পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭০)

মহাপুৰুষীয়া ধৰ্ম্মত দীক্ষা গ্ৰহণ

 এবাৰ আউনী আটীৰ সত্ৰাধিকাৰ ৺কমলদেৱ ঈশ্বৰ পুৰুষ গোলাঘাট চহৰলৈ আহি মৰঙ্গি বাহৰত আছিলহি। সেই সময়ত তেখেতক দেখা কৰি আমাৰো শৰণ লবলৈ ইচ্ছা হল। কাৰণ আমাৰ আই অসমীয়া, জন্মও অসমতে; ব্যৱসায় বাণিজ্যও অসমতে। অসম এৰি অন্য ঠাইত বসতি কৰা সুবিধা নাই। এইবোৰ ভাবি-চিন্তি অসমীয়াৰ দৰে গুৰু গোঁসাইৰ শিষ্য শৰণীয়া হোৱা যুক্তিসঙ্গত দেখি তেখেতৰ ওচৰতে শৰণ লৈ দীক্ষিত হলো। তেখেতে আমাক কলিতা কুলত ৰাখি কলিতাৰ দৰে ব্যৱহাৰ কাৰিছিল।

 

ঈশ্বৰে ৰক্ষা কৰা ঘটনা

 শ্বিলঙ্গত খাৱৈত পৰি উটি যোৱাত জাকৈয়া ছোৱালীৰ হতুৱাই ৰক্ষা কৰে। মাৰ্চ্চ কৰা চিপাহীৰ খচকাত পৰোতে মেজৰৰ চকু পেলাই বাটৰ পৰা আতৰাই থোৱায়। মৌগুটি বুলি অন্য গুটি খাঁওতে জলকীয়া ঘহাই ৰক্ষা কৰে।

 ককাইক দোকানৰ পৰা খেদাৰ পাছত সেই দোকানত মোক অকলে অকলে থাকিবলৈ দিছিল। মনিপুৰ যুদ্ধলৈ মাল কঢ়িওৱা নাও দুখন পিতাই নিলামত লোৱা আছিল। মই গা ধোৱা সময়ত সদায় কুলি লৰাবোৰৰে সৈতে নাওঁ খেলাওঁতে খেলাওঁতে নাওঁবোৱা ওস্তাদ এজন হৈ পৰিছিলো। এবছৰ গোলাঘাটত জয়চন্দ্ৰ মুনচিপে বঙ্গালী বাবুসকলৰ চান্দা তুলি দূৰ্গাপূজা পাতি যাত্ৰা পাৰ্টি অনাইছিল।