সমললৈ যাওক

পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৫২)

খবৰ দিলে। মই লগত শ্ৰীমান সোণা আৰু কেৰেণীজনক লৈ কলিকাতা পালোগৈ। পাচদিন নিজ কোম্পানীৰ বৰ ছাহাবক দেখা কৰি কলো যে, আমি পুৰণি কাৰবাৰী; আমাৰ ধাৰৰ ওপৰত ইমানকৈ সুদৰ নিৰিখ বঢ়াই ধৰা আৰু ১৭০ এশসত্তৰি হাজাৰ টকাত তিনিখন বাগিচা বন্ধক ৰাখিবলৈ বিচৰা অন্যায় হৈছে। অতএব আমি সেইদৰে বন্দবস্ত কৰিব নোৱাৰো। অন্য কোম্পানীৰ ওচৰত ধাৰলৈ টকা বিচাৰি চাওঁ।

 সেই কথা শুনি বৰ ছাহাৰজনে সুদৰ নিৰিখ আৰু চুক্তি ভুলক্ৰমে লেখা হৈছে বুলি কৈ বগীধলা আৰু কালিয়নী বাগিচা দুখনকে বন্ধক লবলৈ সন্মত হল। সুদো শতকৰা বছৰি ৬৲ টকা কৰি প্ৰতি ৬ মাহত মূলত জমা কৰিবলৈ স্বীকাৰ কৰিলে। সেই বন্দোবস্তত আমি সন্মত হৈ বাগানলৈ গুচি আহিলো। পাছত গোলাঘাটৰ কাচাৰীত দলীল ৰেজেষ্ট্ৰী কৰাই পঠাই দিলো, উলিয়ামছন কোম্পানীৰ অফিছলৈ।

 মা লক্ষ্মীয়ে কৃপা কৰাত ২ বছৰৰ ভিতৰতে আটাই কিখন বাগানে এই ধাৰবোৰ পৰিশোধ কৰিব পৰাকৈ পাত দিলে। চাহৰো দাম উঠিল। বছৰৰ শেষত কলিকতাত গৈ হিছাপ কৰি ধাৰ পৰিশোধ কৰা হল আৰু দলিল-পত্ৰ পট্টা-পঢ়ণা ঘূৰাই অনা হল। তাৰ পাছৰ বছৰতো চাহত দাম পোৱা হল। কোম্পানীৰ ঘৰত যথেষ্ট টকা জমা থাকিল। বাগান কেখনৰ কৰাব লগীয়া কামবোৰ কৰোৱা হল।