পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৬২)

খেতি-পথাৰ, দোকান-পোহৰ, যেনিয়েই চাওঁ পোৰা নগৰ যেন দেখা হলো। ‘প্ৰভু! চিৰদিন দুখ বেজাৰ শোক সন্তাপ পাই থাকিবলৈকে মোক স্ৰজন কৰিলানে কি?’ বুলি প্ৰাৰ্থনা কৰিবলৈ ধৰিলো। কিন্তু সোণাৰ মুখলৈ চাই পত্মী বিৰহৰ দুখ কিছু কমাই মনক সান্ত্বনা দি কওঁ, ‘মাকৰ কাল প্ৰাপ্তিৰ সময় হল, তেওঁ মৰিল; মোৰ এই পোনাকনক ভালে কুশলে তুলি তালি ডাঙ্গৰ দীঘল কৰিব পাৰিলেও মোৰ সাৰ্থক হয়, মাকৰ প্ৰেতাদি কাৰ্য্যও যথাবিহিত ৰুপে কৰা হল। পোনাটিৰো খোৱা-বোৱা, লোৱা-মেলা কৰাৰ সুবিধা কৰি দিলো।

 শ্ৰীমান সোণাক প্ৰতিপাল কৰাৰ উপায় ভাবি ভাবি আৰু মাকৰ গুণ সুৱঁৰি সুৱঁৰি আই আৰু মই বৰ দুখেৰে কাল কটাইছিলো। ক্ৰমান্নয়ে লৰাটিও অলপ বুজন হল; তাৰ লৰা কালৰ ৰং ধোমালিবোৰ দেখি মনৰ দুখ পাতল হল। সেই সময়ত ঘৰ-দুৱাৰ চলোৱাৰ বিশেষ অসুবিধা হৈছিল। লৰাটিৰ ৰং ধেমালিবোৰ দেখি মনত ভাবিবলৈ ধৰিলো যে, মাকৰ ভাগ্যত লৰাৰ এই ৰং ধেমালি দেখিবলৈ লেখা নাছিল; সেই নিমিত্তে দেখিবলৈ নেপালে; আমি দুখ বেজাৰ কৰা মিছা।

 ঘৰৰ অসুবিধাবোৰ দেখুৱাই শালপতিজনক পুনৰ এজনী ছোৱালী বিচাৰি দিবলৈ আয়ে অনুৰোধ কৰিলে। আই বুঢ়ী মানুহ; ঘৰ আৰু নাতিয়েক দুইটিৰ সাৱধান লোৱা বৰ কষ্ট হোৱাটো অনুভব কৰি পুনৰ ছোৱালী বিচৰাত মই দ্বিৰুক্তি কৰিবলৈ নহল। তেওঁক ছোৱালীৰ কথা কোৱা মাত্ৰে অন্যৰ ছোৱালী নিবিচাৰি ককায়েক শ্ৰীযুত শিউ