পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭)

বিমাতৃয়ে দিয়া দুখৰ বোজা বৈ মনত বৰ আনন্দ লাভ কৰিছিলো। এই বোজা বোৱা অভ্যাসৰ কাৰণে আজিও নিজৰ গধূৰ গধূৰ বোজা ববলৈ পৰাঙ্মুখ নহও আৰু লাজ নাপাওঁ।

 

বিমাতৃৰ কাৰ্য্য আৰু স্নেহৰ পৰিচয়

 ৺বিমাতৃয়ে অকল আমাৰ মাতৃদেবীক পুত্ৰহাৰা আৰু স্বামীহাৰা কৰায়ে এৰা নাছিল, ঈৰ্ষা-পৰায়ণ হৈ মাতৃক স্বামীৰ পৰা যেনেকৈ বঞ্চিত কৰালে, আমাকো সেইদৰে পিতাৰ সকলো সম্পত্তিৰ পৰা বঞ্চিত কৰাই উইল লেখাই লৈছিল। পিতাৰ সাক্ষাতত অলপ মৰম-স্নেহ কৰিছিল যদিও অন্তৰত সদায় হিংসাভাব পোষণ কৰিছিল।

 গুৱাহাটী কেম্পত আহি এসপ্তাহলৈ থাকোতেই অন্য লৰাৰ লগত গৰু চৰোৱা ঠাইত গৈ কৰবী ফুলৰ গুটি খাইছিলো। ভাল চোলা কাপোৰ পিন্ধা-উৰা পৰিষ্কাৰ-পৰিচ্চন্ন হৈ ফুৰা-চকা কৰা আমাৰ ভাগ্যত কোনো দিন হবলৈ নিদিছিল। মাৰ্কিন কাপোৰৰ কুৰ্ত্তা হাতেৰে চিলাই কৰি পিন্ধাইছিল।

 গোলাঘাটৰ চানমাৰী কেম্প আৰু চানমাৰী হাবি আমাৰ জীৱনৰ লীলাক্ষেত্ৰ বা আত্ম-নিৰ্ভৰতাৰ শিক্ষা-স্থান আছিল। বিমাতৃয়ে আমাক সদায় পুৱা-গধূলি খোৱা-বোৱা বাচন-বৰ্তন চাফ কৰায়, গৰু চৰাবলৈ দিয়ে, বাহি ঘৰ-দুৱাৰ গোবৰ-জাবৰ অটাবলৈ দিয়ে আৰু খৰি লুৰি আনিবলৈ দিয়ে। অলপ পৰ আজৰি হৈ থকা দেখিলেই জীয়েকক