(৬১)
সুধা সমুদ্ৰৰ বটলতে ভগা ফুটা টিন জালিবলৈ ৰাংপানী আনি থৈছিলো। অশৌচীয়া কেচা নাৰীত ৰাংপানী পৰি নাৰীত ঘা লগালে। বমিত তেজ আৰু বিজাল আৰু পেশাবত তেজ আহিবলৈ ধৰিলে। ধলাগুৰিৰ ডাক্তৰ মতাই আনি অনেক চিকিৎসা কৰাই চালে। দৰব চাই তেওঁ বিহ খালে বুলিয়েই কলে। অনেক চিকিৎসা কৰাতো ভাল হোৱাৰ আশা নেদেখি মোলৈ টেলিগ্ৰাম দিবলৈ কলে। শ্ৰীমান সোনাৰ টান বেমাৰ বুলি মোলৈ টেলিগ্ৰাম দিলে। সেই সময়ত মোৰ এটা হাতী বেচিবলৈ বাকী আছিল। সেই হাতীটো জামাদাৰৰ জিমাত দি মই তৎক্ষণাৎ ঘৰলৈ ৰাওনা কৰিলো।
ঘৰ আহি পাই দেখিলো যে, লৰাৰ কোনো বেমাৰ নাই; মাকহে শয্যাগত বেমাৰী। বেমাৰৰ কথা সোধাত সুধা সমুদ্ৰ বুলি ৰাংপানী খোৱাৰ কথা কলে। ডাক্তৰ বেজ আদিৰ দ্বাৰাই অনেক চিকিৎসা কৰোৱালো; কতো একো গুণ নধৰিলে। এদিন ৰাতি শুই থাকোতেই প্ৰায় আঢ়ৈ সেৰমান ধেলা ধেলা তেজ বাজ হৈছিল; তেতিয়াই মৰেহে বুলিছিলো। তৎক্ষণাৎ ডাক্তৰ মতাই আনি চিকিৎসা কৰোৱাত কিছু আৰাম হল। বেমাৰীয়েও ৰক্ষা পৰাৰ আশাত বৰ সাৱধানে পথ্য ব্যৱহাৰ কৰিছিল আৰু আগ্ৰহেৰে ঔষধ পাতি খাইছিল। এইদৰে ৫/৬ মাহ অশেষ কষ্ট আৰু নিকাৰ ভোগ কৰি অবশেষত শ্ৰীমান সোনাক মাওৰা কৰি আৰু মোক বিৰহৰ জুই দি ইহলীলা সামৰি পৰলোকলৈ গতি কৰিলে।
পত্মী বিয়োগত মন প্ৰাণ জৰ্জ্জড়িত হল। ঘৰ-দুৱাৰ,