পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১০)

তাকে নিদি নানা প্ৰলোভন দেখাই বন্ধ কৰিব খুজিছিল।

 মই অতি কষ্টেৰে পিতাক প্ৰতিপাল কৰিছিলো। মৃত্যুৰ পাছত প্ৰেত কাৰ্য্যাদি আমি কৰিলে ভবিষ্যতে পিতৃ-সম্পত্তিৰ আমি অধিকাৰী হও বুলি ভাবি ৺বিমাতৃয়ে পিতাৰ মৃত্যু হোৱা মাত্ৰে টেলিগ্ৰাম দি ভতিজাকক মতাই আনি প্ৰেতকাৰ্য্য কৰালে।

 বিমাতৃৰ কোপাগ্নিত পৰি জন্মদাতা পিতৃৰ পিণ্ডভাগী হবলৈ নাপাই কায়মনো-বাক্যে তৰ্পণ কৰি ৺পিতৃক কৈছিলো, হে পিতৃ! তুমি আমাৰ জন্মদাতা; বিমাতৃৰ কুমন্ত্ৰণাত মুগ্ধ হৈ আমাক পৰিত্যাগ কৰিছা যদিও আমিহে তোমাৰ পিণ্ডাদি অন্ত্যেষ্টি ক্ৰিয়াৰ অধিকাৰী। অতএব আমাৰ অন্তৰৰ শ্ৰদ্ধা ভক্তিৰে তোমাৰ পিণ্ড দিছো; গ্ৰহণ কৰি পুত্ৰ বুলি আশীৰ্ব্বাদ কৰিবা।

 পিতৃ বিয়োগৰ পাছৰ পৰা বিমাতৃৰ অৱস্থা ক্ৰমাৎ বেয়া হবলৈ ধৰিলে। অবশেষত সকলো সম্পত্তি হেৰুৱাই খেতিৰ কাৰবাৰ কৰাই পেট প্ৰবৰ্ত্তাইছিল। তাকে কৰাই খাবলৈ অসমৰ্থ হোৱাত মোৰ আশ্ৰিত হবলৈ বাধ্য হ’ল। শেষত মোৰ মাতৃৰ লগত মিলমাল হৈ কাল কটাবলৈ ধৰিলে। তেওঁৰ মৃত্যু হোৱাত অন্ত্যেষ্টি ক্ৰিয়া ময়ে সমাধা কৰিলো। ঈশ্বৰৰ কেনে বিচিত্ৰ লীলা! যাক এদিন মাতৃ আৰু ভ্ৰাতৃহাৰা কৰি সকলো সম্পত্তিৰ পৰা বঞ্চিত কৰি খেদাই জন্মদাতা পিতৃৰ পিণ্ডভাগী হবলৈ নিদিছিল, তাকে আজি নিজৰ পিণ্ডভাগী কৰোৱালে!