সমললৈ যাওক

পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮)

ওমলাবলৈ কয়। আমাৰ পৰা কাম যিদৰে লয়, খোৱা-বোৱা পিন্ধা-উৰাত তেনে সাৱধান নলয়। খোৱা-বোৱা হওক বা নহওক, তেওঁৰ নিত্য কৰ্ম্ম আমি সদাই কৰি দিবই লাগিব; নহলে আমাৰ ওপৰত নানা প্ৰকাৰ তৰ্জ্জন-গৰ্জ্জন চলিব।

 চানমাৰী হাবিত গৰু চৰাই আহোঁতে মূৰত একো বোজা খৰি লৈ আহিব লাগে, খৰি থৈ গৰু-গাই বান্ধি গৰুক দানা-পানী দিহে আমি ভিতৰ সোমাবলৈ পাওঁ। ইমান দুখ কৰি আহিও আমি কোনো আহাৰ পানী নেপাও; সকলোৰে সময়তহে আমাকে এমুঠি খাবলৈ দিয়ে।

 সৰুতে আমাক জন্মদাতা মাতৃৰ স্নেহৰ পৰা বঞ্চিত কৰালে; এতিয়ানো কোন আমাৰ দুখত দুখীত হব বুলি দুই ভায়ে ভগবানক ধ্যান কৰি সকলো কাম সুচাৰুৰূপে কৰি থাকো। মনত কোনো হৰ্ষ বা বিষাদ নাই।

 বিমাতৃয়ে ভতিজাক এজন লগত ৰাখিছিল। জীয়েকক আৰু তেওঁক যিবোৰ সাজপাৰ আৰু অলঙ্কাৰ-পাতি পিন্ধায়, আমি দেখি অতি মৰ্ম্মাহত হওঁ। মনতে ভাবো আমাৰ আই থকা হলে এইদৰে আমাকো পিন্ধিবলৈ দিলেহেতেন। মনক আশ্বাস দিও— ভাগ্যবানৰ পিন্ধন-উৰণ খাৱন-বোৱনলৈ আকাঙ্ক্ষা নকৰিবি; আমি ভাগ্যহীন আৰু মাতৃহাৰা, সৰুতে আয়ে আমাক দলনিত পোনা এৰাদি এৰি গল।