পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩৯)

চাহ উলিয়াই মোন ১৮/২০ টকাকৈ কেঞাক বেচা হল। তাৰ পিচৰ বছৰত ৫৭ মোণ চাহ তৈয়াৰ হৈছিল। কিন্তু সেই চাহ হাতেৰে মৰাওঁতে বহুত অসুবিধা পালো। বছৰি পুলি ৰোৱাই আছিলো। আগত বছৰত পাত সৰহ হব বুলি অনুমান কৰি মেচিনৰ নিমিত্তে চিন্তিত হলো। বাগিচা খোলাৰ পৰা কেউপিনে পয়ছা খৰচ হৈ আগৰ জমা টকা যে আদায় হলেই, তদুপৰি ৬/৭ হাজাৰ টকা ধাৰ লাগিল। সেই সময়ত প্ৰায় ১৫০ শ একৰ মান মাটিত চাহ হৈছিল। মেচিন কিনিবলৈ মহাজনে টকা দিব নোৱাৰো বোলাত অন্য কতো ধাৰলৈ টকা বিচাৰি নাপাই বাগানৰ অৰ্দ্ধাংশ বেচিবলৈ মন কৰিছিলো। কিন্তু সেই সময়ত বাগিচাৰ অংশ লোৱা স্থানীয় মানুহ নিচেই কম থকাত কোনেও লবলৈ মন নকৰিলে। তেতিয়া কলিকতাৰ নেশ্যনেল কোম্পানিৰ এজেণ্টলৈ চিঠি দি বাগানৰ অংশ লবনে বুলি সুধিলো। কোম্পানিৰ ডাইৰেক্টৰসকলে চিঠি পাই বাগিচাৰ বিৱৰণ চাই চিতি ৰিপৰ্ট দিবলৈ অনাৰেবল ঘনশ্যাম বৰুৱাক অনুৰোধ কৰিলে।

 

৺ঘনশ্যাম বৰুৱাৰ সজ উপদেশ

 কোম্পানিৰ অনুৰোধ পত্ৰ পাই ৺ঘনশ্যাম বৰুৱাই মোক নি বাগিচাৰ আদ্যোপান্ত বিৱৰণ আৰু অংশ বেচিব খোজাৰ কাৰণ সুধিলে। তেখেত অতি সজ পৰামৰ্শদাতা আৰু সদাশয় লোক আছিল। মেচিন কিনিবলৈ টকা ধাৰলৈ বিচাৰি নেপাই অংশ বেচিব খুজিছো বোলাত তেখেত বৰ দুখিত