পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(১৫)

ডিব্ৰুগড় পালেহি। আহি পোৱাৰ কিছু দিনৰ পাছতে আমাৰ পিতৃৰ লগত বন্ধুতা জন্মিল। সেই বন্ধুতাই পাছত মিত্ৰতা হলগৈ। তেখেতৰ বৰ জীয়েকক মোৰ ককাইদেউলৈ দিয়াৰ ঠিক হল। বৰ কন্যা উভয়ৰ মাতৃ অসমীয়া হোৱাত কোনো পক্ষই আপত্তি কৰিব নোৱাৰিলে।

 বিয়া বৰ সমৰোহেৰে পতা হৈছিল। ৪৪ নং ৰেজিমেণ্টৰ বেণ্ডপাৰ্টিয়ে বেণ্ড বজাই মাৰ্চ্চ কৰি বৰ যাত্ৰী হৈ গৈছিল। ১৫০ টা মান হাতী-ঘোৰাত কৰ্ম্মচাৰীসকল গৈ বিয়া ঘৰৰ শোভা বৰ্দ্ধন কৰিছিল। বিয়াৰ এবছৰ মানৰ পাছতে পিতৃয়ে পেন্সন লৈ দেশলৈ গল।

 বিমাতৃৰ ছোৱালীজনীও বিয়া দিবৰ উপযুক্ত হোৱাত পিতৃয়ে তাইক দেশত বিয়া দিবলৈ লৈ গল। ৭/৮ মাহ দেশত থাকি ছোৱালী বিয়া দি জীয়েক জোয়ায়েক সহ দোকানলৈ উলটি তেওঁলোক আহি পোৱাৰ পৰাই আমাৰ ভাগ্য বিপৰ্য্যয় ঘটিল।

 বিমাতৃৰ কুমন্ত্ৰণাত পৰি পিতৃ আমাৰ প্ৰতি নিৰ্দ্দয় হল। পিতা দেশলৈ যাওঁতে দুইখন দোকান ককাইদেৱে গোমস্তা এজন লগত লৈয়ে চলাইছিল। ককাইদেৱে সকলো কাম আগ পাচ ভাবি কৰে। পিতৃ কিছু নিৰ্দ্দয় হোৱাটো অনুমান কৰি এদিন সোণৰ শিকলি এদাল খুজি চালে। তাৰ পাছত এদিন ভবিষ্যৎ জীবিকাৰ উপায়ৰ কথা সুধিলে। পিতাই এটাৰো কোনো ভাল সমিধান নিদিয়া দেখি তেওঁ চলোৱা দোকান খনৰ দৈনিক বিক্ৰীৰ টকা পিতাৰ হাতত নিদিয়া হল। এইদৰে কেইদিন মান যোৱাত এদিন পিতা