পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৫৭)

 ৰেল ষ্টেশ্যনৰ পৰা বৌহঁতৰ ঘৰলৈ ৯ মাইল দূৰ। আমি ৰেলৰপৰা নামি গাড়ী এখন কেৰেয়া কৰি যাবলৈ ধৰিলো। বাটত যাওঁতে মানুহৰ ঘৰ-দুৱাৰবোৰ উদং হৈ থকা আৰু আমবাৰীবোৰত পঁজা সাজি মানুহ থকা দেখি গৈছিলো। তথাপি কাকো একো সুধিবলৈ নহল। দিনৰ ১মান বজাত তেওঁলোকৰ ঘৰ পালোগৈ। অনেক দিনৰ মুৰত মাক-জীয়েক ভায়েক ভণীয়েকহঁতৰ লগত দেখাদেখি হোৱাত যেনে আনন্দৰ ৰোল উঠিছিল, ককাইদেৱৰ মৃত্যু ঠাই পাই তেনেকৈ আমাৰ মনত শোকৰো-শেল বাজিছিল। গা-পা ধুই খাই-বৈ জীৰোৱাৰ সময়তে গাৱঁৰ মানুহবোৰ আহি আমাৰ লগত পৰিচিত হলহি আৰু আমাক সাদৰ সম্ভাষণ জনালেহি।

 এইদৰে কিছুদিন সুখ সন্তোষেৰে থকাৰ পাছত বিয়াৰ বন্দবস্ত কৰা হল। এনেতে সেই গাঁওখনতো প্লেগ বেমাৰ হবলৈ ধৰিলে। গাৱঁৰ এন্দুৰ নিগনিবোৰ মৰিবলৈ ধৰিলে। বৌৰ বংশৰ ককায়েক এজনৰ ঘৈণীয়েক সেই বেমাৰত পৰি দুদিনৰ ভিতৰতে মৰিল। গাৱঁৰ মানুহে লৰা লৰিকৈ আমবাৰীবোৰত পজা সাজি ঘৰদুৱাৰ এৰি থাকিবলৈ ধৰিলে। আমিও পজা ঘৰত থাকিবলৈ গলো। কেইদিন মানৰ পাছতে আমাৰ বৌও বেমাৰত পৰিল। অনেক যত্ন আৰু প্ৰতিপাল কৰিও তেওঁক বছাব নোৱাৰিলো। তেতিয়া আমি একেবাৰেই ভগ্নমনোৰথ হৈ নিজক নিজে ধিক্কাৰ দিলো। আঃ, কেনে দুভাৰ্গ্য! মোৰ নিমিত্তেই ককাই-বৌ দুয়ো একে ঠাইতে প্ৰাণ হেৰুৱালে। তেওঁলোক দুয়ো মাতৃ দেশত জন্ম লৈ পিতৃ দেশত প্ৰাণ এৰিলেগৈ।