পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৩০)

কোনো ব্যুৎপত্তি নাই; ময়ো ককাইদেৱৰ তলত তেওঁৰ পৰামৰ্শ মতে চলা মানুহ। ভাতৃহাৰা হৈ যেনিয়ে চাও, তেনিয়ে সকলো শূন্য দেখি থাকো। মনৰ অশান্তি আৰু বেজাৰত মগ্ন হৈ দোকান চলাওঁতে চলাওঁতে ২/৩ বছৰৰ ভিতৰতে ৪/৫ হেজাৰ টকা ধাৰ লাগিল। মহাজনে টকাৰ তাগাদা কৰাতহে আমাৰ বুজ হল। চাৰে বাৰশ টকাৰে খোলা দোকানত সেই সময়ত ৪/৫ শ টকাৰহে মাল বস্তু আছিলগৈ। ইবোৰনো কলৈ গল কি হল বুলি ভাবি কিং কৰ্ত্তব্য বিমুঢ় হলোহঁক। ঘৰত তত নাপাই কি কৰো কি নকৰো বুলি আই-বৌৰ লগত পৰামৰ্শ কৰি ধলাগুৰিৰ দোকান উঠাই বৌৰ ভায়েকহঁতক দেশলৈ পঠাই দিয়াকে স্থিৰ কৰিলো। সেই মতে কামো কৰা হল। তথাপি এখন দোকান চলাই ধাৰ মাৰিব পৰা আশা নেদেখি অন্য কাৰবাৰ কৰিবলৈ মন কৰিলো।

 

ধানৰ খেতি

  কোন মানুহৰ কি প্ৰকাৰে অন্ন জল হয়, একমাত্ৰ ভগবন্তই জানে। সংসাৰত জন্ম লওঁতেই তেওঁ নিৰ্ব্বন্ধ কৰি দিয়ে। মা লক্ষ্মীয়েও কেতিয়া আহি তেওঁৰ অনুগ্ৰহ দিয়েহি, কব নোৱাৰি। মোৰ ভাগ্যত দোকান চলাই মা লক্ষ্মীৰ অনুগ্ৰহ পোৱাটো লেখিছিল নে নাই ক’ব নোৱাৰো। দোকানৰ কাৰবাৰ কৰি ধাৰত পোত খাইহে জ্ঞান আহিল যে, মই দোকান চলাই উন্নতি কৰিব নোৱাৰো; মা লক্ষীয়েও অনুগ্ৰহ নকৰে। অতএব দোকানৰ লগে লগে অন্য কাৰবাৰো কৰি চাওঁ।