পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৫১)

অনাবলৈ নহল। বাগান উজাৰ হব লগীয়া হলত মৰঙ্গি বাগানৰ ছাহাবক বুদ্ধি সুধিলো। তেওঁ পোকবোৰ ধৰাই মৰাবলৈ কোৱাত অন্য কাম বাদ দি মটা কুলিবোৰক পোক ধৰিবলৈ লগাই দিলো। ক্ৰমাৎ লেটা আৰু পখিলা ধৰাই মাৰোতে মাৰোতে ২৪/২৫ হেজাৰ টকা লোকচান হল।

 বাগানত পাত কমি যাবলৈ ধৰিলে। পোকে খোৱা পাতৰ চাহৰ কলিকতাতো দৰ পৰি যাব ধৰিলে। দেওপানীত অজস্ৰ টকা খৰচ কৰা হল। এইদৰে খৰচ হৈ যোৱাত প্ৰায় ১৭০ এশ সত্তৰ হাজাৰ টকাৰ ধাৰ লাগিল। এই ধাৰ বেছি হোৱাত কোম্পানীয়ে মোৰ তাবৎ সম্পত্তি বন্ধক লবলৈ বিচাৰিলে আৰু সুদৰ নিৰিখ বঢ়ালে। দলিল এটা ড্ৰাফ কৰি মোলৈ পঠাই দিলে। দলিলৰ চুক্তিবোৰ দেখি সন্দেহ লাগি শ্ৰীযুত গোপীকা উকিলক দেখুৱালো। তেওঁ চুক্তিবোৰ চাই ‘পাছত বিপদত পৰিব পাৰা’ বুলি শিৱপ্ৰসাদ বৰুৱাৰ পৰামৰ্শ লবলৈ কলে।

 সেই সময়ত মোৰ শুলৰ বিষ অতিপাতকৈ উঠাত গা অত্যন্ত অসুখ হৈছিল। তথাপি নৰীয়া গাৰেই তেওঁৰ ওচৰলৈ গৈ সকলো কথা কৈ-মেলি কোম্পানীয়ে পঠোৱা দলিলটোৰ ড্ৰাফটো দেখুৱালো। তেখেতে পঢ়ি চাই তাত লেখা চুক্তি মতে সম্পত্তি বন্ধক দিবলৈ মন কৰিলে আৰু তেওঁলোকৰ কোম্পানীৰ লগত বন্দবস্ত কৰি দিবলৈ সন্মত হল। আমি অহাৰ পাছত তেখেতে তেওঁলোকৰ উলিয়ামছন কোম্পানালৈ আমাৰ বিষয়ে লেখাত কোম্পানীয়ে আমাক কলিকাতালৈ পঠাই দিবলৈ লেখিলে। তেখেতে আমাক তৎক্ষণাৎ যাবলৈ