(৪৭)
মোলৈ টানি লেখিছিল, লেটেকুজানৰ বৰছাহাবে আহিও কৈছিল। মই কম খৰচত বাগিচা চলাম আৰু কোম্পানীয়ে অযথা খৰচ কৰাবলৈ জোৰ জুলুম কৰিলে তেওঁলোকৰ লগত কোনো কাৰবাৰৰ সম্পৰ্ক নেৰাখিম বোলাতহে লেখা-লেখি কৰিবলৈ এৰি দিলে।
ক্ৰমে বাগান বঢ়াই নি নতুন নতুন মেচিনেৰী স্থাপন কৰিও বছৰি লাভ হোৱা দেখি গোলাঘাটত মাটিবাৰী কিনি কল কাৰখানা বহুৱাবলৈ কাৰবাৰ কৰিলো। ভাটীলৈ অহা যোৱা কৰোতে নানা ঠাইত ধানবনা, তেলপেৰা কল কাৰখানা দেখি আমাৰ ইয়াতো তেনে কল কাৰখানা পাতিবলৈ কেতিয়াবাৰে পৰা মন গৈছিল। সেইবাবে হাতত টকা জমা হোৱা দেখি গোলাঘাটত লক্ষ্মী ভাণ্ডাৰ নাম দি ধানবনা আৰু তেল পেৰা কল বহুৱাই দিলো। কিন্তু এই কাৰখানাৰ কৰ্ম্মচাৰীসকলে আত্মসাৎ কৰাত আৰু অসাবধান হৈ কাৰ্য্য কৰাত বছৰি বহুত বহুত লোকচান হবলৈ ধৰিলে। অবশেষত তেওঁলোকৰ চালাকি বুজিব পৰি অবসৰ দি অন্য কৰ্ম্মচাৰী নিয়োেগ কৰাত ক্ৰমাৎ লাভ হবলৈ ধৰিলে।
১৯৩২ সনত বৰপথাৰ মৌজাৰ দেওপানীত নতুন গ্ৰাণ্ট লৈ বাগান খোলাই ডাঙ্গৰ ফেক্টৰী সজোৱালো। আমাৰ গ্ৰাণ্টৰ ওচৰত থকা অন্য মানুহৰ গ্ৰাণ্ট দুটি কিনা হল। কামত কিছুমান বেমেজালি ঘটাত আৰু কৰ্ম্মচাৰীসকলে সুচাৰু ৰূপে কাম নকৰাত বহুত টকা অবাবত লোকচান হল। ইপিনে বগীধলাৰ ওচৰতে কালিয়নী আৰু সিদ্ধেশ্বৰী নামে ডেৰশ ডেৰশ একৰৰ দুটা গ্ৰাণ্ট লৈ দুখন বাগিচা খোলা হল।