পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬৯)

সকলোটিৰ সাক্ষাতে লৰা ছোৱালীক মাউৰা কৰি মোক বিৰহ বেদনা দি অনন্ত ধামলৈ গতি কৰিলে।

 মাক ঢুকুৱাৰ এবছৰৰ পাছত ছোৱালীটিৰ দ্বিৰাগমন দিয়া হয়। লগত ভণীয়েককো পঠাইছিলো। ১০/১২ দিনৰ পাছত ভণীয়েকৰ বৰ আই ওলাই মৃত্যু হল। শ্ৰীমান সোণালৈকে জমিদাৰ এজনৰ ছোৱালী এটি বিয়া কৰাই আনিছিলো। সেই ছোৱালীজনী যেনে শুৱনী, কাম কাজতো তেনে কামিলা আৰু সৰবৰহী আছিল। আমাৰ দুৰ্ভাগ্যবশতঃ সেই ছোৱালটিও প্ৰথম সন্তানৰ দিনতে বেমাৰী হল। তাইকো কাণপুৰ আদি ঠাইত চিকিৎসা কৰাই ভাল কৰাব নোৱাৰি বাগানলৈ লৈ আহিলো। ঘৰত প্ৰায় ছমাহ পৰি থাকি অৱশেষত মৃত্যু হয়। পিছত পুনৰ বিবাহ কৰোৱা হয়।

 ঘৰত লৰা ছোৱালীৰ সাৱধান লবলৈ আৰু খুৱাব ধুৱাবলৈ কোনো মাইকী মানুহ নথকাত মোৰ অত্যন্ত আহুকাল দেখি বিঐয়ে দেশলৈ মতাই নি পুনৰ বিবাহ কৰাবলৈ নানা প্ৰকাৰ বুজনি দি অনুৰোধ কৰিলে। তেখেতৰ অনুৰোধ ক্ৰমে বিয়া কৰোৱা হল। সেই গৰাকী পৰিবাৰ বৰ্ত্তমান জীবিত। তেওঁৰ এটি লৰা আৰু তিনিটি ছোৱালী হৈছে। এওঁৰ স্বভাবৰ কোনো বিকাৰ পোৱা নাই। সপত্নীৰ পুত্ৰ-কন্যাসকলক নিজৰ দৰেই পালন কৰিছে।