পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২১)

আহি ঘৈনীয়েকৰ গাত লাগিলহি। কোনো বেজ আদিয়ে জাৰি ফুকি বা ডোল দি ভাল কৰিব নোৱাৰিলে।

 তেওঁ দৈগোৰোঙ্গাৰ দোকানত থাকোতে মঃ নেগুৰি নামৰ আহোমনী মানুহ এজনী তিৰোতা কৰি ৰাখিছিল। তাই মৰিলত তেওঁ তাইৰ কোনো প্ৰেতকাৰ্য্য নকৰিলে। দেশৰ পৰা আহি পিতাৰ শ্ৰাদ্ধাদি কৰি এটোৱাৰ ৪/৫ দিনৰ পাছত তেওঁলোকৰ দৈগোৰোঙ্গৰ দোকান চাবলৈ গৈছিল। ঘোৰাত উঠি উভতি আহোতে তাইৰ প্ৰেতাত্মাটোৱে দেখি হেনো লগে লগে আহিল। দোকান পাই পানী-দুনি খাই তেওঁ গোলাঘাটলৈ গল। সেই প্ৰেতাত্মাটোও তেওঁৰ লগে লগে গোলাঘাটলৈ গৈ চেনেহীৰাম বাবুৰ দোকানৰ পাছত থকা বৰ গছ জোপাৰ ওপৰত উঠি আছিলগৈ বুলি বেমাৰীজনীয়ে কবলৈ ধৰিছিল। গধূলি ঘূৰি দোকানলৈ আহোঁতে সেই প্ৰেতাত্মাও গছৰ পৰা নামি তেওঁৰ লগে লগে আহি পাক ঘৰৰ ওচৰত থকা ডালিম গছ জোপাত উঠি আছিলহি বুলিও কৈছিল।

 গধূলি খাই বৈ উঠি আমি মুছলমান পাইকাৰী এজনৰ লগত হিছাপ মোকাবিলা কৰিছিলো। সেই সময়ত দুই বৌয়েক ননন্দেকে কিবা কথাত বৰকৈ হাহাঁত গিৰিয়েকে দাবি হুকি দি মাৰিবলৈ খেদি যোৱাত বিমাতৃয়ে অগাভেটা কৰি ওভোটাই পঠায়। হিছাপ মোকাবিলা কৰি এটাই শুবলৈ যাওঁতে আগৰ খঙ্গতে খৰমেৰে ঘৈণীয়েকৰ গাত কোব এটা মাৰোতেই মা বুলি চিঞৰ মাৰি মাটিত লুটি খাই পৰি বিমুৰ্চ্ছিত হল। আমি এটাইবোৰে গৈ মূৰত পানী-দুনী