পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৪৩)

 তেতিয়া নতুন বছৰৰ খৰচ বন্দবস্ত কৰিবৰ সময় হোৱাত কোম্পানীয়ে মোক মাতি পঠিয়ালে। মই কলিকতালৈ গৈ বেষ্ট ছাহাবক দেখা কৰাত তেওঁ ধাৰৰ টকা খুজিলে আৰু টকা দিব নোৱাৰিলে সম্পত্তি বন্ধক দিব লাগিব বুলি কলে। সম্পত্তি বন্ধক দি দলিল লেখি দিলে গোটেই বছৰ বাগান চলাবলৈ এঘাৰ হাজাৰ মাত্ৰ টকা দিব আৰু চাহ বন্ধা চিচা পাত দিব। ষ্টোৰৰ অন্যান্য আচবাব আৰু বাকচৰ তক্তা নিজে কিনি লব লাগিব বুলিলে। সিমান টকাৰে সেইদৰে বাগিচা চলাবৰ উপায় নেদেখি মই ম্ৰিয়মান হলো। সেই সময়ত প্ৰায় ৩০০ একৰ মাটিত চাহ হৈছিল।

 দৈবাৎ সেই সময়ত অনৰেবোল বৰুৱা ডাঙৰীয়াই নিজ বাগানৰ বন্দবস্ত কৰিবলৈ কলিকতাত আছিলগৈ। তেখেতৰ লগত দেখা কৰি আদ্যেপান্ত সকলো কোৱাত কোম্পানীয়ে দিব খোজা টকাকে লৈ হাতধৰি খৰচ কৰিবলৈ কলে। কাৰণ সেই সময়ত টকাৰ অভাবত চাহৰ বজাৰ পৰিছিল। তেখেতে নিজৰ বাগিচাৰ বন্ধবস্ত কৰিব পৰা নাছিল। চাহৰ বজাৰ পৰি যোৱাত কোনো কোম্পানীয়ে টকা দিবলৈ মন নকৰিছিল।

 তেখেতৰ পৰামৰ্শ অনুসৰি কোম্পানীৰ অফিছলৈ আহি সম্পত্তি বন্ধক দি দলিল লেখাই ৰেজেষ্ট্ৰি কৰাই গুচি আহিলো। আহোঁতে কলিকতাৰ পৰাই এটা স্ববেশ্চৰ স্নাইন্দল্ আৰু এখন ঘূৰণীয়া কৰত কিনি আনিলো। তাকে আলি কাঠৰো এটা স্ববেশ্চৰ কৰালো। শিমলু আৰু ভেলেউ কাঠৰ কুন্দা কটাই আনি বাকচৰ তক্তা কৰাই বাকচ সজালো।