(২৩)
এনেতে মোৰ ককাইদেৱ আহি পালেহি। দুয়ো পৰামৰ্শ কৰি আমাৰ দুখ-দুৰ্গতিৰ আদ্যোপান্ত বিবৰণ ৰঙাজান বাগিচাৰ মেনেজাৰ ছাহাবৰ আগত বিবৰি কৈ দোকান এখন দিবলৈ ঠাই এফেৰা খুজিলো। ছাহাবে আমাৰ দুখত দুখিত হৈ ঠাই দিলে। আমি কেইটামান বাহিৰা কুলি লগত লৈ ততাতৈয়াকৈ ঘৰ সজাই পেলালো। মাটি মইহে খুজি লৈছিলো; ককাইদেৱ মাটি খুজিবলৈ যোৱা নাছিল। ঘৰ দুয়ো লগ লাগি সাজিলো। আমি ঘৰ সজা দেখি বিমাতৃৰ চকুত টোপনি নোহোৱা হল। আমাৰ অনিষ্ট কৰিবলৈ নানা ষড়যন্ত্ৰ কৰিব ধৰিলে। ডাক্তৰ, বৰমহৰী আদি বাগিচাৰ মহৰীসকলক ভেটী খুৱাই ছাহাবক কোৱালে যে, সেই ঠাইত নতুন দোকান দিয়ালে পুৰণি দোকান কিখনৰ কিনাত বাকী বোৰ লোকচান হব আৰু নতুন দোকানীহঁতেও পূৰ্ব্বৰ দৰে ছাহাবৰ খাটিৰ বা মান ৰক্ষা কৰি নচলিব।
তেতিয়া ছাহাবে মোক মতাই নি সুধিলে— “তই দোকান অকলে দিবি নে ককাইয়েৰৰে সৈতে একে লগে দিবি”? মই একেলগে দোকান দিম বোলাত ছাহাবে ঠাই নিদিয়া হল। ইমান দুখ কৰি ঘৰ দুৱাৰ সাজি এটোৱাৰ পাছত ঠাই নিদিয়া হলত অত্যন্ত মৰ্ম্মাহত হৈ আমাৰ দুখৰ অন্ত নাইনে কি বুলি পৰম পিতা ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো। পৰমপিতা ভগবানে যে এইদৰে বিমাতৃৰ দ্বাৰাই তাড়না দিয়াই আমাৰ কৰ্ম্মস্থল স্থিৰ কৰাই ভবিষ্যৎ উপকাৰ সাধন কৰিছে, আমি তাক অনুভব কৰিবই নোৱাৰিছিলো। এইদৰে বিফল মনোৰথ হৈ পুনৰ কান্দি-কাতি ছাহাবক