পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮১)

খোজোতেই মই ককালত সাবট মাৰি ধৰিলো। তাৰ হাতত কপি দা এখনো আছিল। সি মোক আক্ৰমণ কৰিবলৈ গাত চেতনা নহল। ভাল দৰে মাৰপিত কৰি ঘৰত বান্ধি ৰাখিলো। শুবৰ সময়ত সি কেঁকাই থকাত হাত খোলাই দিলো। ৰাতিপুৱা বেলিকা পৰ দিয়া মানুহ এজন ঘৰলৈ দুৱাৰ মেলি যোৱাত চোৰেও বান্ধ খুলি দা খন লৈ গুচি গল। সি মন কৰা হলে আমাকো কাটি থৈ যাব পাৰিলেহেতেন। কিন্তু ঈশ্বৰে তাৰ মনত সেই ভাব আহিবলৈ নিদিলে।

 

শাসন আৰু পালন

 দৰমহা দিয়া সময়ত কাণ কলা সাওতাল কুলি এটাই সদায় মহৰী ছৰ্দ্দাৰৰ লগত কাজিয়া কৰে। কাম পূৰা কৰিব নোৱাৰে; কিন্তু দৰমহা পূৰা বিচাৰে। এদিন দৰ্ম্মহা দিয়াত মই গৈ বুজাই কোৱাতো সি নুবুজাত দুটামান চৰ মৰাই দিলো। সি তৎক্ষণাৎ ধেণু-কাঁৰ আনি মোক মাৰিবলৈ ধৰিলে। চকিদাৰ লগাই ধৰাই আনি ভালদৰে পিটাই খুটাত বন্ধাই থলো। ৰাতি খাই-বৈ উঠি তাক মাৰকিল কৰি বন্ধাই থোৱা বাবে মনত দুখ লাগি তাৰ ওচৰলৈ যোৱাত সি কান্দিবলৈ ধৰিলে। তেতিয়া তাক মেলাই বঙ্গলালৈ আনি ভাত-পানী খুৱাই ডাক্তৰ মতাই মাৰৰ দাগবোৰত দাৱাই-পানী দিয়াই ঘৰলৈ পঠাই দিলো। পাচদিনা পুৱা চাৰাপ খাবলৈকো অলপ পইচা দিলো। যদিও সি মোক মাৰিব খুজিছিল, তথাপি মই তালৈ কোনো বিদ্বেষ নেৰাখিলো।