পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আত্ম-জীৱনী


 

উপৰি পুৰুষসকলৰ পৰিচয়

 মোৰ উপৰি পুৰুষসকলৰ বাসস্থান যুক্ত প্ৰদেশ। পিতামহ ৺ললক ৰায় বৃটিঃশ সৈন্য বাহিনীৰ এজন সৈনিক হৈ আহি আসাম দেশত মৃত্যু হয়। তেখেতৰ জ্যেষ্ঠ পুত্ৰ আৰু মোৰ শ্ৰদ্ধেয় ৺পিতৃদেৱ আসাম ৰাইফলছৰ ৪২ নং ৰেজিমেণ্টৰ সৈনিক শ্ৰেণীত ভুক্ত হৈ আসাম দেশলৈ আহে। ১৮৫৬ সনত ২০০ মান চিপাহীৰে গোলাঘাটত হাবিলদাৰ হৈ আছিল। গোলাঘাটত ৮/১০ বছৰ হাবিলদাৰ হৈ থাকোতেই স্বৰ্গীয় ৰায় বাহাদুৰ হৰনাথ পৰ্ব্বতীয়া বৰুৱা আৰু আমোলাবিলাকৰ সৈতে তেখেতৰ বৰ বন্ধুতা হৈছিল। তেওঁলোকৰ সহায়তে মোৰ পূজনীয় ৺মাতৃদেবীক পত্নী স্বৰূপে ৰাখে। তেখেত যোৰহাটৰ ৺ৰুপছিং সুবাদাৰৰ জীয়েক; জাতিত কলিতা।

 

মাতৃৰ পৰিচয়

 মোৰ আইৰ পিতাক ৰুপছিং সুবাদাৰ মুছলমানে আসাম আক্ৰমণ কৰোতে বন্দী হোৱাই নে স্ব ইচ্ছাই আসামলৈ অহা, কোনেও কব নোৱাৰে; কিন্তু কোনোবা বৰফুকন এঘৰৰ ছোৱালী নি ইয়াত স্থায়ী ভাবে বসতি কৰি আছিল।