পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬)

আহিলো। তাত এসপ্তাহ থকাৰ পাছত চিপাহীবোৰ আহি আমাক লগত লৈ জাহাজত উঠি নেঘেৰিটিঙ্গত নামিলেহি। নেঘেৰিটিঙ্গৰ পৰা মাৰ্চ্চ কৰি আহি গোলাঘাটৰ চানমাৰী কেম্পত থাকিলহি। ইয়াৰ পৰাই কহিমালৈ ৰাওণা কৰিলে। আমাক চানমাৰী কেম্পত থৈ গল। সকলোবোৰ লৰা তিৰুতা এই কেম্পত দুবছৰ আছিল। নগাহিল নতুন দখল কৰা দেশ। তালৈ অহা যোৱা কৰা বাট আদিৰ অসুবিধাত আমি গোলাঘাটতে থাকিব লগা হৈছিল।

 ১৮৮১ সনত আমাৰ ৰেজিমেণ্ট পুনৰ ডিব্ৰুগড়লৈ বদলি হোৱাত আমাকো ডিব্ৰুগড়লৈ লৈ গ’ল।

 ৺পিতৃদেৱে আমাক লেখা পঢ়া শিকাবলৈ বৰ যত্ন আৰু হেপাহ কৰিছিল। শ্বিলঙ্গত থাকোতে ৰেজিমেণ্ট স্কুলত নাম লগাই দিছিল। গোলাঘাটৰ চানমাৰী কেম্পত থাকোতেহে আমাৰ পঢ়া শুনা নহৈছিল। তেতিয়া ৺পিতৃদেৱ কহিমাতে থকাত আমি বিমাতৃৰ তত্ত্বাবাধনতহে আছিলো। পিতৃদেৱে ছুটি লৈ আহি চানমাৰীত থাকোতে আমাক গোলাঘাট স্কুলত পঢ়িবলৈ নাম লগাই দিছিল। কিন্তু ছুটিৰ অন্তত কহিমালৈ যোৱাৰ লগে লগে আমাৰ পঢ়াও অন্ত পৰিছিল।

 ডিব্ৰুগড় পোৱাৰ পাছত ৺ককাইদেৱক গবৰ্ণমেণ্ট হাই স্কুলত আৰু মোক ৰেজিমেণ্ট স্কুলত নাম লগাই দি পঢ়ুৱাইছিল। তেখেত পঢ়াত যেনে চোকা বুদ্ধিৰ লৰা, কামতো তেনে চালাক চতুৰ আছিল। মই পঢ়াত যেনে ভোদা, কামতো তেনে অকৰ্ম্মণ্য আছিলো। পিতৃদেৱ আৰু