পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৫০)

এজন কেৰেণী। কেৰেণী জনৰ কিবা এটি দুৰাৰোগ্য বেমাৰ হোৱাত কোনো প্ৰকাৰে ভাল হবৰ আশা নেদেখি ডাক্তৰ বন্ধুক মতাই সকলো প্ৰকাৰ বিহ-দেৱাই খুজিলে। কেৰেণীজনে ভাবিছিল “হয় তো সকলো প্ৰকাৰ বিষ খাই বেগতে মৰিম নহলে ভাল হম।” ডাক্তৰ বন্ধুয়েকে তেওঁৰ অনুৰোধ এৰাব নোৱাৰি সকলো প্ৰকাৰ বিহৰ মিকচাৰ কৰি দিলে। তাকে খাই কেৰেণীজন দুৰাৰোগ্য বেমাৰৰ পৰা ৰক্ষা পৰিল। অতএব তুমি মোকো বিহ মিকচাৰ কৰি দিয়া। ইমান কষ্ট খাই জীয়াই থকাতকৈ মৰাও ভাল। সেইটো খোৱাত ৰাতি ভাল টোপনি আহিল আৰু পেটৰ বিষো কমি গল। পেটৰ বিষ ভাল পোৱাত পিছদিনা মটৰেৰে শ্ৰীযুত শিৱপ্ৰসাদ বৰুৱাৰ ওচৰ পালোগৈ, সহায় পৰামৰ্শ বিচাৰি।

 

পোকৰ দৌৰাত্ম্যত ধাৰ বৃদ্ধি

 ১৯০১ সনত এবিধ পোকে চাহগছৰ পাতবোৰ খাবলৈ ধৰিলে। গছবোৰ জুয়ে পোৰাৰ নিচিনা হৈ গল। মই বেমাৰত পৰি থকো; বঙ্গলাৰ পৰা চাঁও চাহনিখন ৰঙা পৰি গৈছে। মহৰী আৰু চৰ্দ্দাৰবিলাকে পাত চিঙ্গিবলৈ পাবলৈ নাই নাই বুলি কয়হি। কোনো উপায়েৰে পোক গুচাব নোৱাৰি টোকোলাই এক্সপেৰিমেণ্টলৰ বাবু এজনক মতাই আনি দেখুৱালো। তেওঁ দেৱাই এটাৰ কথা কৈছিল; কিন্তু সেই দেৱাইটো বহুত দিনৰ মূৰতহে পাব বোলাত দেৱাই