পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(২৪)

কলো যে, মোৰ পিতাই মোৰ নামে এহেজাৰ টকা উইলত লেখি থৈ গৈছে। সেই টকাখিনিকে ছাহাবে বিমাতৃক কৈ মোক দিয়ালে মই একেবাৰে ইয়াৰ পৰা গুচি যাব পাৰো। আমি ইয়াত দোকান দিলে যদি সিহঁতৰ অপকাৰ হয়, তেন্তে আমাৰ প্ৰাপ্য টকা দি দিয়ক, আমি অন্য ঠাইলৈ যাওঁগৈ। সেই কথা শুনি ছাহাবে আশ্বাস দি কলে “তই তোৰ টকা পাবি; মই সিহঁতক কম, তই দুখিত নহবি।”

 পাচদিনা ছাহাবে বিমাতৃ আৰু ভতিজাকক মতাই নি সুধিলে যে, উইলত এহেজাৰ টকা মোক দিবলৈ লেখা আছেনে নাই। তেওঁলোকে লেখা আছে বুলি স্বীকাৰ কৰাত গোলাঘাটৰ মহাজনক মাতি আনিবলৈ কলে। পাচদিনা গোলাঘাটৰ পৰা কেইবাজনো মহাজন মাতি আনিলে। তেতিয়া ছাহাবে পিতাই উইলত লেখি যোৱা মতে এহেজাৰ টকা মোক দি দিবলৈ কলে। সেই কথা শুনি বিমাতৃয়ে নানা প্ৰলোভন দেখুৱাই টকাটো মহাজনৰ ঘৰত জমাই থওক, আগৰ দোকান কাম-কাজ কৰি খাই-বৈ থক বুলি কবলৈ ধৰিলে। মই দোকানত নেথাকো বোলাত ছাহাবে পুনৰ টকা দিবলৈ কলে। ছাহাবৰ টান হুকুম পাই সিহঁতো টকা দিবলৈ ৰাজি হল। ছাহাবৰ কথা মতে কাম নকৰিলে আমাক দোকান কৰিবলৈ ঠাই দিয়ে বুলি মনত ভয় কৰি যি কলে তাকে কৰিবলৈ বাধ্য হল। সিহঁতে সোণকালে টকা দিয়াৰ আশা নেদেখি মই পুনৰ ছাহাবক কলো যে, মোৰ টকা মহাজনৰ ঘৰত জমা আছে; অতএব মহাজন জামিন হওক, তেহে মই মান্তি হম; নহলে এওঁলোকে মোক সতকাই টকা নিদিব।