পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৭৮)

ধলাগুৰি পথাৰত হালোৱাবিলাকৰ লগ লাগি বাম মাটি এডোখৰ খানি দ মাটি কৰিছিলো। সেই মাটিবোৰেৰে এটি ওখ টিলা কৰি থোৱা আছে। মোৰ লৰা ছোৱালীবিলাকে মন কৰিলে মোৰ কাম কৰা চিন যুগমীয়া কৰি ৰাখিব পাৰে।

 সেই সময়ত পথাৰত গুন্দা হাতী ওলাই ধান খায়। মাটিত চালি সাজি হাতী ৰখা সহজ নহয়। টঙ্গী সাজি হাতী ৰখা হয়। এদিন হাতী ৰখিবলৈ যাওঁতে ধলা দলঙ্গৰ ওচৰত হাতীয়ে ধান খোৱা গম পাই পিতাৰ দিনৰ মুখে খজা বন্দুকেৰে গুলী কৰিলো। হাতীৰ আগ চেউৰাত লাগি লৰ মাৰিলে। আকৌ আহে বুলি টঙ্গীৰ ওচৰলৈ যাওঁ, হাতীয়ে টঙ্গী ভাঙ্গি থোৱা পালেগৈ। মাটিতে ১/২ মান বজা ৰাতিলৈ খাপ লৈ থাকিহে গুচি আহিলো।

 কাৰববোৰত টকা খৰচ কৰিবলৈ বৰকৈ মন আগ বাঢ়ি যায়, কিন্তু নিজৰ গাৰ নিমিত্তে পয়ছা খৰচ কৰিবলৈ মন সমূলি আগ নেবাঢ়ে। টকাৰ অত্যন্ত টনাটনি সময়তো কাৰবাৰত টকা খৰচ কৰিছিলো; কিন্তু বাৰিষা বোকা পানীতো খোজ কাঢ়িয়েই কাম বন চাই ফুৰিছিলো। কাৰবাৰত উৎপন্ন হোৱা বস্তুবোৰ প্ৰাণৰ সমান দেখো। ধান খেতি কৰাওঁতে ধানৰ থোক পৰি থকা দেখিলে, চাহ পাত বাটত পৰি থকা দেখিলে ততালিকে বুটলি জেপত ভৰাই লওঁ।

 চপাগুৰিৰ পিটাৰ্ছন ছাহাবে চফেলা বাগান খুলিবলৈ মই দৰ্খাস্ত দি ৰখা মাটিৰ ওপৰেদি পটি কটোৱাত মই তেওঁৰ পটিৰ ওপৰেদিয়েই পটি কটালো। মোৰ বাগানৰ