পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৫)

যুদ্ধত যেনে হুকুম তেনে কাম। তাত কোনেও নূই-নাই কৰিব নোৱাৰে। কৰিলে উগ্ৰ দণ্ডবিধান। সকলোৱে আহি শাৰি পাতিলত বিকুলেৰে কৈ দিলে যে, লগত খাছীয়া কুলি লৈ ৫০০ চিপাহী গধূলি হোৱাৰ লগে লগে কহিমালৈ ৰাওণা হব লাগে। ৪৪ নং ৰেজিমেণ্টৰ চিপাহীবোৰে হুকুম পোৱা মাত্ৰে গোৱালণ্ডৰ পৰা উলটি কহিমালৈ ৰাওণা কৰিলে।

 এই খবৰ ওলোৱা মাত্ৰে শ্বিলং চহৰত হুলস্থুল লাগিল। কেইওফালে কুলি ধৰাৰ ধৰ পাকৰ আৰু লৰা তিৰুতাৰ কান্দোনৰ ৰোল উঠিল। যেতিয়া বেণ্ড বজাই চিপাহাবোৰে মাৰ্চ্চ কৰিলে আৰু কুলিবোৰে পিঠিত বোজা লৈ যাব ধৰিলে, তেতিয়া লৰা তিৰোতাৰ কান্দনত খলক লাগিছিল যদিও চিপাহীবোৰে বেণ্ড বজাই মাৰ্চ্চ কৰি যোৱা দেখিবলৈ বৰ আনন্দদায়ক হৈছিল।

 এই যুদ্ধৰ সময়ত আমাৰ পিতৃদেৱৰ গাত খাজনা গেৰাজৰ ভাৰ থকাত যুদ্ধলৈ যোৱা নাছিল। চিপাহীবোৰক আগবঢ়াই থবলৈ বৰপানী বোলা ঠাইলৈকে গৈছিল। তালৈকে লগত মোকো নিছিল। প্ৰায় দুবছৰ নগা যুদ্ধ লাগি আছিল। যুদ্ধ শেষ হলত নগা হিলৰ কহিমাত হেড্ কোৱাৰ্টাৰ পাতি আমাৰ ৰেজিমেণ্ট বদলি কৰিলে। এইবাৰ আমাৰ পিতৃদেৱো যাব লগা হল। ৰেজিমেণ্টৰ লৰা ছোৱালীবিলাক গোলাঘাটত কেম্প কৰি থৈ গল।

 যিবোৰ চিপাহীৰ লৰা তিৰুতা আৰু গৰু গাই আছিল, সেইবোৰ এসপ্তাহৰ আগতে গুৱাহাটী কেম্পলৈ পথাবলৈ হুকুম হোৱাত আমি শ্বিলঙ্গৰ পৰা গুৱাহাটী কেম্পলৈ