইবাৰ আমাৰ পিতৃদেৱো যাব লগা হল। ৰেজিমেণ্টৰ লৰা ছোৱালীবিলাক গোলাঘাটত কেম্প কৰি থৈ গল।

 যিবোৰ চিপাহীৰ লৰা তিৰুতা আৰু গৰু গাই আছিল, সেইবোৰ এসপ্তাহৰ আগতে গুৱাহাটী কেম্পলৈ পথাবলৈ হুকুম হোৱাত আমি শ্বিলঙ্গৰ পৰা গুৱাহাটী কেম্পলৈ [  ] আহিলো। তাত এসপ্তাহ থকাৰ পাছত চিপাহীবোৰ আহি আমাক লগত লৈ জাহাজত উঠি নেঘেৰিটিঙ্গত নামিলেহি। নেঘেৰিটিঙ্গৰ পৰা মাৰ্চ্চ কৰি আহি গোলাঘাটৰ চানমাৰী কেম্পত থাকিলহি। ইয়াৰ পৰাই কহিমালৈ ৰাওণা কৰিলে। আমাক চানমাৰী কেম্পত থৈ গল। সকলোবোৰ লৰা তিৰুতা এই কেম্পত দুবছৰ আছিল। নগাহিল নতুন দখল কৰা দেশ। তালৈ অহা যোৱা কৰা বাট আদিৰ অসুবিধাত আমি গোলাঘাটতে থাকিব লগা হৈছিল।

 ১৮৮১ সনত আমাৰ ৰেজিমেণ্ট পুনৰ ডিব্ৰুগড়লৈ বদলি হোৱাত আমাকো ডিব্ৰুগড়লৈ লৈ গ’ল।

 ৺পিতৃদেৱে আমাক লেখা পঢ়া শিকাবলৈ বৰ যত্ন আৰু হেপাহ কৰিছিল। শ্বিলঙ্গত থাকোতে ৰেজিমেণ্ট স্কুলত নাম লগাই দিছিল। গোলাঘাটৰ চানমাৰী কেম্পত থাকোতেহে আমাৰ পঢ়া শুনা নহৈছিল। তেতিয়া ৺পিতৃদেৱ কহিমাতে থকাত আমি বিমাতৃৰ তত্ত্বাবাধনতহে আছিলো। পিতৃদেৱে ছুটি লৈ আহি চানমাৰীত থাকোতে আমাক গোলাঘাট স্কুলত পঢ়িবলৈ নাম লগাই দিছিল। কিন্তু ছুটিৰ অন্তত কহিমালৈ যোৱাৰ লগে লগে আমাৰ পঢ়াও অন্ত পৰিছিল।

 ডিব্ৰুগড় পোৱাৰ পাছত ৺ককাইদেৱক গবৰ্ণমেণ্ট হাই স্কুলত আৰু মোক ৰেজিমেণ্ট স্কুলত নাম লগাই দি পঢ়ুৱাইছিল। তেখেত পঢ়াত যেনে চোকা বুদ্ধিৰ লৰা, কামতো তেনে চালাক চতুৰ আছিল। মই পঢ়াত যেনে ভোদা, কামতো তেনে অকৰ্ম্মণ্য আছিলো। পিতৃদেৱ আৰু [  ] বিমাতৃয়ে দিয়া দুখৰ বোজা বৈ মনত বৰ আনন্দ লাভ কৰিছিলো। এই বোজা বোৱা অভ্যাসৰ কাৰণে আজিও নিজৰ গধূৰ গধূৰ বোজা ববলৈ পৰাঙ্মুখ নহও আৰু লাজ নাপাওঁ।

 

বিমাতৃৰ কাৰ্য্য আৰু স্নেহৰ পৰিচয়

 ৺বিমাতৃয়ে অকল আমাৰ মাতৃদেবীক পুত্ৰহাৰা আৰু স্বামীহাৰা কৰায়ে এৰা নাছিল, ঈৰ্ষা-পৰায়ণ হৈ মাতৃক স্বামীৰ পৰা যেনেকৈ বঞ্চিত কৰালে, আমাকো সেইদৰে পিতাৰ সকলো সম্পত্তিৰ পৰা বঞ্চিত কৰাই উইল লেখাই লৈছিল। পিতাৰ সাক্ষাতত অলপ মৰম-স্নেহ কৰিছিল যদিও অন্তৰত সদায় হিংসাভাব পোষণ কৰিছিল।

 গুৱাহাটী কেম্পত আহি এসপ্তাহলৈ থাকোতেই অন্য লৰাৰ লগত গৰু চৰোৱা ঠাইত গৈ কৰবী ফুলৰ গুটি খাইছিলো। ভাল চোলা কাপোৰ পিন্ধা-উৰা পৰিষ্কাৰ-পৰিচ্চন্ন হৈ ফুৰা-চকা কৰা আমাৰ ভাগ্যত কোনো দিন হবলৈ নিদিছিল। মাৰ্কিন কাপোৰৰ কুৰ্ত্তা হাতেৰে চিলাই কৰি পিন্ধাইছিল।

 গোলাঘাটৰ চানমাৰী কেম্প আৰু চানমাৰী হাবি আমাৰ জীৱনৰ লীলাক্ষেত্ৰ বা আত্ম-নিৰ্ভৰতাৰ শিক্ষা-স্থান আছিল। বিমাতৃয়ে আমাক সদায় পুৱা-গধূলি খোৱা-বোৱা বাচন-বৰ্তন চাফ কৰায়, গৰু চৰাবলৈ দিয়ে, বাহি ঘৰ-দুৱাৰ গোবৰ-জাবৰ অটাবলৈ দিয়ে আৰু খৰি লুৰি আনিবলৈ দিয়ে। অলপ পৰ আজৰি হৈ থকা দেখিলেই জীয়েকক [  ] ওমলাবলৈ কয়। আমাৰ পৰা কাম যিদৰে লয়, খোৱা-বোৱা পিন্ধা-উৰাত তেনে সাৱধান নলয়। খোৱা-বোৱা হওক বা নহওক, তেওঁৰ নিত্য কৰ্ম্ম আমি সদাই কৰি দিবই লাগিব; নহলে আমাৰ ওপৰত নানা প্ৰকাৰ তৰ্জ্জন-গৰ্জ্জন চলিব।

 চানমাৰী হাবিত গৰু চৰাই আহোঁতে মূৰত একো বোজা খৰি লৈ আহিব লাগে, খৰি থৈ গৰু-গাই বান্ধি গৰুক দানা-পানী দিহে আমি ভিতৰ সোমাবলৈ পাওঁ। ইমান দুখ কৰি আহিও আমি কোনো আহাৰ পানী নেপাও; সকলোৰে সময়তহে আমাকে এমুঠি খাবলৈ দিয়ে।

 সৰুতে আমাক জন্মদাতা মাতৃৰ স্নেহৰ পৰা বঞ্চিত কৰালে; এতিয়ানো কোন আমাৰ দুখত দুখীত হব বুলি দুই ভায়ে ভগবানক ধ্যান কৰি সকলো কাম সুচাৰুৰূপে কৰি থাকো। মনত কোনো হৰ্ষ বা বিষাদ নাই।

 বিমাতৃয়ে ভতিজাক এজন লগত ৰাখিছিল। জীয়েকক আৰু তেওঁক যিবোৰ সাজপাৰ আৰু অলঙ্কাৰ-পাতি পিন্ধায়, আমি দেখি অতি মৰ্ম্মাহত হওঁ। মনতে ভাবো আমাৰ আই থকা হলে এইদৰে আমাকো পিন্ধিবলৈ দিলেহেতেন। মনক আশ্বাস দিও— ভাগ্যবানৰ পিন্ধন-উৰণ খাৱন-বোৱনলৈ আকাঙ্ক্ষা নকৰিবি; আমি ভাগ্যহীন আৰু মাতৃহাৰা, সৰুতে আয়ে আমাক দলনিত পোনা এৰাদি এৰি গল।


 
[  ]

পিতৃৰ স্নেহৰ পৰিচয়

 এইদৰে অনেক দুখ-দুৰ্গতি সহ্য কৰি গোলাঘাটত বিমাতৃৰ তত্ত্বাবধানত কাল কটাই কিছু ডাঙৰ দীঘল হৈ আত্মবোধ জন্মিল। পিতা ডিব্ৰুগড়লৈ বদলি হৈ সপৰিবাবে আমাক লৈ গল। তাতে ৺ককাইদেৱৰ বিবাহ হল। ৺পিতৃদেৱে পেন্সন্ লৈ ৰঙ্গাজানলৈ আহি দোকানৰ কাৰবাৰত ধৰিলে। আমি তেখেতৰ সকলো কামৰ সহায় হলো। তেতিয়া আমাৰ ওপৰত বিমাতৃৰ হিংসাভাব ক্ৰমাৎ প্ৰৱল হব ধৰিলে। ৺পিতৃক অনেক প্ৰকাৰৰ কু-পৰামৰ্শ দি ৺ককাইদেৱক দোকানৰ পৰা একেবাৰেই দিগবাস কৰাই খেদোৱালে। লগত সগৰ্ভা তিৰোতা লৈ ৺ককাইদেৱে কান্দি-কাতি দোকানৰ পৰা ওলাই যোৱা দৃশ্যলৈ মনত পৰিলে আজিও হিয়া বিদীৰ্ণ হয়। হায় হায়! এই দৃশ্য দেখি পিতৃ আৰু বিমাতৃৰ কোনো কষ্ট বোধ নহৈছিল। তেওঁ ওলাই যোৱা দৃশ্যত বাটৰ বাটৰুৱা আৰু ওচৰ-চুবুৰীয়াৰ চকুৰ পানী ওলাইছিল। মোৰ হিয়া ভাগি গৈছিল; অনেক দিনলৈ আত্মহাৰা হৈ ফুৰিছিলো।

 ভ্ৰাতৃহাৰা হবৰ দিনাৰে পৰা দোকানৰ সকলো কামৰ ভাৰ মোৰ আৰু গোমস্তা এজনৰ ওপৰত পৰিল। দুখন দোকানৰ সকলো কাৰবাৰ আমিয়েই চলাই ৺পিতৃক চহকী কৰিছিলো। তথাপি আমাৰ ওপৰত বিমাতৃৰ ইৰ্ষা ভাব নুগুচিল। শেষত ৺পিতাৰ তাবৎ সম্পত্তি উইল কৰাই লেখাই ললে।

 অনেক লোকে বঢ়াই বুজাই কোৱাত উইল কৰোতে মোৰ নামে এহেজাৰ টকা লেখি গৈছিল। বিমাতৃয়ে [ ১০ ] তাকে নিদি নানা প্ৰলোভন দেখাই বন্ধ কৰিব খুজিছিল।

 মই অতি কষ্টেৰে পিতাক প্ৰতিপাল কৰিছিলো। মৃত্যুৰ পাছত প্ৰেত কাৰ্য্যাদি আমি কৰিলে ভবিষ্যতে পিতৃ-সম্পত্তিৰ আমি অধিকাৰী হও বুলি ভাবি ৺বিমাতৃয়ে পিতাৰ মৃত্যু হোৱা মাত্ৰে টেলিগ্ৰাম দি ভতিজাকক মতাই আনি প্ৰেতকাৰ্য্য কৰালে।

 বিমাতৃৰ কোপাগ্নিত পৰি জন্মদাতা পিতৃৰ পিণ্ডভাগী হবলৈ নাপাই কায়মনো-বাক্যে তৰ্পণ কৰি ৺পিতৃক কৈছিলো, হে পিতৃ! তুমি আমাৰ জন্মদাতা; বিমাতৃৰ কুমন্ত্ৰণাত মুগ্ধ হৈ আমাক পৰিত্যাগ কৰিছা যদিও আমিহে তোমাৰ পিণ্ডাদি অন্ত্যেষ্টি ক্ৰিয়াৰ অধিকাৰী। অতএব আমাৰ অন্তৰৰ শ্ৰদ্ধা ভক্তিৰে তোমাৰ পিণ্ড দিছো; গ্ৰহণ কৰি পুত্ৰ বুলি আশীৰ্ব্বাদ কৰিবা।

 পিতৃ বিয়োগৰ পাছৰ পৰা বিমাতৃৰ অৱস্থা ক্ৰমাৎ বেয়া হবলৈ ধৰিলে। অবশেষত সকলো সম্পত্তি হেৰুৱাই খেতিৰ কাৰবাৰ কৰাই পেট প্ৰবৰ্ত্তাইছিল। তাকে কৰাই খাবলৈ অসমৰ্থ হোৱাত মোৰ আশ্ৰিত হবলৈ বাধ্য হ’ল। শেষত মোৰ মাতৃৰ লগত মিলমাল হৈ কাল কটাবলৈ ধৰিলে। তেওঁৰ মৃত্যু হোৱাত অন্ত্যেষ্টি ক্ৰিয়া ময়ে সমাধা কৰিলো। ঈশ্বৰৰ কেনে বিচিত্ৰ লীলা! যাক এদিন মাতৃ আৰু ভ্ৰাতৃহাৰা কৰি সকলো সম্পত্তিৰ পৰা বঞ্চিত কৰি খেদাই জন্মদাতা পিতৃৰ পিণ্ডভাগী হবলৈ নিদিছিল, তাকে আজি নিজৰ পিণ্ডভাগী কৰোৱালে!

 
[ ১১ ]

লৰা-কালৰ দুখ-দুৰ্গতি

 আসামৰ ৰাজধানী শ্বিলং চহৰখন চালে চকু ৰোৱা ঠাই। তাৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম। ঠাই খনো বৰ স্বাস্থ্যকৰ, তাত জাৰ বৰ বেছি। সুন্দৰ সুন্দৰ ঘৰ-দুৱাৰ বাট-পদুলিবোৰ দেখিলে মন-প্ৰাণ হৰি যায়। কেণ্টন গাৰ্ডৰ পেৰেড খানাৰ মাজেদি এটা নৰ্দ্দমা আছিল। এদিন দুপৰীয়া বৰষুণ হোৱাত সেই নৰ্দ্দমাত মাছৰ উজান উঠিল। তেতিয়া আমিও শ্বিলঙ্গত আছিলো। মাছৰ উজান উঠিছে বুলি কোৱা শুনি মোতকৈ ডাঙ্গৰ লৰা এটাৰ লগত উজানত মাছ ধৰা চাবলৈ গলো। তেতিয়া মঃ কণ আৰু মঃ বচীয়া নামৰ দুজনী চিপাহীৰ ছোৱালীয়ে মাছ ধৰি আছিল। সিহঁতে কাপোৰ এখন পাতি মাছ ধৰিছিল। মোৰ লগৰ লৰাটোৱে ধেমালিতে মোক ‘পৰ’ বুলি হেচা মাৰি দিওঁতে হঠাৎ মই নৰ্দ্দমাত পৰি উটি গলো। মোৰ লগৰ লৰাটো বিবুদ্ধি হ’ল। সেই মাছ ধৰা ছোৱালী দুজনীয়ে দেখি কাপোৰেৰে জাল পাতি মোক ধৰি বামলৈ তুলিলে; নহলে অলপ ভটীয়াই যোৱা হলেই বৰ সোত বোৱা ডাঙ্গৰ নৈত পৰিলোগৈ হেতেন।

 পানীত তিতি-বুৰি কান্দি-কাতি ঘৰলৈ অহাত বিমাতৃয়ে কাপোৰ-কানি সলাই দি কোলাত তুলি লৈছিল। তাৰ পাছত মোৰ অত্যন্ত জ্বৰ হ’ল। কেইবাদিনো জ্বৰতে মই অজ্ঞান হৈ আছিলো। ৰেজিমেণ্ট হাচপতালত মান্যবৰ ৺আশ্ৰফ হুচেন ডাক্তৰে চিকিৎসা কৰিছিল। তেওঁৰ হাচ্‌পতালত নথকা [ ১২ ] ঔষধ-পাতি পুলিছ হাচ্‌পতালৰ পৰা নি মোক খুৱাইছিল। এইদৰে অনেক দিন চিকিৎসা কৰাৰ পাছতহে মোৰ জ্ঞান আহে আৰু সুস্থ হওঁ। তাত মোক সদাই পাৰব ছুৰুহা খাবলৈ দিছিল। ভাল হৈ আহিলত বিমাতৃয়ে পাৰৰ ঠেং পূৰি খুৱাওঁতেহে মোৰ বেমাৰৰ কথা জানিব পাৰো।

 এদিন চিপাহীবোৰে ব্ৰিগেড মেজৰৰ বঙ্গলাৰ সন্মুখৰ প্লে-গ্ৰাউণ্ডত যুদ্ধৰ আখৰা কৰিছিল। আখৰা কৰোতে বেণ্ড বিকোল আদি নানা বাদ্য বজায়। সেই বাজনাবোৰ বজোৱা শুনিবলৈ বৰ ভাল। মিলিটেৰি স্কুলৰ লৰাবোৰে আখৰা চাবলৈ যোৱাত ময়ো গৈছিলো। আখৰাত চিপাহীবোৰে মাৰ্চ্চ কৰি আহোঁতে আগে আগে লৰাবিলাকো আহিছিল। আহি থাকোতে লগৰ লৰা এটাই মোৰ টুপীটো জোকাৰ মাৰি দিয়াত মাটিত সৰি পৰিল। মই টুপীটো তুলি লওঁ বুলি চাপৰোতেই বেণ্ড বজোৱা এজনে বুটজোতাৰে মুৰতে গছক মৰাত লুটি খাই পৰিলো। ভাগ্যক্ৰমে বিগুল মেজৰৰ চকু পৰাত মাজৰ পৰা হাতেৰে ধৰি অঁতৰাই থৈ যোৱাতহে ৰক্ষা পৰিলো।

 এদিন ৰবিবাৰে আমাৰ লাইনৰ লৰাবোৰে ওচৰৰ পাহাৰ এটাত মৌগুটি নামৰ এবিধ গছৰ গুটি খাবলৈ যোৱাত ময়ো লগত গৈছিলো। মৌগুটি খাই যাওঁতে যাওঁতে মৌগুটিৰ নিচিনা অন্য এবিধ গছৰ গুটি খোৱাত জিভা দেৰদেৰাবলৈ ধৰিলে। ঘৰলৈ উভটি অহাত পিতাই জিভাত জলকীয়া সানি দিয়াতহে ভাল হল।

 বসন্ত বেমাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে আমাৰ ৰেজিমেণ্টৰ আটাইবোৰ লৰা ছোৱালীক মিলিটেৰি হাচ্‌পতালত টিকা [ ১৩ ] দিলে; এক সপ্তাহৰ পাছত ছিভিল ছাৰ্জ্জন ছাহাবে সকলোবোৰ লৰা-ছোৱালীৰ টিকাৰ দাগ চাই মোৰ দাগ আটাইতকৈ ভাল দেখি মোক ৩ বজাত তেওঁৰ বঙ্গলালৈ নিবলৈ পিতাক কলে। আমি গৈ পোৱাত মোৰ দাগবোৰৰ পুজ লৈ ছাহাবে তেওঁৰ বছেৰেকীয়া লৰাটোক টিকা দিলে।

 শ্বিলঙ্গত থকা ৪২ নং ৰেজিমেণ্টৰ জাৰুৱা চিপাহীবোৰে ১৮৭৮ সনত ৭ দিনীয়াকৈ বিষহৰি পূজা পাতিছিল। প্ৰতি দিনে ৭ জনীকৈ অকুমাৰী ছোৱালীয়ে পানী তোলে। পূজা উটাবৰ দিনা পেৰেড্ বন্ধ থাকে। ২০/২৫ জন মানুহে তাল খোল বজাই বিষহৰি নাম গোৱা দৃশ্য অতি মনোৰম। নামৰ লগত দেওধাই উঠে। নগৰৰ সকলো গণ্য-মান্য মানুহেও দেওধাই উঠি নাচ গান কৰি নাম গোৱা চাবলৈ যায়। মিলিটেৰিবিলাকৰ ড্ৰিল ঘৰতে পূজা পাতে। পূজা চাবলৈ ৪৪নং ৰেজিমেন্টৰ চিপাহীবোৰ আহিছিল। সেইদিনা ছোৱালীবোৰে পানী তুলি আহোঁতে মানুহৰ ভীৰত বাট পথ বন্ধ হৈ থকা দেখি মিলিটেৰি হাওলদাৰজনে হাতৰ লাখুটি দালেৰে পানী তোলা ছোৱালীকেজনী আহিব পৰাকৈ মানুহ ঠেলি দিছিল। হঠাৎ এটা চিপাহীৰ গাত তেওঁৰ লাখুটি লগাত বহুত তৰ্কাতৰ্কী হৈ মাৰিয়ামৰি হল। তেতিয়া দুই দলক পূজা ঘৰৰ পৰা আঁতৰ হবলৈ কেণ্টন গেৰাজত বিকুল দিলে আৰু ২০/২৫ জন সশস্ত্ৰ চিপাহী পঠাই দুই দলক চত্ৰভঙ্গ কৰি দিলে। তেতিয়াহে সুকলমে পূজা উটাব পাৰিলে। প্ৰায় দুমাহ মানলৈ দুই দলৰ ভিতৰত পুনৰ কাজিয়া হয় বুলি ওপৰস্থ কৰ্ম্মচাৰীসকলে হাত-বজাৰত লাখুটি লৈ কাকো সোমাব নিদিছিল।
[ ১৪ ]  বিমাতৃৰ অত্যাচাৰ উৎপীড়নত অত্যন্ত কাতৰ হৈ থাকি থাকি আৰু পিতৃয়ে তাৰ কোনো প্ৰতিকাৰ নোলোৱাত ভগ্নমনোৰথ হৈ বৰ্ম্মা দেশলৈকে গৈ সৈনিক শ্ৰেণীত ভুক্ত হবলৈ মন কৰিছিলো। আমি থকা মিলিটেৰি স্কুলৰ শিক্ষকজন বৰ্ম্মা যুদ্ধত হাওলদাৰ হৈ গৈ শেষত সুবাদাৰ মেজৰ পদলৈ উঠিছিল। তেওঁলৈকে লেখা লেখি কৰি কামৰ বন্দবস্ত কৰা হল। দুৰ্গাপূজাৰ বন্ধত যোৱাৰ কথা আছিল। পূজা উটাবৰ দিন এজোৰা ধুতি আৰু ত্ৰিশ টকা ৰুপ লুকাই লৈ কেইজনমান মানুহৰ লগতে গোসাণী উটোৱা চাবলৈ গলো। সেই মানুহকিজনে কোনো মতে লগ এৰা নিদিয়াত পলাব নোৱাৰিলো।

 

পিতাৰ পুত্ৰত্যাগ

 মোৰ জ্যেষ্ঠ ভাই লেখা পঢ়াত যেনে পাৰ্গত আছিল, কামতো তেনে নিপুণ হৈ উঠিছিল। যি কাম কৰিব লগীয়া হয়, অতি ৰংমনেৰে কৰে; বিমাতৃৰ অত্যাচাৰ-উৎপীড়ন আশীৰ্ব্বাদ বুলিহে ধাৰণা কৰে। মানুহজন বৰ তেজস্বী আৰু দেখনিয়াৰ। বিবাহ কৰাবৰ উপযুক্ত হোৱাত পিতৃয়ে পাত্ৰী বিচাৰিবলৈ ধৰিলে।

 আসাম ফ্ৰন্টিয়াৰত এজন ৰাজপুত জামাদাৰ আছিল, তেওঁলোকৰ কেইবাটাও লৰা ছোৱালী আছিল। নগাৱঁৰ পৰা কোনোবা মৌজাদাৰ এজনৰ জীয়েকক নিছিল। আসাম ফ্ৰন্টিয়াৰ নগাৱঁৰ পৰা ডিব্ৰুগড়লৈ বদলি হোৱাত তেৱো [ ১৫ ] ডিব্ৰুগড় পালেহি। আহি পোৱাৰ কিছু দিনৰ পাছতে আমাৰ পিতৃৰ লগত বন্ধুতা জন্মিল। সেই বন্ধুতাই পাছত মিত্ৰতা হলগৈ। তেখেতৰ বৰ জীয়েকক মোৰ ককাইদেউলৈ দিয়াৰ ঠিক হল। বৰ কন্যা উভয়ৰ মাতৃ অসমীয়া হোৱাত কোনো পক্ষই আপত্তি কৰিব নোৱাৰিলে।

 বিয়া বৰ সমৰোহেৰে পতা হৈছিল। ৪৪ নং ৰেজিমেণ্টৰ বেণ্ডপাৰ্টিয়ে বেণ্ড বজাই মাৰ্চ্চ কৰি বৰ যাত্ৰী হৈ গৈছিল। ১৫০ টা মান হাতী-ঘোৰাত কৰ্ম্মচাৰীসকল গৈ বিয়া ঘৰৰ শোভা বৰ্দ্ধন কৰিছিল। বিয়াৰ এবছৰ মানৰ পাছতে পিতৃয়ে পেন্সন লৈ দেশলৈ গল।

 বিমাতৃৰ ছোৱালীজনীও বিয়া দিবৰ উপযুক্ত হোৱাত পিতৃয়ে তাইক দেশত বিয়া দিবলৈ লৈ গল। ৭/৮ মাহ দেশত থাকি ছোৱালী বিয়া দি জীয়েক জোয়ায়েক সহ দোকানলৈ উলটি তেওঁলোক আহি পোৱাৰ পৰাই আমাৰ ভাগ্য বিপৰ্য্যয় ঘটিল।

 বিমাতৃৰ কুমন্ত্ৰণাত পৰি পিতৃ আমাৰ প্ৰতি নিৰ্দ্দয় হল। পিতা দেশলৈ যাওঁতে দুইখন দোকান ককাইদেৱে গোমস্তা এজন লগত লৈয়ে চলাইছিল। ককাইদেৱে সকলো কাম আগ পাচ ভাবি কৰে। পিতৃ কিছু নিৰ্দ্দয় হোৱাটো অনুমান কৰি এদিন সোণৰ শিকলি এদাল খুজি চালে। তাৰ পাছত এদিন ভবিষ্যৎ জীবিকাৰ উপায়ৰ কথা সুধিলে। পিতাই এটাৰো কোনো ভাল সমিধান নিদিয়া দেখি তেওঁ চলোৱা দোকান খনৰ দৈনিক বিক্ৰীৰ টকা পিতাৰ হাতত নিদিয়া হল। এইদৰে কেইদিন মান যোৱাত এদিন পিতা [ ১৬ ] দোকানলৈ আহি ককাইদেউক দোকানৰ পৰা খেদাই দিলেহি।

 খেদা খাই ককাইদেৱে গোলাঘাটৰ মহাজনসকলৰ ওচৰত আপত্তি কৰাত ৪/৫ জনমান মহাজন আহি দুইকো মাতমিত কৰি দিলেহি। নৈৰ দাঁতিৰ দোকানখন ককাইদেৱে পালে সেই দোকানৰ আচবাব আদিৰ বাবে পিতাক ৫০০৲ টকা দিবলৈ হল। দুই পক্ষে চালিছনামাত স্বাক্ষৰ কৰিলে।

 মিতমাত হৈ যোৱাৰ পাছত বিমাতৃয়ে পিতাক নানা প্ৰকাৰে ভৰ্ৎসনা কৰিবলৈ ধৰিলে আৰু নানা প্ৰকাৰৰ কুট শিক্ষা দিবলৈ ধৰিলে। অৱশেষত পিতাই ককাইদেৱক তেওঁ থকা দোকানলৈ মতাই নি কান্দি-কাতি অনেক দুখ-বেজাৰ কৰি কলে যে, তোমাৰ অবিহনে মোৰ প্ৰাণ নেথাকে; তুমি যাবৰ দিনাৰ পৰা মোৰ আহাৰ-পানী টুটি গ’ল; যেনিয়ে চাওঁ তেনিয়ে আন্ধাৰ দেখিছো। তুমি যদি আহি পুনৰ একেলগ হোৱা, তেহে মোৰ প্ৰাণ বাচিব। নচেৎ কোন দিন মোৰ কি হয় কব নোৱাৰে।

 ককাইদেউ বৰ পিতৃভক্ত আছিল। পিতাৰ কান্দন-কাটোনত দুখীত হৈ পুনৰ একেলগ হলহি। চালিছনামা কাগজ খনো পিতাৰ হাতত ঘূৰাই দিলেহি। এইদৰে কেইদিনমান থকাৰ পাছতে এদিন পিতাই ককাইদেউৰ দোকানলৈ আহি তেওঁক মাৰ কিল কৰি খেদাই দিলে। তেতিয়াহে তেওঁৰ চক্ৰান্ত বুজিব পাৰিলে।

 তেতিয়া তেওঁ নিৰুপায় হল। লগত তিৰুতা লৈ কলৈ যায়, কি কৰে, ক’ত থাকে, একো উপায় নেপাই সৰ্ব্বশক্তিমান [ ১৭ ] পৰমেশ্বৰক ধ্যান কৰিবলৈ ধৰিলে। তেতিয়াহে জন্মদাতৃ মাতৃলৈ মনত পৰিল। গোলাঘাটৰ পৰা গাড়ী এখন খুজি আনি সগৰ্ভা ভাৰ্য্যাক তুলি লৈ মাতৃৰ উদ্দেশে ৰাওনা কৰি গল।

 তেওঁলোক ওলাই যোৱা দৃশ্যত আৰু কান্দোন-কাটোনত বাটৰ বাটৰুৱাই কান্দিছিল, মোৰ হিয়া ভাগি চুড়মাৰ হৈছিল। মোক এৰি তেওঁলোকো বিমুৰ্চ্চিত হৈ গৈছিল। এনে দৃশ্য দেখিও পিতৃৰ বা বিমাতৃৰ অলপো কষ্ট অনুভব নহৈছিল।

 তেওঁ গৈ ৺মাতৃৰ লগ পালে। ২০/২৫ বছৰৰ পাছত বোৱাৰী সহ পুত্ৰক দেখা পাই মাতৃয়ে হাততে চন্দ্ৰ পোৱাৰ দৰে হল। তিনিও একেলগে থাকিবলৈ ধৰিলে। যিদিনা তেওঁলোকৰ মা পোৰ মিলন হৈছিল, সেইদিনাৰ বৰ্ণনা অতুলনীয়।

 দোকান চলাই থাকোতে ককাইদেৱে এবাৰ মিলিটেৰিত ভৰ্ত্তি হৈছিলগৈ। পাছত পিতৃয়ে গম পাই মিলিটেৰি ছাহাবক অনেক কাবৌ-কোকালি অনুনয়-বিনয় কৰি কৈ নাম কটাই আনিছিল।

 তেওঁ চিলাই কামত বৰ নিপুণ আছিল। বৌদেউক আইৰ লগতে গৈ মেলেং বাগিচাত চিলাইৰ কাম কৰি তিনিও জনৰ জীবিকা আৰ্জ্জন কৰিছিল। চিলাই কলটো নিজৰ আছিল। তাতে দোকান এখন দিবলৈকো মন কৰিছিল!

 ৰঙাজানৰ দোকানত থাকোতে তেওঁ বাগানৰ মেনেজাৰ ছাহাবৰ আগত ঘোৰাত উঠি অহা-যোৱা কৰাত আৰু কুলিৰ গাহৰিবোৰ আমাৰ বাৰিত সোমালে গুলিয়াই মৰাত বাগানৰ ছাহাবজনে তেওঁক মুঠেই ভাল নেপাইছিল।
[ ১৮ ]  পিতাৰ মৃত্যুৰ ডেৰমাহ মানৰ পাছত তেওঁ আমাৰ খবৰ কৰিবলৈ আহি ৰঙাজানৰ নাপিতৰ ঘৰতে আছিলহি। তাতে মোৰ লগত দেখা দেখি হৈ কথা-বতৰা হওঁহক। উইল কৰি মোক এহেজাৰ টকা দি গৈছে বোলাত টকা খুজিবলৈ মোক পৰামৰ্শ দিছিল। এই দৰে খবৰ-খাবাৰ কৰি গৈ পাছত মোক নিবলৈ আকৌ এবাৰ আহিছিল। মোৰ যোৰহাটলৈ যাবৰ মন নগল।

 

পিতাৰ উইল আৰু মৃত্যু

 ককাইদেউক খেদোৱাৰ পাছৰ পৰাই পিতাৰ শৰীৰ ক্ৰমাৎ বেয়া হবলৈ ধৰিলে। যেতিয়া শয্যাগত হল, তেতিয়া এদিন গুৰ আনিব লাগে বুলি মোক গোলাঘাটলৈ যাবলৈ কলে। সেই সময়ত গাড়ীৰ সুবিধা নাছিল, হাতীৰে মাল অনা নিয়া কৰা হয়। ককাইদেউ যোৱাৰ পৰা দুইখন দোকানৰ খাতা পত্ৰ লিখা, হুন্দি দিয়া, কানি বেচা, আৰু মাল অনা নিয়া কৰা ইত্যাদি সকলো কাম গোমস্তা এজনেৰে সৈতে ময়ে কৰো। সেই দিনা মই গোলাঘাটলৈ যাবলৈ ওলালত ৺পিতাই কলে “তুমি বজাৰ পায়ে হাতীটো শ্ৰীযুত বিষ্টুচৰণ উকিলৰ ঘৰলৈ নি তেওঁক আমাৰ ঘৰলৈ পঠাই দিবা; বৰ দৰ্কাৰ আছে। তুমি গুৰ কিনি তাতে ৰৈ থাকিবা। তেওঁ ঘূৰি গলে মাল বোজাই কৰি লৈ আহিবা।”

 মই পিতাৰ চতুৰালি বুজিব নোৱাৰি কোৱামতে গোলাঘাট পায়ে উকীলক হাতীত তুলি পঠাই দিলো। তেওঁ আমাৰ ঘৰত আহি পিতাৰ তাবৎ সম্পত্তি বিমাতৃ আৰু ভতিজাকৰ [ ১৯ ] নামে উইল কৰি লেখাই দিলে। মোক অলপ সম্পত্তি দিবলৈ কোৱাত বিমাতৃয়ে আগৰ দৰে থাকিব বোলাত তেওঁ নেমানি পিতাক নানা কাৰণ দেখাই বুজাই কোৱাত মোৰ নামে নগদ এহেজাৰ টকা পাব বুলি লেখালে। উকীলজন বৰ দয়ালু পুৰুষ আছিল। মোক এহেজাৰ টকা দিয়ালে; কিন্তু অনেক দিনীয়া পুৰণি গোমস্তা জনে পইছা এটি পোৱাৰো কোনো বন্দবস্ত নহল। বেচেৰাই এনেই খাতিলে।

 উকীল ঘূৰি গৈ মোক হাতী চমজাই দিয়াত গুৰ বোজাই কৰি ঘৰলৈ আহিলো। গধূলি দোকানৰ হিচাপ পত্ৰ-লেখি এটাই খাই বৈ শোঁওতে গোমস্থাজনে উইল পত্ৰ কৰা কথা কঁওতেহে জানিব পাৰিলো। পিতাই এইদৰে আমাক প্ৰবঞ্চনা কৰি তেওঁৰ সুখ সম্পদ অৰ্থ-বিভূতি সকলোৰে পৰা বঞ্চিত কৰি গল। এদিন বেমাৰত ৰ’দত বিছনাত পৰি থাকোতে মোক ওচৰত মাতি বহুৱাই কলে— “মই উইল কৰি দিছো; তোমাক এক হাজাৰ টকা দিছো।” মোৰ হক্ কবলৈ কথা নোলায়; মাত্ৰ কলো “যি দিছে, তাত মোৰ একো নাই।”

 পিতাৰ সম্পত্তিৰ স্বত্ব-স্বামীত্ব লৈ ঘৰত যিমান অশান্তি হবলৈ ধৰিলে, পিতাৰ শৰীৰো ক্ৰমাৎ সিমান দুৰ্ব্বল হৈ শয্যাশায়ী হল। এনেকি বিচনাৰ পৰা উঠা-নমাই কৰিব নোৱাৰা হল। তেতিয়া মই দুই খন দোকানৰ কাম কাজ কৰি ৰাতি চাকৰ এটাৰে পৰ দি থাকো, জীয়েক জোৱাঁয়েক আদি সকলোৱে ভিতৰত সোমাই শুই শুই থাকে। ভতিজাক জন বিয়া কৰাবলৈ দেশত আছিল গৈ। দৈগ্ৰোং আৰু গৰঙাত থকা ভতিজাকহঁতে কোনো খবৰকে নলৈছিল। এই [ ২০ ] দৰে প্ৰায় ডেৰ মাহ পিতাৰ শুশ্ৰুষা কৰাৰ পাছত তেখেত পৰলোক প্ৰাপ্ত হল।

 পিতাৰ পৰলোক হোৱা মাত্ৰে অন্ত্যেষ্টি ক্ৰিয়া কৰিবলৈ ভতিজাকক টেলিগ্ৰাম দি মাতিলে। তেওঁ টেলিগ্ৰাম পায়ে পৰিবাৰ সহ আহি পাই সকলো কাম কাজ কৰিলেহি। ৺পিতাৰ সম্পত্তিৰ অংশ বিচাৰো বুলি পিতাৰ প্ৰেত কাৰ্য্যাদি আমাক কৰিবলৈ নিদিলে।

 

বিমাতৃৰ আত্মসাৎ আৰু ভুতৰ উপদ্ৰব

 ৺পিতা পৰলোক হোৱাৰ পাছৰ পৰা বিমাতৃৰ আলৈ আহুকাল আৰু অসুখ অশান্তি ক্ৰমাৎ বেছি হবলৈ ধৰিলে। পিতাৰ অন্ত্যেষ্টি ক্ৰিয়া কৰি এটোৱাৰ পাচতে দোকান দুখনৰ বৰ দোকানখন আৰু পাবলগীয়া বিলত বাকীখিনি ভতিজাকক দিলে। ইখন দোকান, মাটি-বাৰী, হাতী, মহাজনৰ দেনা আৰু মহাজনৰ ঘৰত জমা থকা ১০,০০০৲ দহ হেজাৰ টকা জীয়েক-জোঁৱায়েকলৈ ৰাখিলে। মোৰ বিষয়ে কোনো কথা উত্থাপন নকৰিলে। এনেকি অনেক দিনীয়া গোমস্তাজনকো পয়ছা এটাও নিদিয়াকৈ খেদি দিলে।

 যি লোকৰ অনিষ্ট কৰে, তাৰ নিজৰেহে অনিষ্ট হয়। পিতাৰ অতুল সম্পত্তিৰ পৰা আমাক বঞ্চিত কৰি যি জন ভতিজাকক সম্পত্তি খুৱাইছিল, সেই ভতিজাকৰ ঘৈনীয়েকৰ গাত ভুত লাগি দেশৰ পৰা অহাৰ ১০/১৫ দিনৰ পাছৰ পৰাই বলিয়া বকিবলৈ ধৰিলে। এদিন গিৰিয়েক দৈগোৰোঙ্গলৈ গৈ ঘূৰি আহোঁতে বাটৰ পৰাই তেওঁৰ গাত ভুত লাগি [ ২১ ] আহি ঘৈনীয়েকৰ গাত লাগিলহি। কোনো বেজ আদিয়ে জাৰি ফুকি বা ডোল দি ভাল কৰিব নোৱাৰিলে।

 তেওঁ দৈগোৰোঙ্গাৰ দোকানত থাকোতে মঃ নেগুৰি নামৰ আহোমনী মানুহ এজনী তিৰোতা কৰি ৰাখিছিল। তাই মৰিলত তেওঁ তাইৰ কোনো প্ৰেতকাৰ্য্য নকৰিলে। দেশৰ পৰা আহি পিতাৰ শ্ৰাদ্ধাদি কৰি এটোৱাৰ ৪/৫ দিনৰ পাছত তেওঁলোকৰ দৈগোৰোঙ্গৰ দোকান চাবলৈ গৈছিল। ঘোৰাত উঠি উভতি আহোতে তাইৰ প্ৰেতাত্মাটোৱে দেখি হেনো লগে লগে আহিল। দোকান পাই পানী-দুনি খাই তেওঁ গোলাঘাটলৈ গল। সেই প্ৰেতাত্মাটোও তেওঁৰ লগে লগে গোলাঘাটলৈ গৈ চেনেহীৰাম বাবুৰ দোকানৰ পাছত থকা বৰ গছ জোপাৰ ওপৰত উঠি আছিলগৈ বুলি বেমাৰীজনীয়ে কবলৈ ধৰিছিল। গধূলি ঘূৰি দোকানলৈ আহোঁতে সেই প্ৰেতাত্মাও গছৰ পৰা নামি তেওঁৰ লগে লগে আহি পাক ঘৰৰ ওচৰত থকা ডালিম গছ জোপাত উঠি আছিলহি বুলিও কৈছিল।

 গধূলি খাই বৈ উঠি আমি মুছলমান পাইকাৰী এজনৰ লগত হিছাপ মোকাবিলা কৰিছিলো। সেই সময়ত দুই বৌয়েক ননন্দেকে কিবা কথাত বৰকৈ হাহাঁত গিৰিয়েকে দাবি হুকি দি মাৰিবলৈ খেদি যোৱাত বিমাতৃয়ে অগাভেটা কৰি ওভোটাই পঠায়। হিছাপ মোকাবিলা কৰি এটাই শুবলৈ যাওঁতে আগৰ খঙ্গতে খৰমেৰে ঘৈণীয়েকৰ গাত কোব এটা মাৰোতেই মা বুলি চিঞৰ মাৰি মাটিত লুটি খাই পৰি বিমুৰ্চ্ছিত হল। আমি এটাইবোৰে গৈ মূৰত পানী-দুনী [ ২২ ] দি অনেক যত্ন কৰিও হুচ্ আনিব নোৱাৰিলো। ভিতৰত হুলস্থুল লগা শুনি সেই পাইকাৰীজনেও দুৱাৰমুখলৈ গৈ চাই আছিল। পাছত তেওঁ ওচৰলৈ যাবলৈ অনুমতি বিচৰাত আমি আতুৰত পৰি অনুমতি দিলোহঁক। তেওঁ ওচৰত বহি পানী জাৰি গাত চটিয়াই দিয়াত হুচ পাই চকু মেলি বকিবলৈ ধৰিলে। তেতিয়া তেওঁ শোধাত ক’ৰ পৰা কেনেকৈ আহিল আৰু কোন, সকলো কথা কবলৈ ধৰিলে। এইদৰে ভুল বকি বকি ঘৰখনত অসুখ অশান্তি কৰি আছিল। যিজোপা ডালিম গছত থাকে, সেই গছজোপা কাটো বুলিলে বৰকৈ কান্দে আৰু বেছিকৈ ভুল বকে। অনেক বেজ জ্ঞানী লগাইও ভাল কৰাব পৰা নহল। অবশেষত ৬/৭ মাহ কষ্ট ভোগ কৰি সেই অৱস্থাতে মৃত্যু হল।

 

ভাতৃ মিলন আৰু দোকান পতাৰ কাৰবাৰ

 ৺পিতাৰ সম্পত্তি ভতিজাক আৰু বিমাতৃয়ে ভাগ কৰি লোৱাৰ পাছত মই ককাইদেৱৰ পৰামৰ্শ অনুসৰি উইলত লেখা মোৰ প্ৰাপ্য টকা খোজাত বিমাতৃয়ে নানা প্ৰলোভন দেখুৱাই টকা নিদিয়ে। মই তাগাদা কৰি কলে ভতিজাকে দিব বুলি কয়। ভতিজাকক কলে বিমাতৃয়ে দিব বুলি কৈ মোক আশ্বাস দি থয়। দৈগোৰোঙ্গত থকা বিমাতৃৰ জোয়ায়েক উভয়ৰ ভিতৰত সোমাই মোক টকা খুজি লবলৈ কয়; সিপিনে তেওঁলোকক টকা দিবলৈ মনা কৰে। এই দৰে তেওঁলোকে টকা দিম নিদিম কৰি থকা দেখি মোৰ মনত নানা প্ৰকাৰ দুখৰ ভাবনা চিন্তা সোমাই মন অস্থিৰ কৰিলে।
[ ২৩ ]  এনেতে মোৰ ককাইদেৱ আহি পালেহি। দুয়ো পৰামৰ্শ কৰি আমাৰ দুখ-দুৰ্গতিৰ আদ্যোপান্ত বিবৰণ ৰঙাজান বাগিচাৰ মেনেজাৰ ছাহাবৰ আগত বিবৰি কৈ দোকান এখন দিবলৈ ঠাই এফেৰা খুজিলো। ছাহাবে আমাৰ দুখত দুখিত হৈ ঠাই দিলে। আমি কেইটামান বাহিৰা কুলি লগত লৈ ততাতৈয়াকৈ ঘৰ সজাই পেলালো। মাটি মইহে খুজি লৈছিলো; ককাইদেৱ মাটি খুজিবলৈ যোৱা নাছিল। ঘৰ দুয়ো লগ লাগি সাজিলো। আমি ঘৰ সজা দেখি বিমাতৃৰ চকুত টোপনি নোহোৱা হল। আমাৰ অনিষ্ট কৰিবলৈ নানা ষড়যন্ত্ৰ কৰিব ধৰিলে। ডাক্তৰ, বৰমহৰী আদি বাগিচাৰ মহৰীসকলক ভেটী খুৱাই ছাহাবক কোৱালে যে, সেই ঠাইত নতুন দোকান দিয়ালে পুৰণি দোকান কিখনৰ কিনাত বাকী বোৰ লোকচান হব আৰু নতুন দোকানীহঁতেও পূৰ্ব্বৰ দৰে ছাহাবৰ খাটিৰ বা মান ৰক্ষা কৰি নচলিব।

 তেতিয়া ছাহাবে মোক মতাই নি সুধিলে— “তই দোকান অকলে দিবি নে ককাইয়েৰৰে সৈতে একে লগে দিবি”? মই একেলগে দোকান দিম বোলাত ছাহাবে ঠাই নিদিয়া হল। ইমান দুখ কৰি ঘৰ দুৱাৰ সাজি এটোৱাৰ পাছত ঠাই নিদিয়া হলত অত্যন্ত মৰ্ম্মাহত হৈ আমাৰ দুখৰ অন্ত নাইনে কি বুলি পৰম পিতা ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো। পৰমপিতা ভগবানে যে এইদৰে বিমাতৃৰ দ্বাৰাই তাড়না দিয়াই আমাৰ কৰ্ম্মস্থল স্থিৰ কৰাই ভবিষ্যৎ উপকাৰ সাধন কৰিছে, আমি তাক অনুভব কৰিবই নোৱাৰিছিলো। এইদৰে বিফল মনোৰথ হৈ পুনৰ কান্দি-কাতি ছাহাবক [ ২৪ ] কলো যে, মোৰ পিতাই মোৰ নামে এহেজাৰ টকা উইলত লেখি থৈ গৈছে। সেই টকাখিনিকে ছাহাবে বিমাতৃক কৈ মোক দিয়ালে মই একেবাৰে ইয়াৰ পৰা গুচি যাব পাৰো। আমি ইয়াত দোকান দিলে যদি সিহঁতৰ অপকাৰ হয়, তেন্তে আমাৰ প্ৰাপ্য টকা দি দিয়ক, আমি অন্য ঠাইলৈ যাওঁগৈ। সেই কথা শুনি ছাহাবে আশ্বাস দি কলে “তই তোৰ টকা পাবি; মই সিহঁতক কম, তই দুখিত নহবি।”

 পাচদিনা ছাহাবে বিমাতৃ আৰু ভতিজাকক মতাই নি সুধিলে যে, উইলত এহেজাৰ টকা মোক দিবলৈ লেখা আছেনে নাই। তেওঁলোকে লেখা আছে বুলি স্বীকাৰ কৰাত গোলাঘাটৰ মহাজনক মাতি আনিবলৈ কলে। পাচদিনা গোলাঘাটৰ পৰা কেইবাজনো মহাজন মাতি আনিলে। তেতিয়া ছাহাবে পিতাই উইলত লেখি যোৱা মতে এহেজাৰ টকা মোক দি দিবলৈ কলে। সেই কথা শুনি বিমাতৃয়ে নানা প্ৰলোভন দেখুৱাই টকাটো মহাজনৰ ঘৰত জমাই থওক, আগৰ দোকান কাম-কাজ কৰি খাই-বৈ থক বুলি কবলৈ ধৰিলে। মই দোকানত নেথাকো বোলাত ছাহাবে পুনৰ টকা দিবলৈ কলে। ছাহাবৰ টান হুকুম পাই সিহঁতো টকা দিবলৈ ৰাজি হল। ছাহাবৰ কথা মতে কাম নকৰিলে আমাক দোকান কৰিবলৈ ঠাই দিয়ে বুলি মনত ভয় কৰি যি কলে তাকে কৰিবলৈ বাধ্য হল। সিহঁতে সোণকালে টকা দিয়াৰ আশা নেদেখি মই পুনৰ ছাহাবক কলো যে, মোৰ টকা মহাজনৰ ঘৰত জমা আছে; অতএব মহাজন জামিন হওক, তেহে মই মান্তি হম; নহলে এওঁলোকে মোক সতকাই টকা নিদিব। [ ২৫ ] মোৰ দুৰৱস্থা আৰু সিহঁতৰ কথা-বতৰাবোৰ দেখি ছাহাবেও মহাজনক জামিন হবলৈ কলে। পাচ দিনাই টকা দিবলৈ স্বীকাৰ কৰি মহাজন জামিন হল আৰু সকলোটি দিহাদিহি গল।

 পাচদিনা মই মহাজনৰ ঘৰৰ পৰা টকা আৰু বিমাতৃৰ দোকানৰ পৰা বিচনা-পাতি আনি ককাইদেৱৰে সৈতে একেলগে নাপিতৰ ঘৰতে থাকিলোহঁক। তাৰ পিচদিনা দোকান দিব পৰা ঠাই ঘৰ বিচাৰি গলো। পৰমেশ্বৰে আমাৰ দুখত দুখিত হৈ সুবিধাজনক ঠাইত ঘৰ দেখুৱাই দিলে— যি ঠাইৰ যি ঘৰত বহি আজি মোৰ “জীৱন সোৱৰণ” লেখিবলৈ বন্ধু বান্ধবসকলৰ দ্বাৰাই আকৃষ্ট হৈছো।

 মৰঙ্গি তেলিয়া গাঁৱত ৺বলোদেৱ ঠাকুৰ নামৰ মাৰোৱাৰী ব্ৰাহ্মণ এজনে দোকান দিছিল। তেৱে পংকিয়াল গাঁৱতো দোকান এখন খোলাই চলাব নোৱাৰাত খালি ঘৰটো পৰি আছিল। সেই ঠাই ডোখৰত বেহা বেপাৰৰ ভবিষ্যৎ সুবিধা আৰু টিনৰ ঘৰটো দেখি ১০০৲ টকাত ঘৰটো কিনিলো। বহুত দিনৰ পাছত মাটি ডোখৰো কিনা হল, যি ডোখৰ ঠায়ে আজিও বছৰি ১২/১৪ শ কৰি টকা উপাৰ্জ্জন কৰি দি আছে।

 ঘৰ কিনা হলত ককাইদেৱে গোলাঘাটৰ পৰা মাল আনিবলৈ গল। লোকৰ গাড়ী ধৰি মাল আনোতে ৰঙাজানতে গধূলি হল। মই নাপিতৰ ঘৰতে আছিলো। গধূলি হোৱা দেখি আমি খাই বৈ আহিবলৈ স্থিৰ কৰি গাড়ী আগ বঢ়াই পঠাই দিলো। ভাত পানী খাই পুৰণি লণ্ঠন এটা লগাই [ ২৬ ] আমি আহিবলৈ ধৰিলো। সেই সময়ত মৰঙি আলি বৰ বেয়া। বাটটো ঠেক আৰু দুই দাতিত হাবি, মাজডোখৰত বোকাও। সেই দেখি মানুহৰ চলাচলো কম। আমি বাটতে গাড়ী লগ পাম বুলি আহি আহি গৰু চৰা বিল পালোহি। সেই ঠাইডোখৰ বৰ জয়াল; ভয়ে ভয়ে আহি দোকানৰ মুখ পাই গাড়ী নেদেখি বৰ চিন্তিত হলো। বাটে বাটে গাড়ী গৈ আছে বুলি ভাবি দৈগোৰোঙ্গ নৈৰ ঘাটলৈকে চাবলৈ গলো। তাতে গাড়ী নাই। লণ্ঠনটোও ক’লা পৰি পোৰ নিদিয়া হল। তেতিয়া খড়িয়া মাছ মৰা মানুহে এৰি যোৱা বজালৰ জুই থকা জোৰ এটা পাই তাৰ পোহৰেৰে আলিত গাড়ীৰ ‘লিক’ চাই লিক নেদেখি উভটি আহি পুনৰ দোকান পালোহি। ৰাতি বৰ এন্ধাৰ; কাকো ক’তো নেদেখি বাট হেৰুৱাই গাড়ীখন ধলাগুৰি ফাললৈকে গ’ল নে কি বুলি ভাবি সেই ফালে যাবলৈ ধৰিলো। প্ৰায় ডেৰ মাইল মান গৈ কুলি লাইনৰ ওচৰত গাড়ীখন লগ পাইহে আমাৰ ধাতু আহিল। গাড়ীৰ লগে লগে আহি ২ মান বজা ৰাতি দোকান ঘৰ পালেহি।

 ঘৰটোৰ ভিতৰখন বৰ লেতেৰা হৈ আছিল। মালবোৰ যতে পাই ততে ভৰাই থলো। দোকানৰ ওচৰত থকা ৰামজিত বঙ্গালীয়ে মালবোৰ সুমোৱাত ৰাতিয়েই সহায় কৰি দিছিল। পাচ দিনা পুৱা ঘৰ দুৱাৰ পৰিস্কাৰ কৰি মালবোৰ পৰিপাটিকৈ থলো। সেই দিনা পংকিয়াল গাৱঁত থকা “মালমৰীয়া” গোসায়ে আমাৰ খোৱা বোৱাৰ সুবিধা কৰি দিছিল। সেই নিমিত্তে আমি তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ।
[ ২৭ ]  দোকান খোলাৰ এসপ্তাহৰ পাছত ৺মাতৃদেবী আৰু বৌ দেউক যোৰহাটৰ পৰা গাড়ীত ভৰাই ককাইদেৱে লৈ আহিল গৈ। মোৰ চাৰি বছৰ বয়সতে আয়ে এৰি আহে। ১২/১৪ বছৰ বয়সত ককাই-বৌৱে এৰি যায়। আজি ইমান দিনৰ মূৰত আই, বৌ আৰু ককাই লগত মিলন কৰাই পৰমেশ্বৰে স্বৰ্গ সুখ অনুভব কৰালে। হে ভগবান, তোমাৰ কি অসীম দয়া! এনে মিলন হব বুলি আমাৰ কাৰো মনত ভাব নাছিল। তোমাৰ ইচ্ছাতেই মিলন হল। আমি তোমাৰ দাসৰো দাস চিৰকৃতজ্ঞ।

 এইদৰে সকলোটি গোট খাই উৎসাহৰে দোকান চলাবলৈ ধৰিলো। মোৰ এহেজাৰ আৰু ককাইদেৱৰ ২৫০৲ আঢ়ৈশ— মোট চাৰে বাৰশ টকাৰে দোকান আৰম্ভ কৰা হল। তেওঁ চিলাই কলেৰে চোলা কাপোৰ চিলাই কৰিব ধৰিলে। বৌ দেৱে চিলাই কামত সহায় কৰিছিল। সেই সময়ত লেটেকুজান বাগিচাত বজাৰ হয়। মই প্ৰতি সপ্তাহে বজাৰ কৰিবলৈ যাওঁতে চিলাই কৰা কুৰ্ত্তাবোৰো বেচোগৈ। এইদৰে বজাৰত আৰু দোকানত মাল বেচা কিনা কৰাত আমাৰ ২/৪ টকা জমা হল। তেতিয়া আমি কানিৰ দোকান লবলৈ মন কৰিলো।

 সেই সময়ত কানিৰ মহল ডাক হয়। যেয়ে উৰ্দ্ধ দাম দিয়ে, সেয়ে লব পাৰে। কানি বেচাৰো কোনো হিছাপ নাই। যেয়ে যিমান বেচিব পাৰে, সিমান বেচে। আগেয়ে আমাৰ দদাইৰ পুতেকহঁতে দৈগোৰোঙ্গৰ দোকানত কানি বেচিছিল। যাৰ দোকানত কানি বেচে, তাৰ দোকানত মালো [ ২৮ ] বেছিকৈ বিক্ৰী হয়। সেই বছৰত আমি কানিৰ মহল লোৱাত তেওঁলোকৰ আমালৈ হিংসা লাগিল। অন্য মহলৰ পৰা কানি আনি দোকানত চুৰকৈ বেচিবলৈ ধৰিলে। পৰমেশ্বৰৰ কৃপাত আমি অতি সাবধানেৰে চলাত কানিৰ কাৰবাৰত আমাৰ কোনো লোকচান কৰিব নোৱাৰিলে। আমাৰ যথেষ্ট লাভ হৈছিল।

 

ককাইদেৱৰ মৃত্যু

 ক্ৰমে আমাৰ দোকানৰ অবস্থা ভাল হবলৈ ধৰিলে। ইপিনে মোলৈকো বিবাহ কৰাবৰ সময় হ’ল। আই, বৌ আৰু ককায়ে পুৱা-গধূলি সদায় ক’ত ভাল ছোৱালী পায়, কি দৰে বিয়া পাতিব, সেইবোৰ কথা পাতিবলৈ ধৰিলে। অবশেষত বৌৰ ভনীয়েকজনীকে বিয়া কৰোৱাৰ স্থিৰ কৰিলে। কাৰণ একে ঘৰৰে দুই জনী বোৱাৰী হলে অনেক দিনলৈ প্ৰীতিৰে থাকিব পৰা হব বুলি ভাবিলে।

 ককাইদেৱৰ শহুৰেক মৰাৰ পাছত ভতিজাকহঁতে তেওঁৰ লৰা তিৰোতাক দেখিব নোৱাৰিছিল; সময়ে সময়ে খুব হিংসা কৰিছিল। ইয়াতো আমাক দদাইৰ পুতেকহঁতে সদাই হিংসা কৰিছিল। এই কথা-বাৰ্ত্তাবিলাক চিঠি পত্ৰেৰ ককাইদেৱে জনাই ছোৱালীৰ বন্দবস্ত কৰিলে। বিধিৰ নিৰ্ব্বন্ধ কোনেও খণ্ডাব নোৱাৰে। আই বৌৰ লগত পৰামৰ্শ কৰি তেওঁলোকক সপৰিবাৰে দেশৰ পৰা তুলি আনি ঘৰতে বিয়া পতাৰ স্থিৰ কৰি তেওঁ দেশলৈ যাত্ৰা কৰিলে। আই-বৌৰ মনত আনন্দৰ পাৰ নাই। দেশত ২ মাহ মান থাকোতেই [ ২৯ ] তেওঁ থকা গাঁৱত ভয়ঙ্কৰ কলেৰা বেমাৰ হবলৈ ধৰিলে। মোলৈ আনিব খোজা ছোৱালীজনীৰ বেমাৰ হৈ মৃত্যু হ’ল। সেই একেদিনাই আবেলি পৰত মাক, ঘৈনীয়েক আৰু ভায়েকক চিৰদিনলৈ কন্দুৱাই ককাইদেৱেও প্ৰাণ হেৰুৱালে।

 তেওঁ ছোৱালী লৈ যাত্ৰা কৰা বাতৰি পাম পাম বুলি সদায় আনন্দিত হৈ আছো, এনেতে টেলিগ্ৰামত বাতৰি আহি পালে যে, তেওঁ আৰু সেই ছোৱালীজনী এই সংসাৰত নাই; কলেৰাত মৃত্যু হল। আমাৰ মূৰত বজ্ৰপাত পৰিল। সেইদিনা আমাৰ অৱস্থা কি হৈছিল, দেখা-শুনাবোৰেহে জানিছিল।

 যথাসাধ্যৰূপে ককাইদেৱৰ প্ৰেতকাৰ্য্য সমাধা কৰা হল। আই আৰু বৌৰ কান্দোন কাটোনত পুৱা-গধূলি ঘৰ খলক লাগি থাকিবলৈ ধৰিলে। মোৰ নিমিত্তেই ককাইদেৱে বিদেশত প্ৰাণ ত্যাগ কৰিলেগৈ বুলি ময়ো আত্মহাৰা হৈ থাকো। ঘৰত সদায় নিৰানন্দ।

 

ধাৰৰ বিৱৰণ

 এইদৰে সদায় দুখত মগ্ন থাকি দোকান আৰু কানিৰ কাৰবাৰত বিশেষ মন-কান নিদিয়াত কানিৰ কাৰবাৰত লোকচান পৰিল। মই অকলশৰীয়া হৈ কাৰবাৰ চলোৱাত অসুবিধা পাই আই আৰু বৌৰ লগত পৰামৰ্শ কৰি বৌৰ ভায়েকহঁতক লগলৈ দেশৰ পৰা মাতি আনিলো। তেওঁলোক আহি পালত ধলাগুৰি বাগিচাতো এখন দোকান খুলিলো। তেওঁলোক দুয়ো নতুন আচহুৱা মানুহ; অথচ বেহা বেপাৰতো [ ৩০ ] কোনো ব্যুৎপত্তি নাই; ময়ো ককাইদেৱৰ তলত তেওঁৰ পৰামৰ্শ মতে চলা মানুহ। ভাতৃহাৰা হৈ যেনিয়ে চাও, তেনিয়ে সকলো শূন্য দেখি থাকো। মনৰ অশান্তি আৰু বেজাৰত মগ্ন হৈ দোকান চলাওঁতে চলাওঁতে ২/৩ বছৰৰ ভিতৰতে ৪/৫ হেজাৰ টকা ধাৰ লাগিল। মহাজনে টকাৰ তাগাদা কৰাতহে আমাৰ বুজ হল। চাৰে বাৰশ টকাৰে খোলা দোকানত সেই সময়ত ৪/৫ শ টকাৰহে মাল বস্তু আছিলগৈ। ইবোৰনো কলৈ গল কি হল বুলি ভাবি কিং কৰ্ত্তব্য বিমুঢ় হলোহঁক। ঘৰত তত নাপাই কি কৰো কি নকৰো বুলি আই-বৌৰ লগত পৰামৰ্শ কৰি ধলাগুৰিৰ দোকান উঠাই বৌৰ ভায়েকহঁতক দেশলৈ পঠাই দিয়াকে স্থিৰ কৰিলো। সেই মতে কামো কৰা হল। তথাপি এখন দোকান চলাই ধাৰ মাৰিব পৰা আশা নেদেখি অন্য কাৰবাৰ কৰিবলৈ মন কৰিলো।

 

ধানৰ খেতি

  কোন মানুহৰ কি প্ৰকাৰে অন্ন জল হয়, একমাত্ৰ ভগবন্তই জানে। সংসাৰত জন্ম লওঁতেই তেওঁ নিৰ্ব্বন্ধ কৰি দিয়ে। মা লক্ষ্মীয়েও কেতিয়া আহি তেওঁৰ অনুগ্ৰহ দিয়েহি, কব নোৱাৰি। মোৰ ভাগ্যত দোকান চলাই মা লক্ষ্মীৰ অনুগ্ৰহ পোৱাটো লেখিছিল নে নাই ক’ব নোৱাৰো। দোকানৰ কাৰবাৰ কৰি ধাৰত পোত খাইহে জ্ঞান আহিল যে, মই দোকান চলাই উন্নতি কৰিব নোৱাৰো; মা লক্ষীয়েও অনুগ্ৰহ নকৰে। অতএব দোকানৰ লগে লগে অন্য কাৰবাৰো কৰি চাওঁ।
[ ৩১ ]  এইদৰে ভাবি চিন্তি ধান খেতি কৰিবলৈ মন কৰিলো। সেই সময়ত ধান চাউলৰ বৰ দাম উঠিছিল। ধান খেতি কৰা মানুহবোৰে ধান বেচি শই শই টকা লব পাৰিছিল। মোৰ দোকান থকা গাওঁখনত খেতি কৰাৰ বৰ সুবিধা আছিল। হালোৱা, ৰোৱনী আৰু মাটিৰ অভাব নাছিল। নতুনকৈ ভাঙ্গি লব পৰা ৰুপিত মাটিও অপৰ্য্যাপ্ত আছিল। দোকানতকৈ খেতিত লাভ হব বুলি আই-বৌৰ লগত পৰামৰ্শ কৰিলো। তেওঁলোকে মোক নিৰুৎসাহ নকৰি বৰং উৎসাহ দিলে। খেতিৰ কাম কাজ চাই ফুৰা সময়ত ঘৰৰ আৰু দোকানৰ কাম তেওঁলোকে চলাবলৈ গাত ললে।

 মোৰ নিজৰ তিনি হালিচা মাটিৰ লগতে লোকৰো খণ্ডুৱা মাটি লৈ এখন হালেৰেই খেতি আৰম্ভ কৰিলো। হালোৱাই হাল নিয়াৰ লগে লগে মই গা-পা ধুই পূজা-সেৱা কৰি চাহ খাই পথাৰ পাওগৈ। তাত এনেই বহি থাকিবলৈ ভাল নেপাই আলিৰ কাষ কাটো, পানী-দুনী ভেটো আৰু মৈয়াব লাগিলে মাটি মৈয়াও। পথাৰলৈ যাওঁতে মূৰত জাপি আৰু কান্ধত কোৰ লৈ যাওঁ। ৰোৱণীয়ে মাটি ৰোওতে আৰু কঠিয়া তোলোতে আগতে ৰৈ চাই-চিতি থাকো আৰু তামোল-চালিও কাটি দিও। হালোৱা আৰু ৰোৱণীক জা-জলপান দিয়াত তাৰতম্য নকৰো। সেই নিমিত্তে মোৰ কোনো দিনেই হালোৱা ৰোৱনীৰ অভাব নহৈছিল। ধান দোৱা দিনত দাৱনীৰো অভাব নাছিল। দোৱা ধান দিনে দিনে ঘৰলৈ অনাই মৰণা মাৰি ভৰালত পেলাইহে মই ভিতৰ সোমাই খোৱা-বোৱা কৰো আৰু দোকানৰ হিছাপ-পত্ৰ লেখো।
[ ৩২ ]  সেই বছৰত পথাৰত ভাল ধান হৈছিল। বৌ-দেৱে ঢেকিত ধান বাণি চাউল উলিয়াই দিছিল। সেই চাউল দোকানত বেচা নহয়; বাহিৰাকৈহে বেচা হয়। পাচ বছৰত কিছু মাটি কিনি লোৱা হল। আইৰ বুদ্ধিমতে খেতিও অলপ বেছিকৈ কৰা হল। এইদৰে ক্ৰমাৎ খেতি বেছি কৰি কৰি ৫০ পুৰা মান ৰুপিত মাটি ভঙ্গাই ১০/১২ হাল গৰু মহেৰে খেতি কৰিবলৈ ধৰিলো। আয়ে দোকানত মাল বেচা-কিনা কৰে, বৌয়ে ভিতৰুৱা কাম কৰে; মই বাহিৰত খেতি-পথাৰৰ কাম কাজ কৰাইছিলো। মোৰ দ্বিতীয় পত্নীৰ বিবাহৰ পাছৰ পৰা খেতিত বিশেষ উন্নতি হৈছিল।

 প্ৰতি ৰবিবাৰে বজাৰ হৈছিল। বজাৰত মাল-বস্তু বেচি পোৱা ধন আৰু দৈনিক বিক্ৰিৰ ধন গোটাই প্ৰতি সপ্তাহে মহাজনক দিও। ধাৰ মৰাত সদায় ব্যস্ত থাকো। এই দৰে ৩/৪ বছৰ খেতি কৰাই আৰু দোকান চলাই পোৱা ধনেৰেই মহাজনৰ ঘৰত ৬/৭ হেজাৰ টকা জমা হৈছিল। মা লক্ষ্মীৰ কৃপাত কেনেকৈনা ধাৰ মৰি ইমান টকা জমা হল, গমকে নেপালো।

 মই হাতী বেপাৰী আৰু বেপাৰীবোৰক টকা ধাৰলৈ দি সুদ লৈছিলো। হাতত আৰু মহাজনৰ ঘৰত যথেষ্ট টকা জমা হৈছিল। তথাপি বজাৰ আদি কৰি আহিও কাম কৰা মানুহবোৰৰ কাম কাজ চাই-চিতি লৈহে আহাৰ পানী কৰো। মনত সদায় স্ফুৰ্ত্তি লাগি অন্য কাৰবাৰ কৰিবলৈ মন গল।


 
[ ৩৩ ]

লক্ষ্মী পূজা

 গধূলি খাই-বৈ উঠি সদায় ৰামায়ণ বা মহাভাৰত পঢ়ি আই আৰু বৌক শুনাও। এদিন লক্ষ্মী চৰিত কিতাপ এখন পঢ়ি থাকোতে লক্ষ্মী পূজা কৰিবলৈ আমাৰ মন উদ্বিগ্ন হ’ল। প্ৰতি বৃহস্পতিবাৰে গোহালি ঘৰত লক্ষ্মী পূজা কৰিম বুলি আয়ে সংকল্প কৰি পূজাৰ আয়োজন কৰিলে। পূজা কৰা হল। মা লক্ষ্মীৰো আমাৰ ওপৰত ক্ৰমাৎ সুদৃষ্টি পৰিল।

 ৺আইৰ আদৰ্শমতে আজিলৈকে পূজা কৰি থকা হৈছে। মোৰ সতি-সন্ততিবিলাকেও এইদৰে পূজা চলাই থাকিব বুলি মই আশা কৰো। মা লক্ষ্মীৰ সুদৃষ্টি হলে যি কাৰবাৰতে হাত দিয়া যায়, তাতে সুফল ফলে; তেওঁৰ কুদৃষ্টি হলে কোনো কাৰবাৰত মানুহে উন্নতি কৰিব নোৱাৰে।

 

কুহিয়াৰ খেতি

 ধান খেতিত আশাতীত লাভ পাই কুহিয়াৰ খেতিও কৰিবলৈ মন গল। ১৯০৮ সনত কেন্দুগুৰি ছাপৰিত মাটি ভঙ্গাই কুহিয়াৰ ৰোৱালো। সেই মাটিডোখৰ বাৰিষা পানীত তল যায়, গুৰত দাম আছিল যদিও সেই ঠাইৰ কুঁহিয়াৰৰ খেতিত মোৰ লাভ নহৈছিল। সেই নিমিত্তে ১৯১০ সনত বগিধলালৈ কুহিয়াৰ খেতি উঠাই নিয়ালো। তাত ৩০০ একৰ মাটি ত্ৰিশসনা গ্ৰাণ্ট মঞ্জুৰ কৰাই লৈ কেইবছৰ মানতে ৪০/৫০ একমান মাটিলৈকে কুঁহিয়াৰ খেতি কৰাই দিলো। [ ৩৪ ] কুঁহিয়াৰ খেতিত সময়ে সময়ে অসুবিধাও পাইছিলো আৰু গুৰৰ দাম পৰি লোকচানো হৈছিল; তথাপি মই নিৰুৎসাহ নহৈ ধান খেতি আৰু কুঁহিয়াৰ খেতি সদায় কৰাই আছিলো। কিয়নো খেতিৰ ধানে আৰু গুৰৰ ধনে বাগিচা খোলা কামত মোক বিশেষ সহায় কৰিছিল। বাগিচাৰ ধনেৰে বাগিচা চলাব পৰা হোৱাত ধান আৰু কুঁহিয়াৰৰ খেতি বন্ধ কৰিলো। তথাপি মনৰ হেপাহ এৰা নাই। কিন্তু ১৯৩৭ সনত মৰাপাতৰ খেতিত ধৰি অলপ অসুবিধা পাই একেবাৰেই এৰি পেলোৱা হল।

 

হাতীৰ কাৰবাৰ

 মোৰ দোকানৰ পৰা এমাইলমান আঁতৰত থকা কৰ্দ্দৈগুৰি চাপৰিত হাতীৰ পিল খানা আছিল। পশ্চিমীয়া সদাগৰবিলাক আহি তাতে হাতী কিনেহি। হাতীৰ মহলদাৰ আৰু ধনীবিলাকে মোৰ দোকানৰ পৰা মাহুত ফান্দিবোৰক খোৰাক পোষাক ধাৰে লৈ দিয়ে। হাতী বেচি এটালে মোক ধন দিয়ে। পশ্চিমীয়াবিলাকেও মোৰ দোকানৰ মাল খাওঁতে খাওঁতে মোৰ লগত পৰিচয় হবলৈ ধৰিলে। সিহঁতে হাতী কিনি নি ক’ত বেচে আৰু কিমান লাভ পায়, সেইবোৰ সুধি পুচি হাতীৰ কাৰবাৰ কৰিবলৈ মোৰ মন গ’ল। কিন্তু এই কাৰবাৰত হাতী বেচিবলৈ যাওঁতে মোৰ অতি প্ৰিয়তমা, উৎসাহশীলা আৰু বিলাসহীন দ্বিতীয় পত্নীয়ে প্ৰসুতি জ্বৰত বিষাক্ত বস্তুকে জ্বৰৰ দৰব বুলি খাই প্ৰাণ হেৰুৱালে।
[ ৩৫ ]  পশ্চিমীয়াবিলাকে ইয়াৰ পৰা হাতী কিনি নি সিহঁতৰ দেশৰ মেলাত বেচি দুগুন লাভ কৰে। মেলাৰ বিবৰণ সিহঁতৰ পৰাই বুজি লৈ ময়ো দুটা হাতী কিনি সিহঁতৰ জমাদাৰ এজনৰ মাৰফৎ দি পঠালো। জমাদাৰজনে মেলাত হাতী বেচি মোলৈ টকা পঠাই দিলে। সেই দুটাত মোৰ যথেষ্ট লাভ হোৱাত পুনৰ চাৰিটা হাতী কিনি সদাগৰৰ জিম্মাত পঠাই দিলো। মেলাত মই নিজে হাতী বেচাৰ ঠিকনা কৰি মেলা হোৱা দিনৰ খবৰ দিবলৈ কলো। মেলাৰ সময়তে হাতী পোৱলেগৈ, মোলৈ টেলিগ্ৰাম কৰি খবৰ দিয়াত লৰালৰিকৈ যাত্ৰা কৰিলো। মেলা বহুদিন চলি থাকে। মই তিনটি হাতী বেচি এটাওতেই ডাঙৰ লৰাটিৰ টান বেমাৰ বুলি ঘৰৰ পৰা টেলিগ্ৰাম দিলে। টেলিগ্ৰাম পাই বেচিবলৈ থকা হাতীটো জামাদাৰৰ জিম্মাত ৰাখি ঘৰলৈ ৰাওনা কৰিলো।

 উভতি আহোঁতে ৰেলত এজন মানুহৰ ১৫০০৲ টকা চুৰি হোৱাত কিছু সময় মোক বন্ধ কৰি ৰাখিছিল। মোৰ হাতৰ নোটৰ লগত সেই মানুহজনৰ নোটৰ মিল নোহোৱাত আৰু মোৰ হাতত সৰহ টকা ওলোৱাত মোৰ টেলিগ্ৰামখন আৰু মহাজনৰ নামে টকা পঠোৱা ৰচিদ চাই এৰি দিলে। তেওঁৰ নোটবোৰ ১০০৲ এশ টকীয়া আছিল। হাতী বেচি অনা মোৰ নোটবোৰ হেজাৰ আৰু পাচশ টকীয়া হোৱাত হে পুলিছে মোৰ ওপৰত সন্দেহ কৰিব নোৱাৰিলে। তাৰ উপৰিও মোৰ হাতত ঘৰৰ পৰা দিয়া টেলিগ্ৰাম আৰু মহাজনৰ নামে মনি অৰ্ডাৰ কৰা টকাৰ ৰচিদ দেখুৱাই টানি কোৱাতহে পুলিছে আহিবলৈ অনুমতি দিছিল। মোৰ চিনাকী দেছুৱালী [ ৩৬ ] পুৰোহিত এজনো সেই ৰেলত আহিছিল। মই তেওঁ আহিছে বুলি জনাও নাছিলো। অকস্মাৎ মোক দেখি তেওঁ মাত লগালত তেওঁকো মোৰ লগৰীয়া কৰিবৰ চলেৰে মোৰ লগতে নামিবলৈ কৈছিল। ইশ্বৰৰ ইচ্ছাতহে আমি কোনো কষ্ট নোহাৱাকৈ এৰাই আহিব পাৰিলো। এইদৰে দুখে কষ্টে হাতীৰ কাৰবাৰ কৰি যদিও ১০ হেজাৰমান টকা হাতত জমা হৈছিল, তথাপি প্ৰিয়তমা পত্নীৰ বিয়োগ আৰু কেছুৱা লৰাটিৰ আলৈ-বিলৈত মন-প্ৰাণ সদায় জৰ্জ্জৰিত হৈ আছিল।

 এবাৰ জামাদাৰে হাতী বিচাৰি গৈ আসাম-বেঙ্গল ৰেলৰ সোণাৰী ষ্টেশ্যনৰ পৰা ৯ মাইল দূৰৰ পিল খানাত চখনা হাতী এটা পাই মোলৈ টেলিগ্ৰাম দিলে। মই ততালিকে ২৫০০৲ পচিশ শ টকা ককালত বান্ধি হাতী চাবলৈ যাত্ৰা কৰিলো। এডোখৰ বাট ৰেলত আৰু এডোখৰ ছাইকোলেৰে গৈ পিল খানা পালোগে। তাত হাতী চাই পচন্দ কৰি দৰদাম ঠিক কৰা হল আৰু বয়না দিলো। উভতি আহোতে ছাইকোল টানি টানি হাইৰাণ হৈছিলো। বাটত থাকিবলৈ ঠাই নেপাই ষ্টেশন মাষ্টৰকে ঠাই খোজাত তেওঁ অলপ আতৰৰ বেত কাৰবাৰী মাৰোৱাৰী এজনৰ ঘৰত থাকিবলৈ যাবলৈ কলে। ষ্টেশ্যন মাষ্টৰৰ কথা মতে তেওঁৰ ঘৰ পালোগৈ। তেওঁ থাকিবলৈ ঠাই যে দিলেই, যথোচিত ৰুপে অতিথি সৎকাৰো কৰিলে। কিন্তু ৰাতি মহৰ প্ৰতাপত মোৰ ভাল টোপনি নাহিল। ৰাতিপুৱা ৫ মান বজাত ৰেলত উঠি শিমলুগুৰিত নামি বাৰ মান বজাত শিৱসাগৰ পালোগৈ। শিৱসাগৰ নগৰখন ছাইকেলেৰে ফুৰি চাকি চাই চিতি [ ৩৭ ] যোৰহাটেদি আহি গোলাঘাট পালোহি। প্ৰতি কাৰবাৰত এইদৰে অত্যন্ত কষ্ট ভোগ কৰিও মনত অলপো অবসাদ ভাব নাহে। মা লক্ষ্মীয়ে মনত দুখ অশান্তি প্ৰায় আহিবলৈ নিদিয়ে।

 এইদৰে বহুত কষ্ট সহ্য কৰি ৬ খেপ হাতী বেচা-কিনা কৰি বাগান খোলাত ব্যস্ত হওঁতে সেই কাৰবাৰ এৰি দিবলৈ বাধ্য হলো।

 

চাহ খেতি

 এসময়ত মৰঙ্গিত ৰঙাজান, লেটেকুজান, দৈগোৰোং, পংকা, ধলাগুৰি, গৰঙা আৰু থুৰামুখ নামৰ বাগিচাকেখনহে আছিল। এই কেউখন বাগিচাৰ মহৰী কেৰেণীবোৰ মৰঙ্গীৰ মানুহ আছিল। এনেকি ছৰ্দ্দাৰ-চকিদাৰবোৰো মৰঙ্গিৰে মানুহ। অন্য ঠাইৰ কোনো মানুহে মহৰী কেৰেণী হবলৈ নেপাইছিল। দৈবাৎ যদি কোনোবা এজন আছিলহি, তেৱোঁ মৰঙ্গিৰ মানুহৰ লতা পতা মিতিৰ কুটুম্বৰ। যি এজন আছিল, তেওঁলোকেও মৰঙ্গিৰ মানুহৰ লগত স্থায়ী ভাবে মিলাপ্ৰীতিৰে আছিল। সেই সময়ৰ মৰঙ্গিৰ মানুহে নিজ ঠাইৰ উন্নতিৰ কামনা কৰি কোনেও কাৰো অহিত নিচিন্তিছিল। অলপ লেখা-পঢ়া জনা লৰাবোৰকে কামত সুমাই শিক্ষিত কৰাইছিল। কালৰ কি বিষদৃশ গতি যে, আজি কোনো এখন বাগিচাতে মৰঙ্গিৰ দুজন মানুহে একে লগে কাম কৰি খাব নোৱাৰে। বৰ্ত্তমান মৰঙিত বহুত শিক্ষিত লৰা হৈছে যদিও ইমানবোৰ [ ৩৮ ] বাগিচাত মৰঙ্গিৰ লৰাই চাকৰি পোৱা নাই। অথচ অন্য ঠাইৰ মানুহ আহি বাগিচা ভৰি পৰিছেহি।

 সেই সময়ত মহৰি-কেৰেণীসকলৰ লগত মোৰ বিশেষ বন্ধুতা আছিল। হাটে বজাৰে আৰু দোকানতো তেওঁলোকে মোৰ পৰাই কাপোৰ কানি আৰু মাল বস্তু লয়। মই তেওঁলোকৰ পচন্দ মতে কাপোৰ কানিৰ যোগাৰ দিওঁ। বিলাসিতাই আহি মানুহৰ মন ভেদি পেলালে। মই নানা ৰং-বিৰঙ্গৰ ধুতি কামিজ, বানিয়ন, জাকিত আনি দোকানত মজুত ৰাখিবলৈ ধৰিলো। মহৰিসকলে ঘৰলৈ অহা যোৱা কৰোতে মোৰ দোকানৰ পৰা কাপোৰ কানি লোৱাৰ উপৰিও নানা প্ৰকাৰ আমোদ প্ৰমোদ কৰে আৰু কথা বতৰা হয়। সেই কথা বতৰাৰ চলতে মই তেওঁলোকক চাহ খেতি কৰাৰ নিয়ম প্ৰণালীবোৰ আৰু কোম্পানিয়ে ইমানবোৰ টকা খৰচ কৰি কিমান লাভ পায় সুধি পুচি চাও। যেতিয়া জানিব পাৰিলো যে, কোম্পানিবোৰে চাহ খেতিত লাখ লাখ টকা লাভ পায়, তেতিয়া মোৰ মনত এনে ভাব হৈছিল যে, মোৰ টকা হোৱা হলে ময়ো চাহ বাগিচা খুলিলোহেতেন।

 ১৯১০ সনত কুহিয়াৰ খেতিৰ লগতে চাহ গুটীৰ পালেং দিবলৈ মন কৰিলো আৰু চাহ বাগানৰ পুৰণি মহৰি কেৰেণীসকলৰ পৰামৰ্শ লৈ চাহ গুটী অনাই পালেং দিয়ালো। দুই এজন মহৰিক অনুৰোধ কৰি ছুটী বাৰবোৰত পালেং আদি চোৱাও আৰু তেওঁলোকৰ পৰামৰ্শ লওঁ। সেই বছৰতে প্ৰায় ৬০/৭০ একৰ মানত পুলি লগোৱা হল। ১৯১২ সনত পাত তুলি হাতেৰে মাৰি ১০/১২ মোণ মান [ ৩৯ ] চাহ উলিয়াই মোন ১৮/২০ টকাকৈ কেঞাক বেচা হল। তাৰ পিচৰ বছৰত ৫৭ মোণ চাহ তৈয়াৰ হৈছিল। কিন্তু সেই চাহ হাতেৰে মৰাওঁতে বহুত অসুবিধা পালো। বছৰি পুলি ৰোৱাই আছিলো। আগত বছৰত পাত সৰহ হব বুলি অনুমান কৰি মেচিনৰ নিমিত্তে চিন্তিত হলো। বাগিচা খোলাৰ পৰা কেউপিনে পয়ছা খৰচ হৈ আগৰ জমা টকা যে আদায় হলেই, তদুপৰি ৬/৭ হাজাৰ টকা ধাৰ লাগিল। সেই সময়ত প্ৰায় ১৫০ শ একৰ মান মাটিত চাহ হৈছিল। মেচিন কিনিবলৈ মহাজনে টকা দিব নোৱাৰো বোলাত অন্য কতো ধাৰলৈ টকা বিচাৰি নাপাই বাগানৰ অৰ্দ্ধাংশ বেচিবলৈ মন কৰিছিলো। কিন্তু সেই সময়ত বাগিচাৰ অংশ লোৱা স্থানীয় মানুহ নিচেই কম থকাত কোনেও লবলৈ মন নকৰিলে। তেতিয়া কলিকতাৰ নেশ্যনেল কোম্পানিৰ এজেণ্টলৈ চিঠি দি বাগানৰ অংশ লবনে বুলি সুধিলো। কোম্পানিৰ ডাইৰেক্টৰসকলে চিঠি পাই বাগিচাৰ বিৱৰণ চাই চিতি ৰিপৰ্ট দিবলৈ অনাৰেবল ঘনশ্যাম বৰুৱাক অনুৰোধ কৰিলে।

 

৺ঘনশ্যাম বৰুৱাৰ সজ উপদেশ

 কোম্পানিৰ অনুৰোধ পত্ৰ পাই ৺ঘনশ্যাম বৰুৱাই মোক নি বাগিচাৰ আদ্যোপান্ত বিৱৰণ আৰু অংশ বেচিব খোজাৰ কাৰণ সুধিলে। তেখেত অতি সজ পৰামৰ্শদাতা আৰু সদাশয় লোক আছিল। মেচিন কিনিবলৈ টকা ধাৰলৈ বিচাৰি নেপাই অংশ বেচিব খুজিছো বোলাত তেখেত বৰ দুখিত [ ৪০ ] হৈ ৰবিবাৰ এটাত বাগিচা চামগৈ বুলি কৈ মোক পঠাই দিলে।

 এদিন ৰবিবাৰে দুপৰীয়া আহি বাগিচা চালেহি। বাগিচা দেখি বৰ সন্তোষ পাই মোক মাতি গল। মই যোৱাত নানা প্ৰকাৰে সজ পৰামৰ্শ দি কবলৈ ধৰিলে— “বেছি দামৰ নতুন মেচিন কিনি ধাৰ বৃদ্ধি নকৰিবা, বাগিচাও নেবেচিবা। কাৰবাৰ ভাল হয় মানে সস্তা দামৰ পুৰণি মেচিন বিচাৰি আনি পাত তৈয়াৰ কৰা। “টাইম্‌ছ অব আসাম” কাগজত পুৰণি মেচিন আদিৰ নিমিত্তে জাননী দিয়া। অনেক বাগিচাত কামৰ উপযোগী ছেকেণ্ড হেণ্ড মেচিন এনেই পৰি আছে। কেঞাৰ ধাৰত মন বিচলিত নকৰিবা। লাহে লাহে ধাৰ মাৰিব পাৰিবা। ধাৰ কৰি আনি ধনবোৰ তুমি খাই থোৱা নাই। এটা মহৎ কাৰবাৰ কৰাত খৰচ হৈছে মাত্ৰ। কোম্পানীক বাগিচাৰ অংশ দিবলৈ মন নেমেলিবা। বাগিচা খোলাৰ পৰা তোমাৰ যিমান টকা খৰচ হৈছে, তাৰ আধা টকা দি ভাগ লবলৈ সিহঁতে বিচাৰিব। খৰচৰ পকা হিছাপ তোমাৰ নাই যেতিয়া বাগিচাৰ অংশ যে যাবই, সম্পূৰ্ণ খৰচো পোৱাৰ আশা নাই। তোমাৰ বাগিচাখনৰ বেগতে উন্নতি হোৱা লক্ষণ দেখিছো, সেই নিমিত্তে যৎপৰোনাস্তি যত্ন কৰি পুৰণি মেচিন বিচাৰি লৈ ২/৪ বছৰ কাম চলোৱা। বাগিচাৰ উন্নতি হলে মনৰ ইচ্ছামতে কাম কৰিবা। কোম্পানিক অৰ্দ্ধাংশ বেচিলে তোমাৰ অৰ্দ্ধস্বত্ব ধ্বংস হব। পিচত ধাৰ বেছি দেখুৱাই বাকী অংশও লৈ থব পাৰিব। তেতিয়া তোমাৰ সকলো দুখ কষ্ট, যত্ন, পৰিশ্ৰম, হেপাহ [ ৪১ ] আৰু আকাঙ্খ্যা নিস্ফল হব। অবশেষত চিৰদিনলৈ অনুতাপ কৰি থাকিব লাগিব।”

 তেখেতৰ এনে ধৰণৰ উৎসাহপূৰ্ণ উপদেশ শুনি মনত উৎসাহ বাঢ়ি আহিল। সেই মাত্ৰেই ‘টাইমছ অব্ আসাম” কাগজত ছেকেণ্ড হেণ্ড মেচিন আদিৰ নিমিত্তে জাননী দিয়া হল। জাননী পায়ে গোলাঘাটৰ ওচৰৰ শালমৰা বাগিচাত ৰোলাৰ, তেজপুৰৰ মনাই বাগিচাত চালনী, চিৰকো আৰু ড্ৰায়াৰ আদি আছে বুলি মোক জানিবলৈ দিলে। খবৰ পাই মোৰ বাগিচাৰ বৰমহৰীজন পঠাই ২০০৲ টকাত ৰোলাৰ আৰু ৩৫০৲ টকাত চালনী চিৰকো ড্ৰায়াৰ আদি কিনাই অনালো। তাতে তেওঁ পুৰণি ইঞ্জিন বয়লাৰ এটা দেখি আহি মোক কোৱাত তাকো পাচত কিনাই অনালো। মেচিনবিলাক গোট খালত নাহৰ কাঠৰ খুটা লগাই কলঘৰ সজালো। তেতিয়া নিজৰ মেচিনতে চাহপাত মাৰিব পৰা হল।

 অনাৰেবোল বৰুৱা ডাঙৰীয়াই বাগিচা চাবলৈ অহা সময়ত চৰ্টিং নকৰা চাহ কিছুমান পৰি আছিল। সেই চাহবোৰ দেখি তেখেতৰ বাগিচালৈ পঠাই দিবলৈ কলে। চাহ পঠাই দিলত তেখেতৰ বাগিচাত চৰ্টিং কৰাই কলিকতাত বেচাই দিলে। সেই টকাই মেচিন লোৱা সময়ত বহুত সহায় হল। তেখেতৰ অনুগ্ৰহ আৰু উৎসাহপূৰ্ণ উপদেশ বাণীয়ে মোৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি ৰাখিলে।


 
[ ৪২ ]

ধাৰ পৰিশোধ আৰু পুনৰ ধাৰবৃদ্ধি

 এইদৰে সকলো সৰঞ্জাম যোগাৰ কৰি পাচৰ বছৰত আঢ়ৈশ মোন পকা চাহ তৈয়াৰ কৰি কলিকতাৰ বজাৰত বিক্ৰি কৰাত আগৰ বছৰৰ খৰচ বাদে মহাজনৰৰ পাঁচ হেজাৰ টকা ধাৰ মৰিল। তেতিয়া পুনৰ বাগিচা বঢ়োৱাৰ উদ্দেশ্যে ১৯১৫ সনত নেশ্যনেল কোম্পানীৰ লগত বন্দবস্ত কৰিলো। উক্ত কোম্পানীয়ে ১৯১৯ সনলৈকে মাহে ৫০০৲ পাচশ কৰি খৰচ দি কাৰবাৰ চলোৱাই থাকোতে আকৌ সাত হেজাৰ ধাৰ লগাত টকাৰ তাগাদা কৰি বাগিচা চলাবলৈ টকা নিদিয়া হল। তেতিয়া বাগান চলাবলৈ অসমৰ্থ হৈ ৰঙ্গাজান বাগিচাৰে মেনেজাৰ ছাহাবক অক্টেভিয়ছ ষ্টীল কোম্পানিৰ লগত বন্দবস্ত কৰি দিবলৈ অনুৰোধ কৰিলে। তেখেতে অনুৰোধ ৰক্ষা কৰি কোম্পানিলৈ লেখাত কোম্পানীয়ে বেষ্ট ছাহাব আৰু তেওঁক বাগান চাই ৰিপৰ্ট দিবলৈ লেখিলে। দুইজন ছাহাব আহি বাগান দেখি সন্তোষ পাই বেচিবনে বুলি সুধিলে। বাগান দেখি তেওঁলোকৰ লবলৈ বৰ মন গৈছিল। মই কেতিয়াও নেবেচো বোলাত তেওঁলোকে “কোম্পানীয়ে টকা দিব, তুমি বাগানৰ সকলো প্ৰকাৰে উন্নতি কৰিবলৈ যত্ন কৰা” বুলি কৈ কোম্পানীলৈ ৰিপৰ্ট দিলে। তেওঁলোকৰ ৰিপৰ্ট পাই কোম্পানীয়ে টকা দিয়াত মই দুগুণ উৎসাহেৰে বাগান বঢ়োৱা কামত লাগি গলো। অন্যান্য কিছুমান কামতো টকা খৰচ কৰাত আৰু চাহৰ বজাৰ পৰি যোৱাত আৰু বাগান বঢ়োৱাত প্ৰায় চল্লিশ হাজাৰ মান টকা ধাৰ বাঢ়ি গল।
[ ৪৩ ]  তেতিয়া নতুন বছৰৰ খৰচ বন্দবস্ত কৰিবৰ সময় হোৱাত কোম্পানীয়ে মোক মাতি পঠিয়ালে। মই কলিকতালৈ গৈ বেষ্ট ছাহাবক দেখা কৰাত তেওঁ ধাৰৰ টকা খুজিলে আৰু টকা দিব নোৱাৰিলে সম্পত্তি বন্ধক দিব লাগিব বুলি কলে। সম্পত্তি বন্ধক দি দলিল লেখি দিলে গোটেই বছৰ বাগান চলাবলৈ এঘাৰ হাজাৰ মাত্ৰ টকা দিব আৰু চাহ বন্ধা চিচা পাত দিব। ষ্টোৰৰ অন্যান্য আচবাব আৰু বাকচৰ তক্তা নিজে কিনি লব লাগিব বুলিলে। সিমান টকাৰে সেইদৰে বাগিচা চলাবৰ উপায় নেদেখি মই ম্ৰিয়মান হলো। সেই সময়ত প্ৰায় ৩০০ একৰ মাটিত চাহ হৈছিল।

 দৈবাৎ সেই সময়ত অনৰেবোল বৰুৱা ডাঙৰীয়াই নিজ বাগানৰ বন্দবস্ত কৰিবলৈ কলিকতাত আছিলগৈ। তেখেতৰ লগত দেখা কৰি আদ্যেপান্ত সকলো কোৱাত কোম্পানীয়ে দিব খোজা টকাকে লৈ হাতধৰি খৰচ কৰিবলৈ কলে। কাৰণ সেই সময়ত টকাৰ অভাবত চাহৰ বজাৰ পৰিছিল। তেখেতে নিজৰ বাগিচাৰ বন্ধবস্ত কৰিব পৰা নাছিল। চাহৰ বজাৰ পৰি যোৱাত কোনো কোম্পানীয়ে টকা দিবলৈ মন নকৰিছিল।

 তেখেতৰ পৰামৰ্শ অনুসৰি কোম্পানীৰ অফিছলৈ আহি সম্পত্তি বন্ধক দি দলিল লেখাই ৰেজেষ্ট্ৰি কৰাই গুচি আহিলো। আহোঁতে কলিকতাৰ পৰাই এটা স্ববেশ্চৰ স্নাইন্দল্ আৰু এখন ঘূৰণীয়া কৰত কিনি আনিলো। তাকে আলি কাঠৰো এটা স্ববেশ্চৰ কৰালো। শিমলু আৰু ভেলেউ কাঠৰ কুন্দা কটাই আনি বাকচৰ তক্তা কৰাই বাকচ সজালো।
[ ৪৪ ]  কোম্পানীয়ে মোৰ বাগিচা লব পাৰিব বুলিহে ইমান তাগাদা কৰিছিল। তাতে আকৌ মৰঙ্গি আৰু ৰঙাজান বাগিচাত থকা কেঞাকিটাই শহুৰৰ ঘৰৰ আৰু কেঞা ঘৰৰ ধাৰবোৰৰ কথা মেনজাৰ ছাহাবকিজনক কৈ দিয়াত তেওঁলোকে কোম্পানীক জানিবলৈ দিছিল। টকাৰ অভাৱত পৰিলে বাগিচা বেচিব বুলি ভাবিছিল।

 মৰঙ্গি বাগানৰ ছাহাবক ছুপাৰভাইজৰ ৰাখিবলৈ আৰু কলঘৰ, পাতঘৰ, ফায়াৰ ইন্সিওৰ কৰাবলৈ আকৌ কোম্পানীৰ পৰা হুকুম আহিল। তেতিয়া মই মান্তি হৈ বাগানৰ একাউণ্টৰপৰা মাহে এশটকা দৰমহা দি প্ৰতিসপ্তাহে বাগিচা ছোৱাৰ বন্দবস্ত কৰি উক্ত ছাহাবক ছুপাৰভাইজৰ নিযুক্ত কৰিলো।

 বুকিয়াল আৰু চফেলা বাগান এই সময়তে মেকনিয়েল কোম্পানীয়ে কিনি লয়। সেই বাগান দুখনৰ খৰচ কমাবলৈ লেটেৰা কুলিবোৰ খেদাই দিয়ে। খেদা খোৱা কুলিবোৰে দুখত পৰি মোৰ আশ্ৰয় বিচৰাত মই ৰাখিলো। পইছাৰ ইমান অভাব হোৱাতো এটা কুলিকে খেদাবলৈ মোৰ মন নগল।

 প্ৰায় ১০০ একৰ মান মাটিত চাহ লগাওঁতেই গোলাঘাটৰ বৈজু কেঞাৰ ঘৰত ছহেজাৰমান ধাৰ হৈছিল। বাগান ক্ৰমাৎ বঢ়াই যোৱাত সিহঁতৰ ধাৰ পৰিশোধ কৰিব পৰা নাছিলো। সেইটোতে সিহঁতে চল পাই সুদৰ নিৰিখ যে বঢ়াইছিল, চাহপাতবোৰো লৈ “লোকেল ছেল” কৰি মোনে ২/৩ টকা আনতকৈ কমাই দিছিল। সেই নিমিত্তে মুগনীৰাম বাবুৰ [ ৪৫ ] লগত চাহ দিয়াৰ বন্দবস্ত কৰি তেওঁৰ ধাৰ মাৰিবলৈ ধৰিলো। অবশেষত মোৰ হিছাপ মতে পাঁচ শ আৰু তেওঁলোকৰ হিছাপ মতে সোতৰ শ বাকী ওলালত মই টকা দিবলৈ বন্ধ কৰিলো।

 ১৯২০ সনত বাগান চলাবলৈ একেবাৰে অসমৰ্থ হোৱা দেখি তেওঁলোকে আগৰ বাকী টকাৰ মবলগ কৰি দিলে পুনৰ দহহেজাৰ টকা ধাৰ দিম বুলি বুদ্ধি কৰি কোৱাত ইপিনে ময়ো কোনো মহাজনৰ ওচৰত ধাৰলৈ টকা নাপাই— তেওঁলোকৰ মতেৰেই আগৰ বাকী টকাৰ মবলগ কৰি দিবলৈ বাধ্য হলো। তেতিয়া তেওঁলোক বাগিচালৈ আহি মোৰ হতুৱাই মবলগ কৰাই নিলেহি। পাছত মই ধন বিচৰাত আঠশ টকাৰ ধান দি নগদ টকা দিব নোৱাৰো বুলি কলে। এইদৰে চালাকি কৰি মোৰপৰা বত্ৰিশ শ টকা আদায় কৰিলে।

 তেতিয়া মই একেবাৰেই বিপাঙ্গত পৰি গাৱঁৰ মানুহৰ ওচৰত ধাৰ বিচাৰিবলৈ ধৰিলো। প্ৰথমতে শ্ৰীযুত গোপীকা উকিল আৰু শ্ৰীযুত হৰনাথ কেৰেণীকে ধাৰলৈ টকা খুজিলো। তেওঁলোকে আজি দিম কালি দিম বুলি কৈ কৈ অৱশেষত টকাৰ যোগাৰ নহয় বুলি কলে।

 তেওঁলোকৰ ওচৰত টকা নাপাই ৰায় ছাহাব দণ্ডধৰ বৰুৱা আৰু দেবেশ্বৰ গোসাইৰ ওচৰত টকা বিচাৰিলো। তেওঁলোকেও নানা অসুবিধা আৰু খৰচৰ বাট দেখুৱাই টকা দিব নোৱাৰে বোলাত মই একেবাৰেই বিপদত পৰিলো। তেতিয়া কোনো উপায় নাপাই পানীকৰা গাঁৱৰ শ্ৰীযুত মঠাই [ ৪৬ ] সোণাৰীৰ ওচৰত ধাৰ বিচাৰিলো। পংকিয়াল গাঁৱত থকা মোৰ তাবৎ সম্পত্তি বন্ধক দিলে চাৰিহেজাৰ টকা ধাৰ দিব পাৰো বুলি তেওঁ স্বীকাৰ কৰিলে। তেতিয়া মই মাটী বাৰী বন্ধক দি চাৰি হেজাৰ টকা ললো আৰু সেই টকাৰে ধান কিনি গুদামত জমা কৰি থলো।

 মাহে ৯০০৲ শ কৰি কোম্পানীয়ে টকা দিয়ে। কাম কৰা মানুহক ধান আৰু ধন মিলাই দৰমহা দিও। অৰ্থাৎ প্ৰতিসপ্তাহৰ জোখাৰে খোৰাকীৰ ধান দি বাকীখিনি পয়ছা দিও। এইদৰে আধা ধন আৰু আধা ধান দি দৰমহা দিয়া, নিজে তক্তা ফলাই বাকচ সজোৱা, আৰু সেইদৰে দৰমহা দিওতে কুলিৰ কোনো আপত্তি নথকাত ছুপাৰভাইজৰ ছাহাবজনে সদাই নজৰ কৰি থাকি থাকি কোম্পানীকো জানিবলৈ দিলে। অক্টোবৰ মাহলৈকে বাগান চলোৱা বৰ টান। সেই কেইমাহত মই কেনেকৈ দৰমহা দি বাগান চলাইছো ছুপাৰভাইজাৰৰ পৰা জানিব পাৰি কোম্পানীৰ মন পুনৰ ঘূৰিল।

 মা লক্ষ্মীৰ কৃপাত চাহৰ বজাৰ পুনৰ উঠিল। কোম্পানীয়ে বাগিচা লব পৰা আশা দূৰ কৰি যিমান টকাৰ হুন্দি দিও সিমান টকা দিবলৈ ধৰিলে। মা লক্ষ্মীয়ে একেবছৰতে কোম্পানীৰ মুগনীৰাম আৰু বৈজু বাবুৰ আৰু সোনাৰী ঘৰৰ ধাৰ মৰাই নিজগৰীয়া কৰালে।

 ১৯২১ সনতো সেই ছাহাবজন ছুপাৰভাইজৰ হৈ আছিল। সেই সনত সকলো খৰচ বাদকৰি কোম্পানীৰ ঘৰত প্ৰায় ৫০ পঞ্চাশ হেজাৰ টকা জমা থাকিছিল। ১৯২২ সনত সেই ছাহাবজনক ছুপাৰভাইজৰ ৰাখিব লাগে বুলি কোম্পানীয়ে [ ৪৭ ] মোলৈ টানি লেখিছিল, লেটেকুজানৰ বৰছাহাবে আহিও কৈছিল। মই কম খৰচত বাগিচা চলাম আৰু কোম্পানীয়ে অযথা খৰচ কৰাবলৈ জোৰ জুলুম কৰিলে তেওঁলোকৰ লগত কোনো কাৰবাৰৰ সম্পৰ্ক নেৰাখিম বোলাতহে লেখা-লেখি কৰিবলৈ এৰি দিলে।

 ক্ৰমে বাগান বঢ়াই নি নতুন নতুন মেচিনেৰী স্থাপন কৰিও বছৰি লাভ হোৱা দেখি গোলাঘাটত মাটিবাৰী কিনি কল কাৰখানা বহুৱাবলৈ কাৰবাৰ কৰিলো। ভাটীলৈ অহা যোৱা কৰোতে নানা ঠাইত ধানবনা, তেলপেৰা কল কাৰখানা দেখি আমাৰ ইয়াতো তেনে কল কাৰখানা পাতিবলৈ কেতিয়াবাৰে পৰা মন গৈছিল। সেইবাবে হাতত টকা জমা হোৱা দেখি গোলাঘাটত লক্ষ্মী ভাণ্ডাৰ নাম দি ধানবনা আৰু তেল পেৰা কল বহুৱাই দিলো। কিন্তু এই কাৰখানাৰ কৰ্ম্মচাৰীসকলে আত্মসাৎ কৰাত আৰু অসাবধান হৈ কাৰ্য্য কৰাত বছৰি বহুত বহুত লোকচান হবলৈ ধৰিলে। অবশেষত তেওঁলোকৰ চালাকি বুজিব পৰি অবসৰ দি অন্য কৰ্ম্মচাৰী নিয়োেগ কৰাত ক্ৰমাৎ লাভ হবলৈ ধৰিলে।

 ১৯৩২ সনত বৰপথাৰ মৌজাৰ দেওপানীত নতুন গ্ৰাণ্ট লৈ বাগান খোলাই ডাঙ্গৰ ফেক্টৰী সজোৱালো। আমাৰ গ্ৰাণ্টৰ ওচৰত থকা অন্য মানুহৰ গ্ৰাণ্ট দুটি কিনা হল। কামত কিছুমান বেমেজালি ঘটাত আৰু কৰ্ম্মচাৰীসকলে সুচাৰু ৰূপে কাম নকৰাত বহুত টকা অবাবত লোকচান হল। ইপিনে বগীধলাৰ ওচৰতে কালিয়নী আৰু সিদ্ধেশ্বৰী নামে ডেৰশ ডেৰশ একৰৰ দুটা গ্ৰাণ্ট লৈ দুখন বাগিচা খোলা হল। [ ৪৮ ] এটাইবোৰ কাৰবাৰতে বগীধলাৰ লাভৰ টকাকে খৰচ কৰা হৈছিল।

 

ঘৰুৱা বিপদ

 ১৯৩১ সনত মোক কিছুমান ঘৰুৱা বিপদেও পাইছিল। মোৰ শৰীৰ অসুখ হল। গোলাঘাটৰ মিলত থাকোতেই এটি লৰাৰ জন্ম হৈছিল। লৰা ওপজাৰ ৮/১০ দিনৰ পাছত এদিন ৰাতি আমি খাই বৈ বঙ্গলাৰ তলমহলত শুই আছিলো, ৰান্ধনি বামুণ আৰু পৰগণীয়া চাকৰটোৱে ওপৰ মহলত শুইছিল; পৰগণীয়া চাকৰটোৱে বিৰি খাইছিল। তাৰ বিৰিৰ ফিৰিঙ্গতি তক্তাৰ ফাকৰ মাজে সৰকি আহি মাক পিতেকে গাত লৈ থকা লেজাইখনত পৰি জুই লাগি গল। ভৰিত গৰম পাই মাকে সাৰ পালে। লৰাটিৰ গাৰ পৰা এবেগেত মান আঁতৰত জুই জ্বলা দেখি চিঞৰ মাৰি মোক মাতিলে। মই ওপৰৰ কোালিতে শুইছিলো। চিঞৰত সাৰ পাই উঠি দেখো যে, লেজাইখন পুৰি বিছনাত জুই লাগিছে। মাকে লৰাটি লৈ আতৰ হল। মই বিচনা-পাতি আৰু লেজাই খন টানি বাহিৰলৈ উলিয়াই পেলালে। চাকৰকেইটাই নামি পানী ঢালি জুই নুমাইলেহি। ঈশ্বৰে কথামপিহে লৰাটিক ৰক্ষা কৰিলে। তাত প্ৰায় এমাহ থাকিয়ে বাগানলৈ আহিলে। আহি পোৱাৰ ২০/২৫ দিন মানৰ পাছতে লৰাটিৰ গ্ৰহনী আৰু জ্বৰ হল। লৰা লোৱা কুলিজনীয়ে কানি খুৱাই দিলে ৰাতি লৰাটি বেহুচ হৈ গল। লৰাটিৰ হুচ আনিবলৈ আমি যে অনেক যত্ন কৰিলোৱেই তাৰ উপৰি ডাক্তৰ বেজেও [ ৪৯ ] অনেক যত্ন কৰি হুচ আনিব নোৱাৰি এছিষ্টেণ্ট ছাৰ্জ্জন অনাবলৈ কোৱাত শাওতলীৰ ডাঃ কে, এল, বানাজ্জিক অনোৱা হল। তেখেত আহি একেৰাহে ২৪ ঘণ্টা পানী ঢালিবলৈ কলে আৰু চানাৰ পানীৰ আহাৰ দিবলৈ কলে। তেওঁ কোৱা মতে তিনিদিন তিনিৰাতি পানী ঢলাৰ পিচত লৰাটিয়ে চেতনা পালে আৰু তিনি চাৰি মাহমানৰ মূৰত ভাল হল।

 এদিন নুনুয়ে ঘোৰাত উঠি দৈগোৰোঙ্গৰ বজাৰৰ ফালে আহোঁতে ঘোৰাৰ লেকাম চিগি গল, ঘোৰাই তাক পিঠিত লৈ ঘৰৰ ফালে লৰ দিলে। ঈশ্বৰৰ ইচ্ছাত সি সৰি নপৰাত প্ৰাণ ৰক্ষা পৰিল। শ্ৰীমান সোণাই গোলাঘাটত খোৱা-বোৱা কৰি সদায় দেওপানীলৈ অহা যোৱা কৰে। এদিন ৰাতি খাই-বৈ দেওপানীলৈ যাওঁতে গৰমপানীৰ সিপাৰে বৰ ডাঙ্গৰ বাঘ এটাই আগচি ধৰাত মটৰৰ পৰাই গুলী মাৰি দিয়ে। বাঘে জাপমাৰি হাবিত সোমাই মৰে। কেইদিনমানৰ পাছত পুনৰ দেওপানীলৈ যাওঁতে সেই ঠাইত গেলা গোন্ধ পাই চাওঁতে মৰা বাঘ দেখিবলৈ পায়।

 মোৰ বায়ুশুল বেমাৰ হল। পেটৰ বিষত খাব শুব নোৱাৰা হলো। কোনো দেৱাই-পানীয়ে গুণ নিদিয়া হল। শাৰীৰিক বা মানসিক কোনো শান্তি নথকাত বাগানৰ ডাক্তৰজন মতাই আনি সকলো প্ৰকাৰ বিহদেৱাইৰ মিকচাৰ কৰি দিবলৈ কলো। কাৰণ “বসুমতী” কাগজত দুই বন্ধুৰ গল্প এটি পঢ়ি পাইছিলো। মোৰ কথা শুনি ডাক্তৰজন আচৰিত হৈছিল। কিন্তু মই কবলৈ ধৰিলো যে, “বসুমতী” কাগজত দুই বন্ধুৰ গল্প এটি লেখিছিল। তেওঁলোকৰ এজন ডাক্তৰ [ ৫০ ] এজন কেৰেণী। কেৰেণী জনৰ কিবা এটি দুৰাৰোগ্য বেমাৰ হোৱাত কোনো প্ৰকাৰে ভাল হবৰ আশা নেদেখি ডাক্তৰ বন্ধুক মতাই সকলো প্ৰকাৰ বিহ-দেৱাই খুজিলে। কেৰেণীজনে ভাবিছিল “হয় তো সকলো প্ৰকাৰ বিষ খাই বেগতে মৰিম নহলে ভাল হম।” ডাক্তৰ বন্ধুয়েকে তেওঁৰ অনুৰোধ এৰাব নোৱাৰি সকলো প্ৰকাৰ বিহৰ মিকচাৰ কৰি দিলে। তাকে খাই কেৰেণীজন দুৰাৰোগ্য বেমাৰৰ পৰা ৰক্ষা পৰিল। অতএব তুমি মোকো বিহ মিকচাৰ কৰি দিয়া। ইমান কষ্ট খাই জীয়াই থকাতকৈ মৰাও ভাল। সেইটো খোৱাত ৰাতি ভাল টোপনি আহিল আৰু পেটৰ বিষো কমি গল। পেটৰ বিষ ভাল পোৱাত পিছদিনা মটৰেৰে শ্ৰীযুত শিৱপ্ৰসাদ বৰুৱাৰ ওচৰ পালোগৈ, সহায় পৰামৰ্শ বিচাৰি।

 

পোকৰ দৌৰাত্ম্যত ধাৰ বৃদ্ধি

 ১৯০১ সনত এবিধ পোকে চাহগছৰ পাতবোৰ খাবলৈ ধৰিলে। গছবোৰ জুয়ে পোৰাৰ নিচিনা হৈ গল। মই বেমাৰত পৰি থকো; বঙ্গলাৰ পৰা চাঁও চাহনিখন ৰঙা পৰি গৈছে। মহৰী আৰু চৰ্দ্দাৰবিলাকে পাত চিঙ্গিবলৈ পাবলৈ নাই নাই বুলি কয়হি। কোনো উপায়েৰে পোক গুচাব নোৱাৰি টোকোলাই এক্সপেৰিমেণ্টলৰ বাবু এজনক মতাই আনি দেখুৱালো। তেওঁ দেৱাই এটাৰ কথা কৈছিল; কিন্তু সেই দেৱাইটো বহুত দিনৰ মূৰতহে পাব বোলাত দেৱাই [ ৫১ ] অনাবলৈ নহল। বাগান উজাৰ হব লগীয়া হলত মৰঙ্গি বাগানৰ ছাহাবক বুদ্ধি সুধিলো। তেওঁ পোকবোৰ ধৰাই মৰাবলৈ কোৱাত অন্য কাম বাদ দি মটা কুলিবোৰক পোক ধৰিবলৈ লগাই দিলো। ক্ৰমাৎ লেটা আৰু পখিলা ধৰাই মাৰোতে মাৰোতে ২৪/২৫ হেজাৰ টকা লোকচান হল।

 বাগানত পাত কমি যাবলৈ ধৰিলে। পোকে খোৱা পাতৰ চাহৰ কলিকতাতো দৰ পৰি যাব ধৰিলে। দেওপানীত অজস্ৰ টকা খৰচ কৰা হল। এইদৰে খৰচ হৈ যোৱাত প্ৰায় ১৭০ এশ সত্তৰ হাজাৰ টকাৰ ধাৰ লাগিল। এই ধাৰ বেছি হোৱাত কোম্পানীয়ে মোৰ তাবৎ সম্পত্তি বন্ধক লবলৈ বিচাৰিলে আৰু সুদৰ নিৰিখ বঢ়ালে। দলিল এটা ড্ৰাফ কৰি মোলৈ পঠাই দিলে। দলিলৰ চুক্তিবোৰ দেখি সন্দেহ লাগি শ্ৰীযুত গোপীকা উকিলক দেখুৱালো। তেওঁ চুক্তিবোৰ চাই ‘পাছত বিপদত পৰিব পাৰা’ বুলি শিৱপ্ৰসাদ বৰুৱাৰ পৰামৰ্শ লবলৈ কলে।

 সেই সময়ত মোৰ শুলৰ বিষ অতিপাতকৈ উঠাত গা অত্যন্ত অসুখ হৈছিল। তথাপি নৰীয়া গাৰেই তেওঁৰ ওচৰলৈ গৈ সকলো কথা কৈ-মেলি কোম্পানীয়ে পঠোৱা দলিলটোৰ ড্ৰাফটো দেখুৱালো। তেখেতে পঢ়ি চাই তাত লেখা চুক্তি মতে সম্পত্তি বন্ধক দিবলৈ মন কৰিলে আৰু তেওঁলোকৰ কোম্পানীৰ লগত বন্দবস্ত কৰি দিবলৈ সন্মত হল। আমি অহাৰ পাছত তেখেতে তেওঁলোকৰ উলিয়ামছন কোম্পানালৈ আমাৰ বিষয়ে লেখাত কোম্পানীয়ে আমাক কলিকাতালৈ পঠাই দিবলৈ লেখিলে। তেখেতে আমাক তৎক্ষণাৎ যাবলৈ [ ৫২ ] খবৰ দিলে। মই লগত শ্ৰীমান সোণা আৰু কেৰেণীজনক লৈ কলিকাতা পালোগৈ। পাচদিন নিজ কোম্পানীৰ বৰ ছাহাবক দেখা কৰি কলো যে, আমি পুৰণি কাৰবাৰী; আমাৰ ধাৰৰ ওপৰত ইমানকৈ সুদৰ নিৰিখ বঢ়াই ধৰা আৰু ১৭০ এশসত্তৰি হাজাৰ টকাত তিনিখন বাগিচা বন্ধক ৰাখিবলৈ বিচৰা অন্যায় হৈছে। অতএব আমি সেইদৰে বন্দবস্ত কৰিব নোৱাৰো। অন্য কোম্পানীৰ ওচৰত ধাৰলৈ টকা বিচাৰি চাওঁ।

 সেই কথা শুনি বৰ ছাহাৰজনে সুদৰ নিৰিখ আৰু চুক্তি ভুলক্ৰমে লেখা হৈছে বুলি কৈ বগীধলা আৰু কালিয়নী বাগিচা দুখনকে বন্ধক লবলৈ সন্মত হল। সুদো শতকৰা বছৰি ৬৲ টকা কৰি প্ৰতি ৬ মাহত মূলত জমা কৰিবলৈ স্বীকাৰ কৰিলে। সেই বন্দোবস্তত আমি সন্মত হৈ বাগানলৈ গুচি আহিলো। পাছত গোলাঘাটৰ কাচাৰীত দলীল ৰেজেষ্ট্ৰী কৰাই পঠাই দিলো, উলিয়ামছন কোম্পানীৰ অফিছলৈ।

 মা লক্ষ্মীয়ে কৃপা কৰাত ২ বছৰৰ ভিতৰতে আটাই কিখন বাগানে এই ধাৰবোৰ পৰিশোধ কৰিব পৰাকৈ পাত দিলে। চাহৰো দাম উঠিল। বছৰৰ শেষত কলিকতাত গৈ হিছাপ কৰি ধাৰ পৰিশোধ কৰা হল আৰু দলিল-পত্ৰ পট্টা-পঢ়ণা ঘূৰাই অনা হল। তাৰ পাছৰ বছৰতো চাহত দাম পোৱা হল। কোম্পানীৰ ঘৰত যথেষ্ট টকা জমা থাকিল। বাগান কেখনৰ কৰাব লগীয়া কামবোৰ কৰোৱা হল।


 
[ ৫৩ ]

চেনীৰ কাৰখানা

 এইবাৰ পুনৰ টকা জমা থাকিলত চেনীৰ কাৰখানা খুলিবলৈ মন গল। কাৰণ আসাম দেশত পৰ্য্যপ্ত পৰিমাণে গুৰ উৎপন্ন হয; কিন্তু ক’তো চেনীৰ কাৰখানা নাই। অন্য দেশত গুৰৰ লগে লগে চেনীৰ কাৰখানা আছে। তাকে দেখি শুনি দেওপানী বাগিচাৰ ওচৰত এশ একৰ মাটিত কুহিয়াৰ খেতি কৰাই চেনীৰ কাৰখানা খোলাইছো। মা লক্ষ্মীয়ে যেন এই ব্যাবসায়তো কৃপা দৃষ্টি কৰে— ইয়াকে মাত্ৰ তেওৰ চৰণত প্ৰাৰ্থনা জনাইছো। মোৰ নিচিনা বিদ্যা-বুদ্ধি বল-শক্তি মিত্ৰ-কুটুম্ব আৰু বন্ধু-বান্ধববিহীন ক্ষুদ্ৰ প্ৰাণী এটাৰ হতুৱাই যিবোৰ কাৰ্য্য সাধন কৰাইছে, সেইবোৰ একমাত্ৰ তেওঁৰ কৰুণাৰ চিন।

 চেনীৰ কল কৰাৰ আছল উদ্দেশ্য আছিল এই যে, দেওপানীৰ ওচৰত অপাৰ বাম মাটি থকাত দুখীয়া ৰায়তে কুহিয়াৰ কৰি মিলত দিলে অনেক সহায় হব পাৰিব। কাৰণ কুহিয়াৰ কৰিব অনায়াসে পাৰে, ভাটিফালৰ দৰে ইয়াত পানী সিচি কুহিয়াৰ কৰিব নালাগে; কিন্তু বহুতে অকলসৰীয়া কাৰণে কুহিয়াৰ কৰি গুৰ কৰা পৰিশ্ৰম কৰিব নোৱাৰাত কুহিয়াৰ খেতিত মন নিদিয়ে। ভাটিৰ ফালে খেতিয়কবিলাকে কুহিয়াৰ কৰি মিলত দি অনেক টকা পায়। ইয়াতে মিল কৰিলে মিলো সহজে চলিব আৰু ৰায়তেও কুহিয়াৰ কৰি মিলত দি উপাৰ্জ্জন কৰিব পাৰিব।


 
[ ৫৪ ]

বিবাহ

 ককাইদেউৰ মৃত্যুৰ পাছত মোৰ বিবাহৰ কোনো কথা বতৰা নাছিল। যেতিয়া আমি নিজ উপাৰ্জ্জনত পোহপাল যাব পৰা হলো, তেতিয়া আমাৰ বিমাতৃৰ আইৰ লগত মিল হৈ পুৰ্ব্বৰ ইৰ্ষাভাব এৰি দুইৰো অহাযোৱা আৰু একেলগে খোৱা লোৱা চলিবলৈ ধৰিলে। ঈশ্বৰৰ কেনে বিচিত্ৰ লীলা যে, যাৰ উৎপীড়নত আয়ে পেটৰ পোৱালী আৰু গিৰিয়েকক এৰি লোকৰ ঘৰত কান্দি ভাত খাই জীৱন কটাইছিল, তেনেকুৱা দুজনী মানুহকে পুনৰ মিল কৰাবলৈ বিমাতৃৰ অৱস্থা ক্ৰমৎ পেলাই দিলে। অবশেষত তেৱো খেতি কৰাইহে খাইছিল।

 তেওঁলোক দুজনাৰ মিল হোৱাৰ পৰাই মোৰ বিবাহৰ কথা উত্থাপন হবলৈ ধৰিলে। দুইজনা মাতৃয়ে মোৰ বিয়া পাতিবলৈ উত্ৰাৱল হল। বিহাৰ দেশৰ ব্ৰাহ্মণ পণ্ডিত এজন বিমাতৃৰ গুৰু আছিল। তেওঁ সদায় বিমাতৃৰ দোকানতে থাকে। তেওঁ যেনে চালাক-চতুৰ, কামতো তেনে পাৰ্গত। বিমাতৃৰ কোনো মামলা মকৰ্দ্দমা লাগিলে তেৱে চলায়। পিতা জীয়াই থাকোতে তেওঁ সোণ তৈয়াৰ কৰিব জানো বুলি বহুত টকা লোকচানো কৰালে। দুইজনা মাতৃয়ে মোলৈ ছোৱালী বন্দৱস্ত কৰাৰ ভাৰ তেওঁকে দিলে।

 তেওঁৰ গাত ছোৱালী বন্দবস্ত কৰা ভাৰ পৰিলত তেওঁ শিৱসাগৰলৈ অহা যোৱা কৰোতে দেখি শুনি থকা ঘনৰামসিং ৰাজপুতৰ ছোৱালীজনীকে বন্দবস্ত কৰিলে। এওঁ পুলিছৰ [ ৫৫ ] পৰা অবসৰ লৈ দিচাং ঘাটত মিঠাইৰ কাৰবাৰ কৰি জীবিকা চলাই আছিল। গুৰুজনে দিচাংঘাটলৈ গৈ বিয়াৰ দিনবাৰ ঠিক কৰি আহিল। মোৰ দোকানত বহুত ধাৰ লগাত বিমাতৃৰ দোকানৰ পৰাই বিয়া পতা হল। লগত আপোন আপোন ৫/৬ জন মানুহ লৈ গাড়ীৰে বিয়াৰ যাত্ৰা কৰিলো। গোলাঘাটত মহাজনৰ পৰা ৫০৲ পঞ্চাশ টকা ৰুপ ধাৰ কৰি লৈ গলো। বাট বৰ বেয়া আছিল, গাড়ীৰে যাওঁতে যাওঁতে ককিলামুখত জাহাজ ধৰিব নোৱাৰি বৰ বিমোৰত পৰিলোগৈ।

 তেতিয়া আটাইকিজনে পৰামৰ্শ কৰি বাপেকলৈ টেলিগ্ৰাম কৰা হল যে, আমি উজান জাহাজ ধৰিব নোৱাৰিলো; তুমি ভাটি জাহাজত ছোৱালীকে লৈ আহাঁ; ইয়াতে বিয়া কৰাব পৰা হব। বাপেকে টেলিগ্ৰাম পাই ছোৱালীকে লৈ আহিল। সেই দিনাই বিয়াৰ দিন আছিল। তলে বোকা ওপৰে পানী আৰু ঘৰদুৱাৰ নোহোৱা ঠাইত কেনেকৈ বিয়া কৰোৱা হয় বুলি মহা চিন্তাত পৰিলো।

 ককিলামুখৰ ওচৰত বহুত নেপালীৰ খুটি আছিল। আমাৰ দুখ বিপদৰ কথা কৈ সিহঁতৰ খুটিত বিয়া পাতিবলৈ ঠাই বিচৰা হল। নেপালীবোৰৰ মৰম লাগি পোৱালী বন্ধা ঠাইতে বিয়া পাতিবলৈ দিলে। তাতে সুকলমে বিয়া কৰোৱা হল। পাচদিনা নৈৰ বালিত খোৱা বোৱা কৰি ঘৰলৈ ৰাওনা কৰিলোহঁক। শহুৰৰ লৰাও এটি, ছোৱালীও একেজনী। তেওঁৰ পৰিবাৰো নাই। লৰাটো সৰু; তাক বায়েকৰ লগতে থৈ তেওঁ ঘৰলৈ উভটি গল।

 বিয়া কৰোৱাৰ ডেৰবছৰৰ পাছত ছোৱালীৰ কন্যকাল হল। [ ৫৬ ] মোৰ আয়ে বোৱাৰীয়েকক মুঠেই দেখিব নোৱাৰিছিল। খাওঁতে বওঁতে উঠোতে বহোতে সদায় গালি শপনি পাৰি মাৰ কিল কৰে। বোৱাৰীয়েকে নকৰিব লগীয়া কামবোৰ গালি শপনি পাৰি কৰয়। বোৱাৰীয়েকে সকলো অত্যাচাৰ সহ্য কৰাতো শাহুয়েকৰ মৰম নলগাত মোৰ অন্তৰত আঘাত লাগিছিল। অন্য প্ৰকাৰে আইৰ অত্যাচাৰ গুচাব নোৱাৰি যেতিয়া মিনতি কৰি কোৱা হল, তেতিয়া মোকো তেওঁৰ নিচিনাকৈ বেয়া পাবলৈ ধৰিলে। এইদৰে কষ্টভোগ কৰি কিছুদিন থাকোতেই বাপেকে জীয়েকক নিবলৈ আহি ওলালহি। মই কোনো আপত্তি নদৰ্শাই ৰংমনে পঠাই দিলো। ঘৰত গৈ অলপদিন থাকোতেই তেওঁৰ মৃত্যু হল। আইৰো মনৰ হেপাহ পূৰ হল। প্ৰেতাদি কাৰ্য্য কৰি আগৰ দৰে মনৰ শান্তিত থাকিবলৈ পালো।

 প্ৰথম পত্নীৰ ওপৰত আইৰ অসহনীয় অত্যাচাৰ দেখি পুনৰ বিয়া নকৰাবলৈ মন কৰি দোকান আদিৰ কাৰবাৰত বিশেষ যত্ন কৰিছিলো। দুবছৰৰ ভিতৰত ধাৰ ঋণ মাৰি দুহেজাৰ মান টকা জমা কৰিলো। হাতত টকা জমা হোৱা দেখি পুনৰ বিয়া পাতিবলৈ আই আৰু বৌৰ তত্ নাইকীয়া হল। বৌৰ নুমলীয়া ভণীয়েকেৰেই বিয়া পাতোগৈ বুলি দেশলৈ যাবলৈ ওলাল। তেওঁলোকৰ অনুৰোধক্ৰমে ময়ো যাবলৈ বাধ্য হলো। বিয়া কৰাবলৈ যাম বোলা শুনি মহাজনে দুজন বিশ্বাসী গোমস্তা পঠাই দিলে। তেওঁলোক দুজনক দোকান চমজাই আমি দেশলৈ যাত্ৰা কৰিলো। আমি বিয়া কৰাবলৈ যোৱাৰ কথা দেশত কালৈকো খবৰ দিয়া নাছিলো।
[ ৫৭ ]  ৰেল ষ্টেশ্যনৰ পৰা বৌহঁতৰ ঘৰলৈ ৯ মাইল দূৰ। আমি ৰেলৰপৰা নামি গাড়ী এখন কেৰেয়া কৰি যাবলৈ ধৰিলো। বাটত যাওঁতে মানুহৰ ঘৰ-দুৱাৰবোৰ উদং হৈ থকা আৰু আমবাৰীবোৰত পঁজা সাজি মানুহ থকা দেখি গৈছিলো। তথাপি কাকো একো সুধিবলৈ নহল। দিনৰ ১মান বজাত তেওঁলোকৰ ঘৰ পালোগৈ। অনেক দিনৰ মুৰত মাক-জীয়েক ভায়েক ভণীয়েকহঁতৰ লগত দেখাদেখি হোৱাত যেনে আনন্দৰ ৰোল উঠিছিল, ককাইদেৱৰ মৃত্যু ঠাই পাই তেনেকৈ আমাৰ মনত শোকৰো-শেল বাজিছিল। গা-পা ধুই খাই-বৈ জীৰোৱাৰ সময়তে গাৱঁৰ মানুহবোৰ আহি আমাৰ লগত পৰিচিত হলহি আৰু আমাক সাদৰ সম্ভাষণ জনালেহি।

 এইদৰে কিছুদিন সুখ সন্তোষেৰে থকাৰ পাছত বিয়াৰ বন্দবস্ত কৰা হল। এনেতে সেই গাঁওখনতো প্লেগ বেমাৰ হবলৈ ধৰিলে। গাৱঁৰ এন্দুৰ নিগনিবোৰ মৰিবলৈ ধৰিলে। বৌৰ বংশৰ ককায়েক এজনৰ ঘৈণীয়েক সেই বেমাৰত পৰি দুদিনৰ ভিতৰতে মৰিল। গাৱঁৰ মানুহে লৰা লৰিকৈ আমবাৰীবোৰত পজা সাজি ঘৰদুৱাৰ এৰি থাকিবলৈ ধৰিলে। আমিও পজা ঘৰত থাকিবলৈ গলো। কেইদিন মানৰ পাছতে আমাৰ বৌও বেমাৰত পৰিল। অনেক যত্ন আৰু প্ৰতিপাল কৰিও তেওঁক বছাব নোৱাৰিলো। তেতিয়া আমি একেবাৰেই ভগ্নমনোৰথ হৈ নিজক নিজে ধিক্কাৰ দিলো। আঃ, কেনে দুভাৰ্গ্য! মোৰ নিমিত্তেই ককাই-বৌ দুয়ো একে ঠাইতে প্ৰাণ হেৰুৱালে। তেওঁলোক দুয়ো মাতৃ দেশত জন্ম লৈ পিতৃ দেশত প্ৰাণ এৰিলেগৈ।
[ ৫৮ ]  এইদৰে আমি দুখ বেজাৰ কৰি থাকোতেই বৌৰ মাকে আমাক অন্য ঠাইত আতৰি থাকিবলৈ কলে। বেমাৰ দিনক দিনে বেছি হৈ আহিছিল। তেতিয়া আমি কলৈ যাম, কি কৰিম বুলি ভাবি চিন্তি বিমাতৃৰ ভাই-বোৱাৰীয়েকৰ ঘৰলৈ যোৱাৰ ঠিক কৰিলে। তেওঁৰ লগত কোনোদিন আমাৰ দেখাশুনা নাছিল। গিৰীয়েকৰ নাম সুধি সুধি তেওঁৰ ঘৰ ওলাই পৰিচয় দিয়াত তেওঁ বৰ সাদৰ সম্ভাষণ কৰি আমাক থাকিবলৈ দিলে। তেওঁৰ ছোৱালী এটি মাত্ৰ; তাইকো বিয়া দি থৈছিল।

 তেওঁৰ ঘৰত এমাহ মান থাকোতেই বৌৰ ভায়েক আহি গাওঁ ভাল হল বিয়া কৰাবগৈ লাগে বুলিলে। তেতিয়া আমি পণ্ডিত মতাই আনি তেওঁৰ আগতে বিয়াৰ অন্য এটা দিন ঠিক কৰি তেওঁক ওভোতাই পঠালো। পাছত বিয়াৰ দিনা বিয়া কৰাবলৈ গৈ দেখো যে, তেওঁলোকৰ ঘৰত বিয়াৰ কোনো আয়োজন নাই। মাকে কলে, গাঁৱৰ মিত্ৰ-কুটম ভাই-বন্ধুসকলে এই বছৰত বিয়া দিবলৈ মানা কৰাত বিয়া পতা নাই। পিছবছৰত আহি বিয়া কৰাবাহি। তেতিয়া আমি দুখে বেজাৰে লাজে অপমানে মৰ্ম্মাহত হৈ ঘৰলৈ উভতি আহিলো। বৌৰ প্ৰেতকাৰ্য্যাদি কৰি আতাই মনত ভাবিলো যে, মোৰ বিয়া পাতিবলৈ আহি জয়ে জয়ে ককাইদেৱে প্ৰাণ হেৰুৱালেহি, এইবাৰ আহি বৌৱেও প্ৰাণ এৰিলেহি। অতএব আমি ছোৱালীলৈ টোপালি থকা উচিত নহয়। তাতে লোকৰ হাতত দোকান দি বিদেশত আহি থকা উচিত হোৱা নাই; ঘৰলৈ উভতি যাওঁগৈ।
[ ৫৯ ]  এইদৰে ভাবি-চিন্তি ঘৰলৈ উলতি আহিলো আৰু গোমস্তা কেইজনৰ পৰা দোকান চমজি লৈ পুনৰ কাৰবাৰত ধৰি বিয়া নকৰাই থাকো বুলি ভাবিবলৈ ধৰিলো। কিন্তু আয়ে ‘হাঁ বোৱাৰী, হাঁ বোৱাৰী’ বুলি হিয়া ধাকুৰি ছোৱালী বিচাৰিবলৈ ধৰিলে। যাকে যতে পায়, তাকে ছোৱালীৰ খবৰ সুধিবলৈ ধৰিলে। এদিন গোলাঘাটত শুনিবলৈ পালে যে, ডিব্ৰুগৰৰ নাওশাল বাগিচাৰ বৰমহৰি শ্ৰীযুত লক্ষীসিংহৰ এজনী পূৰ্ণবয়স্কা বিয়া দিবলগা ছোৱালী আছে; তেওঁ দৰা বিচাৰি ফুৰিছে। বায়েকক গোলাঘাটৰ শ্ৰীযুত মূলসিংহে বিয়া কৰাইছে; বাপেক মাক ছোৱালী আদি সকলো ভাল। সেই কথা শুনি তেওঁক ছোৱালী খুজি বাঢ়ি দিবলৈ আয়ে বৰকৈ অনুৰোধ কৰিলেগৈ।

 আইৰ অনুৰোধক্ৰমে তেওঁ শহুৰেকৰ ঘৰত ছোৱালী বন্দবস্ত কৰি আহি আমাৰ লগত বিয়াৰ দিন ঠিক কৰিলেহি। মই, বামুণ এজন আৰু শ্ৰীযুত মুক্তি সিংহৰ ভায়েকক লগত লৈ বিয়া কৰাবলৈ যাত্ৰা কৰিলো। ডিব্ৰুগড়ৰ ঠাকুৰবাৰীত আমি থাকিবলৈ ললো। তাৰপৰাই অনেক গান বাজানাৰে বৰযাত্ৰী হৈ কন্যা ঘৰলৈ আহিছিলোহক। কিন্তু সেই বাগানৰ মেম ছাহাবৰ বেমাৰ থকাত বাগানৰ ভিতৰত বাদ্য-ভাণ্ড কৰিব নোৱাৰে বুলি বৰ ছাহাবে বাটতে চকিদাৰৰ হতুৱাই বন্ধ কৰালে। তেতিয়া কোনো বাদ্য নবজোৱাকৈ চুপে চাপে গৈ বিয়া কৰোৱা হল। বিয়া হৈ যোৱাৰ পাছত উভয় পক্ষে সুখ সন্তোষেৰে সাদৰ সম্ভাষণ জনাই খাই বৈ ঘৰলৈ আহিলোহঁক।
[ ৬০ ]  এওঁক বিয়া কৰাই সুখ সন্তোষেৰেই কাল কটাইছিলো। এওঁৰ ওপৰত আইৰ বৰকৈ কটাক্ষ পৰিব নোৱাৰিছিল। অকস্মাৎ কেতিয়াবা অলপ কটাক্ষ পৰিলে তেওঁ বেদৰ বানী বুঢ়াৰ বচন বুলি এৰি পেলাইছিল। মনত অলপো ক্ৰোধ বা দুখ বেজাৰ নেৰাখিছিল। প্ৰকৃততে তেওঁ এজনা সৰবৰহী তিৰোতা আছিল। আগৰে পৰা যদিও মোৰ খেতি বাতি আছিল, তথাপি এওঁৰ দিনত বৰ ধুম ধাম খেতি বাতি হৈছিল। এওঁৰ দিনত ধান খেতি, কুহিয়াৰ আৰু হাতীৰ কাৰবাৰ কৰি বহুত টকা লাভ কৰিছিলো।

 বিয়া কৰোৱাৰ দুবছৰৰ পাছত শ্ৰীমান সোনা বোপাৰ জন্ম হয়। বুঢ়ীমাকৰ নাতি দেখি আনন্দৰ পাৰ নাই। বিধি বিধান কোনেও খণ্ডাব নোৱাৰে। লৰা জন্ম হোৱাৰ এমাহ মানৰ পাছতে হাতী বেচিবলৈ মই মেলালৈ যাব লগা হল। মই যাবলৈ ওলাইছো, এনেতে মাকে আহি কলে যে, তেওঁৰ গাটো অলপ জ্বৰ জ্বৰ লাগিছে, অন্য কোনো বিকাৰ নাই। তেতিয়া মই ‘আলমাৰিত সুধা সমুদ্ৰ আছে, জ্বৰ উঠিলে তাৰে কেইপালিমান খাবা’ বুলি কৈ মেলালৈ যাত্ৰা কৰিলো।

 মই যোৱাৰ পাছতে তেওঁৰ জ্বৰ হল, মই কৈ যোৱা মতে সুধা সমুদ্ৰ খাবলৈ মন কৰি আলমাৰী খুলি দৰব উলিয়াই খালে। দুৰ্ভাগ্যবশতঃ সেই আলমাৰীত কিছুমান ৰাংপানীও আছিল। কোনটো সুধা সমুদ্ৰ আৰু কোনটো ৰাংপানী চিনিব নোৱাৰি ৰাংপানীকে সুধা সমুদ্ৰ বুলি খাই দিলে। [ ৬১ ] সুধা সমুদ্ৰৰ বটলতে ভগা ফুটা টিন জালিবলৈ ৰাংপানী আনি থৈছিলো। অশৌচীয়া কেচা নাৰীত ৰাংপানী পৰি নাৰীত ঘা লগালে। বমিত তেজ আৰু বিজাল আৰু পেশাবত তেজ আহিবলৈ ধৰিলে। ধলাগুৰিৰ ডাক্তৰ মতাই আনি অনেক চিকিৎসা কৰাই চালে। দৰব চাই তেওঁ বিহ খালে বুলিয়েই কলে। অনেক চিকিৎসা কৰাতো ভাল হোৱাৰ আশা নেদেখি মোলৈ টেলিগ্ৰাম দিবলৈ কলে। শ্ৰীমান সোনাৰ টান বেমাৰ বুলি মোলৈ টেলিগ্ৰাম দিলে। সেই সময়ত মোৰ এটা হাতী বেচিবলৈ বাকী আছিল। সেই হাতীটো জামাদাৰৰ জিমাত দি মই তৎক্ষণাৎ ঘৰলৈ ৰাওনা কৰিলো।

 ঘৰ আহি পাই দেখিলো যে, লৰাৰ কোনো বেমাৰ নাই; মাকহে শয্যাগত বেমাৰী। বেমাৰৰ কথা সোধাত সুধা সমুদ্ৰ বুলি ৰাংপানী খোৱাৰ কথা কলে। ডাক্তৰ বেজ আদিৰ দ্বাৰাই অনেক চিকিৎসা কৰোৱালো; কতো একো গুণ নধৰিলে। এদিন ৰাতি শুই থাকোতেই প্ৰায় আঢ়ৈ সেৰমান ধেলা ধেলা তেজ বাজ হৈছিল; তেতিয়াই মৰেহে বুলিছিলো। তৎক্ষণাৎ ডাক্তৰ মতাই আনি চিকিৎসা কৰোৱাত কিছু আৰাম হল। বেমাৰীয়েও ৰক্ষা পৰাৰ আশাত বৰ সাৱধানে পথ্য ব্যৱহাৰ কৰিছিল আৰু আগ্ৰহেৰে ঔষধ পাতি খাইছিল। এইদৰে ৫/৬ মাহ অশেষ কষ্ট আৰু নিকাৰ ভোগ কৰি অবশেষত শ্ৰীমান সোনাক মাওৰা কৰি আৰু মোক বিৰহৰ জুই দি ইহলীলা সামৰি পৰলোকলৈ গতি কৰিলে।

 পত্মী বিয়োগত মন প্ৰাণ জৰ্জ্জড়িত হল। ঘৰ-দুৱাৰ, [ ৬২ ] খেতি-পথাৰ, দোকান-পোহৰ, যেনিয়েই চাওঁ পোৰা নগৰ যেন দেখা হলো। ‘প্ৰভু! চিৰদিন দুখ বেজাৰ শোক সন্তাপ পাই থাকিবলৈকে মোক স্ৰজন কৰিলানে কি?’ বুলি প্ৰাৰ্থনা কৰিবলৈ ধৰিলো। কিন্তু সোণাৰ মুখলৈ চাই পত্মী বিৰহৰ দুখ কিছু কমাই মনক সান্ত্বনা দি কওঁ, ‘মাকৰ কাল প্ৰাপ্তিৰ সময় হল, তেওঁ মৰিল; মোৰ এই পোনাকনক ভালে কুশলে তুলি তালি ডাঙ্গৰ দীঘল কৰিব পাৰিলেও মোৰ সাৰ্থক হয়, মাকৰ প্ৰেতাদি কাৰ্য্যও যথাবিহিত ৰুপে কৰা হল। পোনাটিৰো খোৱা-বোৱা, লোৱা-মেলা কৰাৰ সুবিধা কৰি দিলো।

 শ্ৰীমান সোণাক প্ৰতিপাল কৰাৰ উপায় ভাবি ভাবি আৰু মাকৰ গুণ সুৱঁৰি সুৱঁৰি আই আৰু মই বৰ দুখেৰে কাল কটাইছিলো। ক্ৰমান্নয়ে লৰাটিও অলপ বুজন হল; তাৰ লৰা কালৰ ৰং ধোমালিবোৰ দেখি মনৰ দুখ পাতল হল। সেই সময়ত ঘৰ-দুৱাৰ চলোৱাৰ বিশেষ অসুবিধা হৈছিল। লৰাটিৰ ৰং ধেমালিবোৰ দেখি মনত ভাবিবলৈ ধৰিলো যে, মাকৰ ভাগ্যত লৰাৰ এই ৰং ধেমালি দেখিবলৈ লেখা নাছিল; সেই নিমিত্তে দেখিবলৈ নেপালে; আমি দুখ বেজাৰ কৰা মিছা।

 ঘৰৰ অসুবিধাবোৰ দেখুৱাই শালপতিজনক পুনৰ এজনী ছোৱালী বিচাৰি দিবলৈ আয়ে অনুৰোধ কৰিলে। আই বুঢ়ী মানুহ; ঘৰ আৰু নাতিয়েক দুইটিৰ সাৱধান লোৱা বৰ কষ্ট হোৱাটো অনুভব কৰি পুনৰ ছোৱালী বিচৰাত মই দ্বিৰুক্তি কৰিবলৈ নহল। তেওঁক ছোৱালীৰ কথা কোৱা মাত্ৰে অন্যৰ ছোৱালী নিবিচাৰি ককায়েক শ্ৰীযুত শিউ [ ৬৩ ] গোপাল সিঙ্গৰ জীয়েককে খুজিবলৈ কলেহি। তেওঁ কোৱা মতে ছোৱালী খোজা হল। তেওঁ ককায়েকক ছোৱালী দিবলৈ জোৰ কৰি ধৰাত ককায়েকে দিবলৈ ৰাজি হৈ বিয়া পাতিলে। সেই সময়ত মোৰ কাৰবাৰবোৰ আৰু ঐশ্বৰ্য্য বিভুতি দেখি ছোৱালী দিবলৈ কোনেও দ্বিৰুক্তি নকৰে। তেওঁৰ জীয়েকৰ বয়স ১১ বছৰহে হৈছিল। তাত বোৱা কাম শিকাবলৈ বুলি যোৰহাটৰ বুঢ়ীমাকৰ ঘৰত আছিল গৈ। আমি ছোৱালী দেখিবলৈ পোৱাই নাছিলো।

 মোৰ হাতীৰ জামদাৰজনে কথাটি জানি শিৱসাগৰৰ পৰা হাতী লৈ উভতি আহোতে কলগছ কিনাৰ ভাও ধৰি বুঢ়ীমাকৰ ঘৰত সোমাই ছোৱালী চাই আহি আমাৰ আগত ছোৱালী ভাল বুলি কোৱাত আমিও বিয়া পাতিলো। তেওঁক অসমীয়া ধৰণে ধুলিয়া, গায়ন, হাতী-ঘোৰা, দোলা-দুলীয়া লগত লৈ বিয়া কৰোৱা হল।

 বিয়াৰ কেইমাহমান পাছৰ পৰা আকৌ অশান্তি ভোগ কৰিব লগীয়া হল কাৰণ কোনোবাই কিবা যাদু কৰা কাৰণেই নে কিবা ভুত লাগিয়েই, এওঁক সদায় ঘৰৰ পৰা বাজ কৰি নিয়ে। প্ৰথম দিনা ৰাতি শোৱা বিচনাৰ পৰা উঠি গৈ পাক ঘৰত সোমাই আইৰ বিচনাত শুই আছিলহি। মই সাৰ পাই তেওঁক নেদেখি কেউফালে বিচাৰ খোচাৰ কৰি নেপালো। অৱশেষত পাক ঘৰত আইৰ লগত শুই থকা পালোগৈ।

 আকৌ এদিন ৰাতি বিচনাৰ পৰা উঠি গোলাঘাটৰ ফালে গৈ থাকোতে মোৰ পেহীৰ পুতেকৰ দোকানৰ ওচৰত [ ৬৪ ] ৰাতি পুৱালত তেওঁ শুই উঠি আহোঁতেই দেখিলে। ইমান ৰাতিপুৱাই কৰ মানুহ অকলে গৈছে বুলি চাওঁতে চিনি পাই মাতি নি খুৱাই বুৱাই নানাৰকমে বুজাই মেলি দুপৰীয়া গাড়ীৰে আনি ঘৰত থলেহি। ইয়াত আমি বিচাৰি হাইৰাণ হৈ আছিলো।

 এদিন দুপৰীয়া আমি খাই-বৈ জুৰাই থাকোতেই সাউৎ কৰে পাছ ফালে ওলাই ধলাগুৰিৰ ৰাস্তাই দি যাবলৈ ধৰিলে। বাটত মোৰ ঘৰত কাম কৰিবলৈ অহা মানুহ কেইটিমানে পাই আগছি ওভোটাই অনাতহে আমি গম পাওঁ। কেলেই পলাইছ বুলি কোনোবাই সুধিলে একো মাত-বোল নকৰে।

 সেইদিনা ৰাতিলৈ আমাক ভাত পানী বাঢ়ি দিয়েই দৈগ্ৰোং বাগানৰ ফালে পলাই গল আমি ভাত খাই-বৈ উঠি ঘৰত নেদেখি বিচাৰি খলক লগাবলৈ ধৰিলো। দৈগোৰোঙ্গালৈ যোৱা পুৰণি বাটটোৱেদি গধূলি মানুহ অহা যোৱা কৰিবলৈকে ভয় কৰে, তাতে আকৌ বাৰিষাৰ বোকা পানী আৰু ঘোপমৰা এন্ধাৰ। তেনেস্থলত অকল সাৰী এখন পিন্ধিয়েই অকলে অকলে গৈ দৈগোৰোঙ্গৰ ঘাট পাৰ হলগৈ। তাত নাপিত এটি আছিল, সি চিনি পাই চকিদাৰৰ সৈতে তাতে ৰাখি ঘৰলৈ খবৰ দিলে। খবৰ পাই তেতিয়াই অনাগৈ হল।

 পুনৰ পলাই বুলি সদাই বৰ সাৱধানে থাকো, চাকৰ নকৰবিলাককো চাই-চিতি থাকিবলৈ কওঁ, দুৱাৰ ঘৰো ভালকৈ বন্ধ কৰা হয়। তেনেস্থলত কোন পলকত সকলোৰে চকুত বালিমাৰি ঘৰৰ পৰা ওলাই যায় কোনেও তৰ্কিব [ ৬৫ ] নোৱাৰে। বাৰে বাৰে পলাই যোৱাত আৰু বিচাৰি হাইৰাণ হোৱাত মনত অশান্তি বাঢ়িবলৈ ধৰিলে। সেই সময়ত মোৰ অৰ্থ-বিভুতি হোৱাত সকলোৰে পৰা মান-সম্ভ্ৰম পাইছিলো। তেনেস্থলত মোৰ তিৰোতা পলাই ফুৰাটো বৰ অপমানজনকো। সেই কাৰণে আয়েও মুঠেই দেখিব নোৱাৰিছিল। কেইদিন মানৰ পিছত আকৌ এদিন ১/২ মান বজা ৰাতি বিচনাৰ পৰা উঠি গোলাঘাটৰ ফাললৈ যাবলৈ ধৰিলে। ৰাতিপুৱাত লুৰকীহাটত সম্ৰান্ত মুছলমান এজনে লগ পাই “তই কৰ ছোৱালী ইমান ৰাতিপুৱাই অকলে অকলে আহিছ? নিশ্চয় তই পলাই আহিছ” বুলি টানকৈ সোধাত বাপেকৰ নাম আৰু মোৰ তিৰোতা বুলি কলে। তেতিয়া তেওঁ বুজাই কলে “তই ভাল মানুহৰ জীয়াৰী আৰু ভাল মানুহৰ তিৰোতাও; তেনেস্থলত খোজ কাঢ়ি অকলে অকলে যাব নেলাগে। মই গাড়ীৰে বাপেৰৰ ঘৰত থোৱাম।” নিজৰ পৰিবাৰক ৰখি থাকিবলৈ কলে।

 তেওঁ তৎক্ষণাৎ বিমাতৃক খবৰ দিলে। মোলৈকো খবৰ দিছিল; কিন্তু বিমাতৃয়ে খবৰ পোৱা মাত্ৰে গাড়ী পঠিয়াই তেওঁৰ ঘৰলৈ নিয়ালে। বাৰে বাৰে পলাবলৈ ধৰাত একোপধ্যে ৰাখিব নোৱাৰি কেতিয়াবা কিবা ঘটনা কৰে বুলি ভাবি বাপেকক লৈ যাবলৈ খবৰ দিলো। মোৰ চিঠি পাই বাপেকে আহি লৈ গলহি। ঘৰত মাকে “কিয় পলাই ফুৰ” বুলি সোধাত আমাৰ ঘৰত থাকিবৰ মন নেযায় আৰু মোক দেখিলেই ভয় লাগে বুলি কৈছিল। তাতো সদায় মন মাৰি থাকিছিল। মাকে নানা বেজ জ্ঞানী লগাই পানী কটাই গা [ ৬৬ ] ধুৱাইছিল আৰু কোনোবাই কিবা খুৱাইছে বুলি দৰব খুৱাই দিয়াত পেটৰ পৰা নানা তৰহৰ বস্তু ওলাইছিল। সেইবোৰ ওলোৱাৰ পাছৰ পৰা মন মুকলি হৈ আহিবলৈ ধৰিলে। তাৰ ছমাহমান পাছত কন্যাকাল হল।

 পলাই ফুৰাত লাজ অপমান পাই ঘূৰাই আনিবৰ মোৰ মন নাছিল, বাপেক মাকে বহুত অনুনয় বিনয় কৰি কোৱাত আনিবলৈ মন কৰি বাগানতো দুটা ঘৰ সজাইছিলো; যদি ঘৰত পলায় বাগানত ৰাখিম। বাগানৰ পৰা পলালে একেবাৰেই ত্যাগ কৰিম। এবছৰৰ মূৰত মাকে জীয়েকক লৈ আহিল, লগত ভণীয়েকো আহিছিল। ঘৰ পায়েই শাহুয়েক আৰু মোক সেৱা সৎকাৰ কৰিলেহি। আইৰ পেটত ক্ৰোধ থকাত কোনো মাত বোল যে নকৰিলেই, বিয়নীয়েককো বঁহাহি বুলি নকলে। খোৱা-বোৱাৰ কোনো দিহাপোহা নকৰি গফোৱা গফিকৈ আতৰে আঁতৰে ফুৰা দেখি মই অনুনয় বিনয় কৰি বুজাই কোৱাত বৰ দুখেৰে আহি বিয়নীয়েকক ভিতৰলৈ মাতি নি পানীদুনী খুৱালেগৈ। কিন্তু ভালদৰে কথা বতৰা নহল।

 আইৰ গতি-গোত্ৰ দেখি দোকানত চাকৰ এটা ৰাখি পাচদিনাই বাগানৰ ঘৰলৈ তেওঁলোকক লৈ গলো। বায়েকৰ লগত ভণীয়েকক থৈ এসপ্তাহমানৰ পাছত মাক ঘৰলৈ গল। এতিয়া জীয়েকে শান্তিৰে থাকিবলৈ ললে। আগেয়ে যি জনী মানুহে মোক দেখি ভয়ত পলাই পত্ৰং দিছিল, এতিয়া সেইজনী মানুহে মোতে মন প্ৰাণ সপি থাকিবলৈ ধৰিলে। আইৰ মনত আগৰ আক্ষেপেই থাকিল। [ ৬৭ ] বোৱাৰীয়েকে হলে শাহুয়েকলৈ কোনো ক্ৰোধ ভাব নেৰাখিলে। মই ২/৩ দিনৰ পাছত খেতি পথাৰ দোকান আদি চাই যাওঁহি। বোৱাৰীয়েকে শাহুয়েকক চাবলৈ মাহেকে পষেকে অহা যোৱা কৰি থাকে। তথাপি আইৰ ক্ৰুৰ স্বভাব পৰিবৰ্ত্তন নহল। বোৱাৰীয়েকক কোনো দিনে স্নেহৰ চকুৰে নাচালে।

 শ্ৰীমান সোণাক মাহীয়েকে নিজ গৰ্ভৰ সন্তানৰ দৰে পালন কৰিছিল। তাৰ অলপ অসুখ অশান্তি হলেই বৰ কাতৰ হৈছিল। খেতি পথাৰৰ দিনত আইৰ বেমাৰ এজাৰত ঘৰলৈ আহি খেতি পথাৰৰ সাৱধান লয়হি আৰু গাইকো শুশ্ৰুষা কৰেহি।

 মোৰ ধাৰ-ঋণ মাৰি নিজগৰীয়া হোৱা সময়ত বিদেশত তীৰ্থ কৰিবলৈ যাবৰ মন কৰিলে। তেওঁৰ মনৰ ভাব বুজিব পাৰি মই লৈ গৈ কানপুৰ, অযোধ্যা, কাশী, বাৰনসী আদি ঠাইত ফুৰাই গয়াত পিণ্ডাদি দি বাগানলৈ ঘূৰি আহিলো। অহাৰ আগতে ডাঙ্গৰ ছোৱালীজনী দেশতে বিয়া দিবলৈ মন কৰাত উপযুক্ত পাত্ৰত ছোৱালাটি বিয়া দিয়া হল। বিয়াত তেওঁ মুক্তহস্তে টকা খৰচ কৰিছিল। দুভাগ্যবশতঃ সেই ছোৱালীটিৰ দ্বিৰাগমন কৰাবলৈ নাপালে।

 আইৰ শৰীৰ ক্ৰমাৎ পৰি অহা সময়ত বাগানৰ কামত মই অত্যন্ত ব্যস্ত থাকিব লগীয়া হোৱাত আইক শুশ্ৰুষা কৰিবলৈ সময় নেপাইছিলো। তেওঁ বৰ সাৱধানেৰে শুশ্ৰুষা কৰি পালন কৰিছিল। মই বিশেষ দৰ্কাৰত গোলাঘাটলৈ গৈছিলো। সেই দিনাই মাতৃয়ে বোৱাৰীয়েকৰ হাতে পানী দুনী খাই [ ৬৮ ] ইহলীলা সম্বৰণ কৰিলে। মই ঘূৰি আহি পাই মৃতকৰ সৎকাৰ কৰি প্ৰেত কাৰ্য্যাদি কৰিলো।

 আইৰ স্বভাব অত্যন্ত ক্ৰুৰ আছিল। বোৱাৰীয়েকে তেওঁৰ মৰমত খবৰ লবলৈ অহা যোৱা কৰোতে এবাৰ দুটা তাবিজ দিছিল। মই সাৱধান কৰি আগৰ কথা সোঁৱৰাই দিয়াত পেলাই দিলে। এওঁ বৰ মিতব্যয়ী আৰু লাহবিলাহ নোহোৱা তিৰোতা আছিল। ১৯২১ সনত চাহৰ বজাৰ পৰি বাগান বন্ধক যোৱাত বাগানৰ খৰচা কমাবলৈ ধৰাৰ লগে লগে ঘৰুৱা খৰচ কমাবলৈ মোক নানা উপদেশ দিছিল। সেই সময়ত শাৰীৰ পৰিবৰ্ত্তে নিজে মেখেলা পিন্ধিছিল। সপ্তাহত এপোৱা ঘিউকে খৰচ হবলৈ নিদি তেলেৰে ৰুটী ভাজি খাইছিল আৰু গুৰেৰে চাহ খাইছিল। মোকো ধুতি আৰু কুৰ্ত্তা পিন্ধিবলৈ অনুনয় বিনয় কৰি কোৱাত ময়ো ধুতি কুৰ্ত্তা পিন্ধিছিলো।

 যিদিনা মুক্তিসিঙ্গৰ ভায়েক আহি তেওঁলোকৰ ১০০০৲ এহেজাৰ টকা ধাৰতে মোক অনেক কথা কলে, সেইদিনা মই বৰ দুখীত হৈ তেওঁৰ আগত “এনে অৱস্থাত পৰিলে মানুহে আত্মহত্যা কৰিবলৈ কুণ্ঠিত নহয়” বুলি কোৱা শুনি সেই দিনাৰে পৰা মোৰ মনৰ ভাব বুজি কাৰ্য্য কৰিবলৈ সজাগ হল। যিদিনাই মোৰ মন চিন্তিত বা দুখীত দেখে, সেই দিনাই নানা তৰহৰ বুজনিৰে মোৰ মন আহ্লাদিত কৰে।

 তেওঁৰ চাৰিটি লৰা ছোৱালী হৈছিল। শেষৰটিৰ দিনত প্ৰসৱ বিকাৰত মৃত্যু হল। অন্তিম সময়ত এচামোচ গাখীৰ খুজি মোৰ হাতে খালে। মাক, বাপেক, ভায়েক আদি [ ৬৯ ] সকলোটিৰ সাক্ষাতে লৰা ছোৱালীক মাউৰা কৰি মোক বিৰহ বেদনা দি অনন্ত ধামলৈ গতি কৰিলে।

 মাক ঢুকুৱাৰ এবছৰৰ পাছত ছোৱালীটিৰ দ্বিৰাগমন দিয়া হয়। লগত ভণীয়েককো পঠাইছিলো। ১০/১২ দিনৰ পাছত ভণীয়েকৰ বৰ আই ওলাই মৃত্যু হল। শ্ৰীমান সোণালৈকে জমিদাৰ এজনৰ ছোৱালী এটি বিয়া কৰাই আনিছিলো। সেই ছোৱালীজনী যেনে শুৱনী, কাম কাজতো তেনে কামিলা আৰু সৰবৰহী আছিল। আমাৰ দুৰ্ভাগ্যবশতঃ সেই ছোৱালটিও প্ৰথম সন্তানৰ দিনতে বেমাৰী হল। তাইকো কাণপুৰ আদি ঠাইত চিকিৎসা কৰাই ভাল কৰাব নোৱাৰি বাগানলৈ লৈ আহিলো। ঘৰত প্ৰায় ছমাহ পৰি থাকি অৱশেষত মৃত্যু হয়। পিছত পুনৰ বিবাহ কৰোৱা হয়।

 ঘৰত লৰা ছোৱালীৰ সাৱধান লবলৈ আৰু খুৱাব ধুৱাবলৈ কোনো মাইকী মানুহ নথকাত মোৰ অত্যন্ত আহুকাল দেখি বিঐয়ে দেশলৈ মতাই নি পুনৰ বিবাহ কৰাবলৈ নানা প্ৰকাৰ বুজনি দি অনুৰোধ কৰিলে। তেখেতৰ অনুৰোধ ক্ৰমে বিয়া কৰোৱা হল। সেই গৰাকী পৰিবাৰ বৰ্ত্তমান জীবিত। তেওঁৰ এটি লৰা আৰু তিনিটি ছোৱালী হৈছে। এওঁৰ স্বভাবৰ কোনো বিকাৰ পোৱা নাই। সপত্নীৰ পুত্ৰ-কন্যাসকলক নিজৰ দৰেই পালন কৰিছে।


 
[ ৭০ ]

মহাপুৰুষীয়া ধৰ্ম্মত দীক্ষা গ্ৰহণ

 এবাৰ আউনী আটীৰ সত্ৰাধিকাৰ ৺কমলদেৱ ঈশ্বৰ পুৰুষ গোলাঘাট চহৰলৈ আহি মৰঙ্গি বাহৰত আছিলহি। সেই সময়ত তেখেতক দেখা কৰি আমাৰো শৰণ লবলৈ ইচ্ছা হল। কাৰণ আমাৰ আই অসমীয়া, জন্মও অসমতে; ব্যৱসায় বাণিজ্যও অসমতে। অসম এৰি অন্য ঠাইত বসতি কৰা সুবিধা নাই। এইবোৰ ভাবি-চিন্তি অসমীয়াৰ দৰে গুৰু গোঁসাইৰ শিষ্য শৰণীয়া হোৱা যুক্তিসঙ্গত দেখি তেখেতৰ ওচৰতে শৰণ লৈ দীক্ষিত হলো। তেখেতে আমাক কলিতা কুলত ৰাখি কলিতাৰ দৰে ব্যৱহাৰ কাৰিছিল।

 

ঈশ্বৰে ৰক্ষা কৰা ঘটনা

 শ্বিলঙ্গত খাৱৈত পৰি উটি যোৱাত জাকৈয়া ছোৱালীৰ হতুৱাই ৰক্ষা কৰে। মাৰ্চ্চ কৰা চিপাহীৰ খচকাত পৰোতে মেজৰৰ চকু পেলাই বাটৰ পৰা আতৰাই থোৱায়। মৌগুটি বুলি অন্য গুটি খাঁওতে জলকীয়া ঘহাই ৰক্ষা কৰে।

 ককাইক দোকানৰ পৰা খেদাৰ পাছত সেই দোকানত মোক অকলে অকলে থাকিবলৈ দিছিল। মনিপুৰ যুদ্ধলৈ মাল কঢ়িওৱা নাও দুখন পিতাই নিলামত লোৱা আছিল। মই গা ধোৱা সময়ত সদায় কুলি লৰাবোৰৰে সৈতে নাওঁ খেলাওঁতে খেলাওঁতে নাওঁবোৱা ওস্তাদ এজন হৈ পৰিছিলো। এবছৰ গোলাঘাটত জয়চন্দ্ৰ মুনচিপে বঙ্গালী বাবুসকলৰ চান্দা তুলি দূৰ্গাপূজা পাতি যাত্ৰা পাৰ্টি অনাইছিল। [ ৭১ ] যাত্ৰা বৰ ভাল বুলি শুনি মোৰ চাবৰ মন গল। ২০/২৫ টা মান কুলি লৰা ফুচুলাই নবমীৰ দিনা ৰাতি খাই-বৈ নাৱৰে গৈ যাত্ৰা চাবলৈ বন্দবস্ত কৰিলো। পিতাই নজনাকৈ ৰাতি দোকান বন্ধ কৰি নাৱত উঠিলোহঁক। ৰঙাজানৰ জানৰ পানীৰ বৰ সোঁত পৰিছিল। নাও মেলি দিয়া মাত্ৰে ভটিয়াই নিলে। ঈশ্বৰৰ ইচ্ছাত শিলৰ খটখটীত খুন্দা নেখালে; খোৱা হলে তাতে সকলোটি পানীত পৰি মৰিলোহেতেন।

 ৰাতি ঘোপমৰ এন্ধাৰ আছিল। নাৱৰ টিঙ্গত কাঠ এডোখৰ বান্ধি লণ্ঠন জ্বলাই উমানে উমানে নাও উজাই নি আছিলো। শালমৰা ডুবিৰ পকনায়াত পৰো বুলি বৰ ভয় লাগছিল। উমানতে নাও সিপাৰলৈ শালমৰা গ্ৰাণ্ট বুলি এৰি দিলো; কিন্তু ডুবিটোৰ ভাটিতহে নাও সিপাৰ হল। নাও পাৰ কৰি নিদিয়া হলে নিশ্চয় ডুবিৰ পকনীয়াত পৰিলোহেতেন। তেতিয়া চপাগুৰি বাগিচাৰ ঘাটত নাও বান্ধি থৈ খোজ কাঢ়ি গৈ যাত্ৰা চালোগৈ। যাত্ৰা চাই শেষ ৰাতি পুনৰ নাওত উঠি ভটিয়াই আহি ঘৰ পালোহি। দোকানত তলা লগাই গৈছিলো। দৈবাৎ চোৰে চুৰ কৰা হলে সৰ্ব্বস্ব গলহেতেন। সেই দিনাও ঈশ্বৰেহে ৰক্ষা কৰিলে।

 বগীধলত কুঁহিয়াৰ খেতি কৰাওতে কেইজোপামান ভাল গছ কাটিবলৈ থাকি গৈছিল। সেই সময়ত মোৰ বৌৰ ভায়েক শ্ৰীবৃন্দা সিং বাগানৰ বৰ মহৰি আছিল। সেই গছ কিজোপা কটা-নকটাৰ কথাৰে মোক চাবলৈ মাতিলে। [ ৭২ ] মই গছ চাই মিকিৰক কাটিবলৈ লগাই দি অলপ আঁতৰত মাটিৰ অৱস্থা চাই আছিলো। তেনেতে মোৰ ফাললৈকে গছ হাউলী গল। হঠাৎ বৃন্দা সিং-অৰ মোৰ ফালে চকু পৰাত চিঞৰ মাৰি আঁতৰ হবলৈ কলে। চিঞৰ শুনি ওপৰলৈ চাই গছ হালি অহা দেখি ভয় খাই কাটি খোৱা কাঠৰ ওপৰেদিয়েই জাপ মাৰি দিলো। বৃন্দাসিঙে নেদেখা হলে কাঠে হেচা মাৰি মাৰিলেহেতেন।

 এবাৰ গৰঙ্গাত আমাৰ লগা আপোন মানুহ দুজন আছিল। তাত ঢলাগুৰিৰ কুলি এটাক দোকানৰ ধাৰৰ পয়ছা খোজাত দিব নোৱাৰা বোলাত দোকানিয়ে সেৰি ডগা এটা তাৰ গালৈ মাৰি পঠোৱাত তাৰ কলিজাত লাগি তাৰ তাতে মৃত্যু হোৱাত ছেশ্যন কেছ হোৱাত ময়ো আসামীৰ লগত শিৱসাগৰলৈ যাবলৈ ওলাই কমৰবন্ধা ষ্টেশ্যনলৈ ৰাতি খোজ কাঢ়ি গৈছিলো। আমোলাপটি পাৰ হৈছো, এনেতে হঠাৎ মোৰ ভয়ানক কলেৰা হোৱাদৰে অতিপাতকৈ বমি হোৱাত তাৰপৰা মোক ওভতাই আনি আমাৰ মহাজনৰ দোকানত ৰাতি থৈ গল। তাতে দৰব দিয়াত ভাল পালো। ৰাতিপুৱা গাড়িৰে ঘৰ পালোগৈ।

 শ্ৰীমান নুনুৰ মাক গৰম পানীত গা ধুবলৈ যাওঁতে গাৰীৰ পৰা নুনু অকস্মাৎ সৰি পৰাত গাৰ ওপৰেদিয়েই চকা গল। লগত গয়াপ্ৰসাদ, সোনা আৰু যতিনো গৈছিল। লৰাই তৎক্ষণাৎ চকু থিৰ কৰ বেহুচ্ হল। গয়াপ্ৰসাদে ডাঙ্গি ধৰিলে, সোনা আৰু যতিনে লৰালৰিকৈ পানী আনি মূৰত দিয়াত হে হুচ্ আহিল।
[ ৭৩ ]  শ্ৰীৰোলা সিং পঞ্জাবীয়ে বাগানৰ পৰা ওলাই মোৰ কল ঘৰ বঙ্গলা আদি কৰি ইঞ্জিন বহুৱাই দিছিল। সি যেতিয়া ইটাৰ ভোটা মৰায়, তেতিয়া টকাৰ অভাবত পৰি মোক আঠ হেজাৰ টকা ধাৰলৈ বিচাৰিলে। মই বৈজু কেঞাৰ পৰা শতকৰা ২৲ দুটকা সুদত টকা লৈ দিলো। দুমাহ মানতে দিম বোলাত তাৰ পৰা কোনো ৰছিদ পত্ৰ লবলৈ নহল। দুবছৰৰ পাছত সুদ সহ ১২ হেজাৰ টকা দিলে। পাচশ টকা টকা মোৰ ভৰণী হব লগাত মকদ্দমা কৰিহে আদায় কৰিলো।

 মোক বাগান খোলা দেখি ওচৰৰ বাগিচাকিখনৰ ছাহাবসকলে বৰ হিংসা কৰিছিল। এনেকি মোক অহা যোৱা কৰিবলৈ বাট নিদি বন্ধ কৰিহে ৰাখিছিল। ঈশ্বৰে সিহঁতৰ বাগানৰ মাজেই পোন বাট দিয়াই সুবিধা কৰি দিলে।

 মোৰ বাগানৰ ওচৰতে হৰকান্ত কেৰাণী নামৰ বৰ চহকী মানুহ এজনৰ এখন কুঁহিয়াৰ বাৰী আছিল। তেওঁৰ ৩০/৪০ হেজাৰ টকা জমাই আছিল। পূব্বে সেই কহিয়াৰ বাৰীখনত কেইবাজনৰো ভাগ আছিল। তেওঁলোকৰ পৰা তেওঁ কিনি ললে। কিনাৰ দুবছৰ মানৰ পাছতে তেওঁ মৰিল। পিতেকে অতিপাতকৈ খৰচ কৰি টকাও ঢুকুৱালে; মানুহো মৰি গল। সেই মাটিডোখৰ মই লব খোজাত মোক নিদি শাওতলীৰ মিস্ত্ৰি ছাহাবক দিছিল। সেই ছাহাবজনৰ ভৰি নে হাত ভাগি কলিকতাত পৰি থাকোতে গোলাঘাটৰ উকিল এজনে বন্দবস্ত কৰি মোক দিয়ালে। সেই ছাহবজনে ১০ একৰ মানত চাহ লগাই পালেং [ ৭৪ ] দিয়াইছিল। কুহিয়াৰবাৰীৰ ওচৰৰ মাটি এটুকুৰা মই লোৱাত ৺হৰকান্তৰ ৱাৰিশসকলে তেওঁলোকৰ মাটি মোক নিদি ছাহাবক দিছিল। ঈশ্বৰেহে ঘূৰাই মোক দিয়ালে।

 এবাৰ বৰকাঠনি বাগিচাৰ পৰা ৪টা কুলি পলাই আহি শালমৰাৰ নুনীয়া ঠিকাদাৰ এটাৰ ইটাখলিত কাম কৰি আছিলহি। মোৰ চকিদাৰ এটা গোলাঘাটৰ পৰা আহোঁতে তাৰ লগে লগে আহি মোৰ বাগান ওলালহি। মই সোধাত বৰকাঠনিৰ ওচৰৰ ফালটু কুলি বুলি কলে। “তাত আমি ছাহাবৰ পৰা কষ্ট পাওঁ, আই বোপাই দুয়ো ছদ্দাৰ হৈ গৈছে। ঘূৰি আহিলে তেওঁলোকো ইয়ালৈ আহিব। বাগানৰ লগত কোনো লেনদেন নাই” বুলি কোৱাত মই সিহঁতক থাকিব পাৰ বুলি ৰখালো। ছমাহমানৰ পাছত সিহঁতৰ ছোৱালী এজনী লাইনৰ কুলি এটালৈ বিয়াও দিলে। বিয়াত মোৰ পৰা টকা হাওলাত লৈছিল। তাৰ ছমাহমান পাছত বাপেক মাক দেশৰ পৰা ঘূৰি আহি তাহাতক নাপাই বিচাৰ কৰিবলৈ ধৰিলে। অশেষত মোৰ বাগানত থকাৰ সন্ধান পাই বাগানৰ ছাহাবেৰে সৈতে কাচাৰীত দৰ্খাস্ত দিলে। মেজিষ্ট্ৰেটে নাবালক লৰা ছোৱালী হাল কাছাৰীত হাজিৰ কৰি দিবলৈ মোক নটীছ দিলে। মই নটীছ পাই সিহঁতক মতাই আনি কোৱাত সিহতে ছাহাবৰ শাস্তিৰ ভয়ত কান্দিবলৈ ধৰিলে। “তালৈ নেযাও” বুলি কাবৌ কোকালি কৰাত মহ লাইনৰ পৰা বাজ কৰি মিকিৰচাঙ্গত থাকিবলৈ কলো। মোৰ বাগানত সেই কুলি নাই বুলি মজিষ্ট্ৰেটক জানিবলৈ দিলো। মকৰ্দ্দমাৰ তাৰিখৰ দিনা মেজিষ্ট্ৰেটে সেই বাগানত তাৰ লৰা [ ৭৫ ] ছোৱালী নাই বুলি বাপেকক কলে। সেইদিনা ময়ো কাছাৰিলৈ গৈছিলো। সি কাছাৰীৰ পৰা ওলাই আহি মোক লগ পাই কলে যে, সেই বাগানত তাৰো থাকিবৰ মন নাই। লৰা ছোৱালী যত আছে, সিও তাতেহে থাকিবৰ মন। তাৰ কথাত বিশ্বাস কৰি মই স্বীকাৰ কৰিলো। তাৰ কথাত তেতিয়া মই তাৰ লৰা ছোৱালী গতাই দি “ইচ্ছা হলে লৈ যাব পাৰ” বোলাত সি নিনি কলে “মই সিহঁতক নেদেখি বেজাৰতহে বিচাৰি ফুৰিছো। ইয়াত আছে যেতিয়া ময়ো আহিম। মোৰ মানুহ কেইটামান আছে আপোনাৰ চকিদাৰ এটা দিয়ক তাৰ লগত সিহঁতক পঠাই পাছত মই আহিম।” তেতিয়া তাৰ লগত চকিদাৰ এটা পঠালো। তাক কিন্তু লাইনলৈ যাবলৈ মানা কৰিছিলো। সেই কুলিটোৱে তাক ফুচুলাই লাইনলৈ নি ছাহাবক ধৰাই দিলে, ছাহাবে তৎক্ষণাৎ পুলিছত দিয়েগৈ আৰু মেজিষ্ট্ৰেটক আদ্যোপান্ত কথা কলে। মেজিষ্ট্ৰেটে ৱাৰেণ্ট সহ এজন দাৰোগা আৰু চাৰিটা চিপাহী পঠালে। চকিদাৰীত যোৱা কুলটো পুলিছৰ হাতৰপৰা পলাই আহি ৰাতি ১০/১১ মান বজাত বাগান পাই সকলো কথা কলেহি। তেতিয়া মই সেই পলৰীয়া কুলিকেইটাক পুনৰ মিকিৰ চাঙ্গলৈ পঠাই দিলো। পুলিছ আহি গোটেই লাইন হাবি বননী খানাতলাছ কৰি নেপাই উভতি দৈগোৰোঙ্গৰ কেৰেণীৰ ঘৰত থাকিলগৈ। ময়ো দৈগোৰঙ্গৰ কেৰাণীৰ লগত পৰামৰ্শ কৰিবলৈ আহি গিৰধাৰী কেঞাৰ ঘৰত লগ হলো। তেওঁৰ আগত সচা কথা কৈ পৰামৰ্শ কৰাত তেওঁ কুলিকেইটা খেদাই দিবলৈ কলে। [ ৭৬ ] চিপাহী এটাই মনে মনে গৈ আমাৰ কথা বতৰা শুনি দাৰোগাজনৰ আগত কোৱাত তেওঁ তৎক্ষণাৎ বাটবোৰত পহৰা দিবলৈ চিপাহী পঠালে। মই ঘূৰি গৈ কুলিকেইটা ৰাতিয়েই বাগানৰ পৰা ওলাই যাবলৈ কলো। সিহঁতে কান্দি কাতি হাবি বাটত কলৈ যাম কি কৰিম বোলাত মোৰ কুঁহিয়াৰ বাৰী ৰখা চকিদাৰটো লগত পথাই দিলো। মোৰ চকিদাৰটো লগত দি গৰম পানীৰ ফালে যোৱা বাটেদি পঠাই দিলো। মোৰ চকিদাৰটো বাটৰ পৰা উভতি নাহি কুলিকেইটাৰ কথাতে ভোল গৈ গৰমপানীত চাহ খাবলৈ ধৰোতে পুলিছে ধৰি নি থানাত হাজিৰ কৰি মেজিষ্ট্ৰেটৰ ওচৰত জবান বন্দী দিয়ালে। মোলৈ ৱাৰেণ্ট জাৰি হল। মই খবৰ পাই কাছাৰীলৈ গৈছিলো। ব্ৰহ্মানন্দ উকিলে ৱাৰেণ্ট জাৰি হৈছে বোলাত ততালিকে গুচি আহিলো। পাচদিন পুলিছ আহি মোৰ ৫০০৲ টকাৰ জামিন লৈ গলহি। মকদ্দমাৰ দিনা কুলিকেইটাৰ জবানবন্দী মতে মই সম্পূৰ্ণ দোষী সাব্যস্ত হৈছিলো। মোৰ পক্ষে ব্ৰহ্মানন্দ দত্ত আৰু দুজন উকিল থকা স্বত্বেও যোৰহাটৰ শ্ৰীযুত কুলধৰ চলিহাক উকীল ধৰিছিলো। কেইবাটাও বাৰতো মকৰ্দ্দমা চলি আছিল। বৰকাঠনি বাগানৰ ছাহাবে বাৰে বাৰে আহি মিচিলত বহি সাক্ষীৰ জবানবন্দী শুনি আছিল। শেষৰ বাৰ মোৰ উকীলে সাক্ষীক জেৰা কৰোতে সিহঁতে নিজে পলাই আহি ইটাখলিত থকা কথা কলে। তাৰ পৰা মোৰ বাগানলৈ গৈ নিজ খুচিমতে ভণীয়েকক বিয়া দিয়া কথা কলে আৰু “খুছি মতে লাইনত আছিলো” বুলি কলে। সেইদিনা দৈবাৎ [ ৭৭ ] বৰকাঠনিৰ ছাহাবজনো আহিব নোৱাৰিলে। কুলিকেইটাই মই পলুৱাই আনিছিলো বুলি পূৰ্ব্বে জবানবন্দী দিয়াইছিল। আজি নিজে পলাই অহা বোলাত মকৰ্দ্দমা ডিছমিছ কৰি মোক খালাছ দিলে। সত্যৰ সদায় জয়। এই মকৰ্দ্দমাত মহকুমাধিপতি ছাহাবৰ মনোভাবো মোৰ বিপক্ষে আছিল আৰু কাছাৰিত উকিল মহৰি বহুতেই মোৰ শাস্তি ফাটেক জৰিমনা দুয়োটাই হব বুলি মত প্ৰকাশ কৰিছিল।

 ধলাগুৰিত দোকান থাকোতে মাল খোৱা কুলিবিলাকে দোকান উঠাই অনাৰ পাচত মোৰ পংকিয়াল দোকানৰ পৰাই মাল খাইছিল। মাজে মাজে মোক দুই চাৰি সেৰ চাহ খাবলৈকো দিছিল। সেইদৰে দিয়া চাহেই দহ বাৰ সেৰ গোট খাই আছিল। তাকে কোনোবা কুলিয়ে ছাহাবক লগোৱাত ছাহাবে পুলিছ মাতিলে। ছাহাবৰ ডাকোৱালে কথাটোৰ সম্ভেদ দিয়াত চাহবোৰ লুকাই লেটেকুজানৰ কেঞাৰ দোকানৰ পৰা এসেৰ চাহ অনাই ৰাখিলো। পুলিছে সেই চাহ খানাতলাছ কৰি পাই বৰ আনন্দ কৰিছিল। কিন্তু এনে চাহ বজাৰত ঢেৰ পায় বোলাত আৰু ছাহাবেও তেওঁৰ চাহ নহয় বোলাত পুলিছ গুচি গল। সেই ডাকোৱালৰ হতুৱাই ঈশ্বৰে ৰক্ষা কৰিলে।

 সকলো কামকে একান্ত মনে মনোযোগ দি অহঙ্কাৰ নকৰাকৈ সৰলভাবে আৰু উৎসাহেৰে কৰিলেহে উন্নতি হয়। মই যেতিয়া খেতি কৰাইছিলো, তেতিয়া হালোৱা ৰোৱনী বা দাৱনীৰ কাম চাই মহাজন হৈ থকা নাই; সিহঁতৰ প্ৰত্যেকৰ লগত যাৰ যি কাম, সেই কাম ময়ো কৰিছিলো। [ ৭৮ ] ধলাগুৰি পথাৰত হালোৱাবিলাকৰ লগ লাগি বাম মাটি এডোখৰ খানি দ মাটি কৰিছিলো। সেই মাটিবোৰেৰে এটি ওখ টিলা কৰি থোৱা আছে। মোৰ লৰা ছোৱালীবিলাকে মন কৰিলে মোৰ কাম কৰা চিন যুগমীয়া কৰি ৰাখিব পাৰে।

 সেই সময়ত পথাৰত গুন্দা হাতী ওলাই ধান খায়। মাটিত চালি সাজি হাতী ৰখা সহজ নহয়। টঙ্গী সাজি হাতী ৰখা হয়। এদিন হাতী ৰখিবলৈ যাওঁতে ধলা দলঙ্গৰ ওচৰত হাতীয়ে ধান খোৱা গম পাই পিতাৰ দিনৰ মুখে খজা বন্দুকেৰে গুলী কৰিলো। হাতীৰ আগ চেউৰাত লাগি লৰ মাৰিলে। আকৌ আহে বুলি টঙ্গীৰ ওচৰলৈ যাওঁ, হাতীয়ে টঙ্গী ভাঙ্গি থোৱা পালেগৈ। মাটিতে ১/২ মান বজা ৰাতিলৈ খাপ লৈ থাকিহে গুচি আহিলো।

 কাৰববোৰত টকা খৰচ কৰিবলৈ বৰকৈ মন আগ বাঢ়ি যায়, কিন্তু নিজৰ গাৰ নিমিত্তে পয়ছা খৰচ কৰিবলৈ মন সমূলি আগ নেবাঢ়ে। টকাৰ অত্যন্ত টনাটনি সময়তো কাৰবাৰত টকা খৰচ কৰিছিলো; কিন্তু বাৰিষা বোকা পানীতো খোজ কাঢ়িয়েই কাম বন চাই ফুৰিছিলো। কাৰবাৰত উৎপন্ন হোৱা বস্তুবোৰ প্ৰাণৰ সমান দেখো। ধান খেতি কৰাওঁতে ধানৰ থোক পৰি থকা দেখিলে, চাহ পাত বাটত পৰি থকা দেখিলে ততালিকে বুটলি জেপত ভৰাই লওঁ।

 চপাগুৰিৰ পিটাৰ্ছন ছাহাবে চফেলা বাগান খুলিবলৈ মই দৰ্খাস্ত দি ৰখা মাটিৰ ওপৰেদি পটি কটোৱাত মই তেওঁৰ পটিৰ ওপৰেদিয়েই পটি কটালো। মোৰ বাগানৰ [ ৭৯ ] মাজে তেওঁৰ বাগানলৈ অহা যোৱা কৰিবলৈ সুবিধাজনক বাট নিদিয়া বাবে তেওঁৰ মোৰ ওপৰত আক্ৰোশ আছিল। অকস্মাৎ তেওঁৰ কুলি এটা পলাই আহি মোৰ বাগানত থকাত মই তাকে লাইছেন্স দি ছৰ্দ্দাৰী পঠালো। সি অকস্মাৎ ভঙ্গুয়া কুলি এটা আনি পুৰস্কাৰ বিচৰাত মই ধমক দিলো। তেতিয়া সেই কুলিটো পুনৰ তেওঁৰ বাগানলৈ পলাই গল। সি অনা কুলিটো বৰ এলেহুৱা। সি সদায় দেশলৈ যাবলৈ বিচাৰে। এদিন সেইদৰে লাইছেন্স লৈ ছৰ্দ্দাৰী যাব খোজাত জামিন দিয়াৰ কথা কলো। জামিন দিব নোৱাৰিলে পঠোৱা নহয় বোলাত পাচদিনা কাম কৰিবলৈ নগৈ হাবিত ফাছ লগাই মৰিল। গৰখীয়াই খৰি লোৰোতে দেখি কোৱাত পুলিছত খবৰ দিলো। সি পলাইছে বুলি ভাবি চাৰিওফালে চকিদাৰ লগাই বিচৰাইছিলো। পুলিছ আহি লাচ তদন্ত কৰি গোটাবলৈ হুকুম দিলে। তাৰ এমাহমানৰ পাছত তাক অনা কুলিটোৱে মোৰ ভাইক মাৰি গছত ওলোমাই থৈছিল বুলি দৰ্খাস্ত দিয়াত পুলিছ আহি তদন্ত কৰিলে। সিহঁতৰ বাপেকৰ নাম, জাত আৰু বাসস্থান নিমিলাত ভায়েক বুলি প্ৰমাণ নহল।

 ১৯১৮ সনৰ ইনফ্লুয়েঞ্জা বেমাৰত মোৰ গোটেই পৰিয়াল পৰিছিল। যুদ্ধৰ পাছত নতুন কুলি বেছি পৰিমাণে আহিছিল। এদিন মাইকী মটা, লৰা ছোৱালীৱে ৪ টা কুলি দিনত আহি মাইকীজনী সেইদিনাই ইনফ্লুঞ্জাত মৰিল। মটাটোকো আক্ৰমণ কৰিলে। ডাক্তৰৰ জিমাত দিয়া হৈছিল। দুদিন মান পিছত কুলিটোলৈ মনত পৰাত ডাক্তৰক লৈ কুলিটোক [ ৮০ ] চাবলৈ গৈ দেখো, লাইনৰ কোঠালি এটাত বাপেকটো বেহুচ হৈ পৰি আছে; লৰা ছোৱালী হালে কোঠালি চুকত বেৰত থিয় হৈ আছে। বেমাৰি আৰু লৰা ছোৱালী দুটাৰ অৱস্থা দেখি ডাক্তৰলৈ বৰ খং উঠিল। তেতিয়াই চকিদাৰ মই, ডাক্তৰ, আটাইকেইজনে ধৰি আনি তাক হাসপতালত থলো; লৰা ছোৱালীকিটাক খোৱা বোৱা ঠিক কৰাই দিলো। তাতে মোক ইনফ্লুয়েঞ্জাই আক্ৰমণ কৰিলে। ৰাতি খাই-বৈ শুই থকাৰ পাছত ৰাতিপুৱাই মোৰ প্ৰবল ইনফ্লুয়েঞ্জা হল। পিছত এই বেমাৰেই ঘৰৰ আনবিলাকলৈ বিয়পিলে। মোৰ আৰু পৰিবাৰৰ বেমাৰ অত্যন্ত টান হৈছিল। বাকীবোৰে ৪/৫ দিন বেমাৰ ভুগিয়েই ভাল হৈছিল। লেটেকুজানৰ বিপিন ডাক্তৰৰ চিকিৎসাত সকলোৱে আৰোগ্য লাভ কৰিলো। সেই বছৰ ইনফ্লুয়েঞ্জা বেমাৰত মহাযুদ্ধত যিমান সৈন্য মৰিছিল, তাৰ দুগুন মানুহ মৰিল।

 এবাৰ দোকানত চোৰে চুৰ কৰিবলৈ আহিছিল। সেই সময়ত আইৰ পেটৰ বিষত শুব নোৱাৰাত পৰ দি থাকিব লগীয়া হৈছিল। তাতে আকৌ বৰ্ত্তমান হাট বহা ঠাইডোখৰ কিনি নিজৰ মাটিত দোকান আদি সজোৱা হৈছিল। পাকঘৰ আগৰ ঠাইতে আছিল। আমি খাই-বৈ আইক দুজন দুজনকৈ পৰ দি থকাৰ বন্দবস্ত কৰি কথা বতৰা হৈ পাকঘৰতে আছিলো। চাকৰ এটাই দোকানৰ পৰা গৈ কলে চোৰ আহিছে হব পায়।” মই হাতত লণ্ঠন লৈ বাহিৰলৈ ওলাই অহাত চোৰ লৰ মাৰিলে। খেদি নিয়াত ধলাগুৰিৰ ৰাস্তাই যাব ধৰিলে। হোলা এটি পাৰ হৈ যাব [ ৮১ ] খোজোতেই মই ককালত সাবট মাৰি ধৰিলো। তাৰ হাতত কপি দা এখনো আছিল। সি মোক আক্ৰমণ কৰিবলৈ গাত চেতনা নহল। ভাল দৰে মাৰপিত কৰি ঘৰত বান্ধি ৰাখিলো। শুবৰ সময়ত সি কেঁকাই থকাত হাত খোলাই দিলো। ৰাতিপুৱা বেলিকা পৰ দিয়া মানুহ এজন ঘৰলৈ দুৱাৰ মেলি যোৱাত চোৰেও বান্ধ খুলি দা খন লৈ গুচি গল। সি মন কৰা হলে আমাকো কাটি থৈ যাব পাৰিলেহেতেন। কিন্তু ঈশ্বৰে তাৰ মনত সেই ভাব আহিবলৈ নিদিলে।

 

শাসন আৰু পালন

 দৰমহা দিয়া সময়ত কাণ কলা সাওতাল কুলি এটাই সদায় মহৰী ছৰ্দ্দাৰৰ লগত কাজিয়া কৰে। কাম পূৰা কৰিব নোৱাৰে; কিন্তু দৰমহা পূৰা বিচাৰে। এদিন দৰ্ম্মহা দিয়াত মই গৈ বুজাই কোৱাতো সি নুবুজাত দুটামান চৰ মৰাই দিলো। সি তৎক্ষণাৎ ধেণু-কাঁৰ আনি মোক মাৰিবলৈ ধৰিলে। চকিদাৰ লগাই ধৰাই আনি ভালদৰে পিটাই খুটাত বন্ধাই থলো। ৰাতি খাই-বৈ উঠি তাক মাৰকিল কৰি বন্ধাই থোৱা বাবে মনত দুখ লাগি তাৰ ওচৰলৈ যোৱাত সি কান্দিবলৈ ধৰিলে। তেতিয়া তাক মেলাই বঙ্গলালৈ আনি ভাত-পানী খুৱাই ডাক্তৰ মতাই মাৰৰ দাগবোৰত দাৱাই-পানী দিয়াই ঘৰলৈ পঠাই দিলো। পাচদিনা পুৱা চাৰাপ খাবলৈকো অলপ পইচা দিলো। যদিও সি মোক মাৰিব খুজিছিল, তথাপি মই তালৈ কোনো বিদ্বেষ নেৰাখিলো।
[ ৮২ ]  সময়ে সময়ে অনেক কুলিক মাৰকিল কৰিছো; কিন্তু কাৰো ওপৰত খং ভাব ৰখা নাই। আনকি বৰকাঠনি বাগিচাৰ মোৰ ওপৰত মকৰ্দ্দমা লগোৱা কুলীটোও পিছত অৱস্থা বিপৰ্য্যয়ত মোৰ বাগানলৈকে অহাত মৰম কৰি ৰাখিছিলো। সকলোকে মৰমৰ চকুৰেই চাওঁ। বাগানৰ মাল-বস্তু কোনো কুলিয়ে হেৰুৱালে বা নষ্ট কৰিলে মাৰকিল নকৰি বুজনি দিওঁ। কিন্তু কুলিৰ ভিতৰত কাজিয়া কৰিলে যাৰ গাত দোষ পাওঁ, তাক যথোচিত দণ্ড দিওঁ। পাছত তেনেদোষ নকৰিবলৈ বুজনি দিও।

 

অন্তৰৰ ভাব

 মোৰ পুত্ৰ-পৌত্ৰসকলে মা লক্ষ্মীৰ ওপৰত সকলো কামতে নিৰ্ভৰ কৰিব। প্ৰতি বৃহষ্পতিবাৰে তেওঁৰ পূজা কৰাব। সদায় তেওঁৰ উপাসনাত মনোযোগ দিব।

 মোৰ পিতাৰ নাম স্থায়ী হৈ থাকিবলৈ আমোক্তাৰনামাত থকা চহীটো যত্ন কৰি ৰাখিব।

 পৰিয়ালৰ ভিতৰত যিজন কৰ্ত্তা হব, তেওঁ মোৰ পিতাই যুজত জিকি পোৰা মুখে খজা বন্দুক, মেডেল, পেন্সনৰ কাগজ আৰু কাঠৰ ৰুল আদি সদাই নিজৰ জিমাত ৰাখিব আৰু মোৰ লৰা ছোৱালীবিলাকে এই বহীত বৰ বাপেকৰ বিষয়ে লেখা কথাখিনি ৰঙা চিয়াহিৰে লেখি ৰাখিব।

 কাৰবাৰ চলাওঁতে সম্পত্তি বন্ধক দিয়া দলিল-পত্ৰ আৰু চিঠি-পত্ৰবোৰ পকাকৈ বন্ধাই চিৰস্থায়ী কৰি ৰাখিব। মোৰ নিচিনা বিদ্যা-বুদ্ধি নোহোৱা, শাৰীৰিক বা মানসিক [ ৮৩ ] শক্তি নথকা মানুহ এটাই ১০০০ এক হেজাৰ টকা মূলধন হাতত পাই মা লক্ষ্মীৰ কৃপাত যিবিলাক সম্পত্তি আৰ্জ্জন কৰিছো, সেইটো কেৱল মা লক্ষ্মীলৈ একান্ত ভাব থকা আৰু মনৰ উৎসাহৰ ফল।

 পিতা আৰু বিমাতৃৰ পৰা ইমান কষ্ট পায়ো তেওঁলোকক ভক্তি আৰু পালন কৰি তেওঁলোকৰ পৰম আত্মাৰ পৰা শুভ আশীৰ্ব্বাদ পাইহে সকলো বিষয়তে উন্নতি কৰিবলৈ সক্ষম হৈছো বুলি মনত ভাবিছো।

 কাৰো প্ৰতি ক্ৰোধ ভাব নেৰাখিব। লোকৰ অহিত বা অপকাৰ চিন্তা নকৰিব। এনে কি কৰ্ম্মচাৰীসকলে কেতিয়াবা অনিষ্ট সাধন কৰিলেও তেওঁলোকক প্ৰত্যুপকাৰ কৰিবলৈহে মন কৰিব।

 আগৰ বৰমহৰী শ্ৰীবিশ্বনাথ দাস দৈগোৰোং আৰু চপাগুৰিত কম্পাউন্দাৰ কৰি আছিল। বাগানৰ পৰা খেদা খাই পংকিয়াল গাঁৱত খেতি কৰি খাইছিলহি। মই বগীধলাত কুহিয়াৰ খেতি আৰু চাহগুটীৰ পালেং দিয়া সময়ত তেওঁৰ অৱস্থা অত্যন্ত শোচনীয় হৈছিল। মই ১৫৲ পোন্ধাৰ টকা দৰমহাত কম্পাউন্দাৰ কৰি বগীধলাত ৰাখিলো। এসময়ত তেওঁ মোৰ সোঁ‌ হাত স্বৰূপ হৈ সকলো কামত সহায় কৰিছিল। তেজপুৰৰ চালনী আদি আনিবলৈ পঠাওঁতেই সস্তা দামৰ পুৰণি বয়লাৰ বিচাৰ কৰি আনিছিল। মই সকলো কামতে তেওঁক বিশ্বাস কৰিছিলো। অন্তৰত মৰম ৰাখি ক্ৰমাৎ পদোন্নতি কৰি ৮৫৲ পচাশি টকালৈকে দৰমহা দিছিলো। তেওঁৰ অৱস্থাৰ উন্নতি হলত মোৰ [ ৮৪ ] কালিয়নী বাগিচাৰ ওচৰতে মাটিবাৰী ভাঙ্গাই ঘৰ-দুৱাৰ কৰি ললে। সাধাৰণ কথাতে মোৰ বাগানৰ পৰা ওলাই গল। তেওঁৰ ডাঙ্গৰ লৰাটি মোৰ তেল কলৰ মেনেজাৰ আছিল। তাত এশ টকা চুৰ কৰি খোৱা ধৰা পৰাতো মই তেওঁক পুলিছত নিদি কামৰ পৰাই বিদায় দিছিলো। তেনেস্থলতো ⁕⁕⁕কে মোৰ অনিষ্ট চিন্তাতহে মগ্ন হল। কালিয়নী বাগিচাৰ ৪০/৫০ একৰ মান মাটি ৰাইজৰ আৱশ্যকতা দেখুৱাই দৰখাস্ত ⁕⁕⁕ ⁕⁕⁕ ⁕⁕⁕ ⁕⁕⁕ উঠাই দিব লগা হল। তাত মোৰ ⁕⁕⁕ হেজাৰ টকা লোকচান হল। তথাপি মই তেওঁ লোকৰ বেমাৰ আজাৰত ডাক্তৰ পঠাই সহায় কৰিয়ে আছো। পুতেককো পুনৰ সেই বাগানত মহৰি কৰি ৰখা হৈছিল। বাগানৰ হাওলাত লোৱা টকা আঢ়ৈ শ তেওঁলোকৰ সুবিধা ক্ৰমেহে ⁕⁕⁕ কৰিছিল; মই কোনো তাগাদা কৰা নাছিলো। তেওঁলোকে মোৰ অনিষ্ট কৰিবলে চাওঁতে নিজৰ হে বেছি অনিষ্ট হোৱা যেন অনুমান হয়। এতেকে নিজে থাকিলে আনে একো কৰিব নোৱাৰে।

 মোৰ এই জীৱন সোঁৱৰণ কথাখিনি লেখিবৰ মন নাছিল। অনেক বন্ধু বান্ধৱে আগ্ৰহ কৰি কোৱাত আৰু মোৰ পো নাতসিকলে জানিবৰ অৰ্থে লেখি ৰাখিলো।

 

—অন্ত—

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )