পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৪৪)

 কোম্পানীয়ে মোৰ বাগিচা লব পাৰিব বুলিহে ইমান তাগাদা কৰিছিল। তাতে আকৌ মৰঙ্গি আৰু ৰঙাজান বাগিচাত থকা কেঞাকিটাই শহুৰৰ ঘৰৰ আৰু কেঞা ঘৰৰ ধাৰবোৰৰ কথা মেনজাৰ ছাহাবকিজনক কৈ দিয়াত তেওঁলোকে কোম্পানীক জানিবলৈ দিছিল। টকাৰ অভাৱত পৰিলে বাগিচা বেচিব বুলি ভাবিছিল।

 মৰঙ্গি বাগানৰ ছাহাবক ছুপাৰভাইজৰ ৰাখিবলৈ আৰু কলঘৰ, পাতঘৰ, ফায়াৰ ইন্সিওৰ কৰাবলৈ আকৌ কোম্পানীৰ পৰা হুকুম আহিল। তেতিয়া মই মান্তি হৈ বাগানৰ একাউণ্টৰপৰা মাহে এশটকা দৰমহা দি প্ৰতিসপ্তাহে বাগিচা ছোৱাৰ বন্দবস্ত কৰি উক্ত ছাহাবক ছুপাৰভাইজৰ নিযুক্ত কৰিলো।

 বুকিয়াল আৰু চফেলা বাগান এই সময়তে মেকনিয়েল কোম্পানীয়ে কিনি লয়। সেই বাগান দুখনৰ খৰচ কমাবলৈ লেটেৰা কুলিবোৰ খেদাই দিয়ে। খেদা খোৱা কুলিবোৰে দুখত পৰি মোৰ আশ্ৰয় বিচৰাত মই ৰাখিলো। পইছাৰ ইমান অভাব হোৱাতো এটা কুলিকে খেদাবলৈ মোৰ মন নগল।

 প্ৰায় ১০০ একৰ মান মাটিত চাহ লগাওঁতেই গোলাঘাটৰ বৈজু কেঞাৰ ঘৰত ছহেজাৰমান ধাৰ হৈছিল। বাগান ক্ৰমাৎ বঢ়াই যোৱাত সিহঁতৰ ধাৰ পৰিশোধ কৰিব পৰা নাছিলো। সেইটোতে সিহঁতে চল পাই সুদৰ নিৰিখ যে বঢ়াইছিল, চাহপাতবোৰো লৈ “লোকেল ছেল” কৰি মোনে ২/৩ টকা আনতকৈ কমাই দিছিল। সেই নিমিত্তে মুগনীৰাম বাবুৰ