পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(২৯)

তেওঁ থকা গাঁৱত ভয়ঙ্কৰ কলেৰা বেমাৰ হবলৈ ধৰিলে। মোলৈ আনিব খোজা ছোৱালীজনীৰ বেমাৰ হৈ মৃত্যু হ’ল। সেই একেদিনাই আবেলি পৰত মাক, ঘৈনীয়েক আৰু ভায়েকক চিৰদিনলৈ কন্দুৱাই ককাইদেৱেও প্ৰাণ হেৰুৱালে।

 তেওঁ ছোৱালী লৈ যাত্ৰা কৰা বাতৰি পাম পাম বুলি সদায় আনন্দিত হৈ আছো, এনেতে টেলিগ্ৰামত বাতৰি আহি পালে যে, তেওঁ আৰু সেই ছোৱালীজনী এই সংসাৰত নাই; কলেৰাত মৃত্যু হল। আমাৰ মূৰত বজ্ৰপাত পৰিল। সেইদিনা আমাৰ অৱস্থা কি হৈছিল, দেখা-শুনাবোৰেহে জানিছিল।

 যথাসাধ্যৰূপে ককাইদেৱৰ প্ৰেতকাৰ্য্য সমাধা কৰা হল। আই আৰু বৌৰ কান্দোন কাটোনত পুৱা-গধূলি ঘৰ খলক লাগি থাকিবলৈ ধৰিলে। মোৰ নিমিত্তেই ককাইদেৱে বিদেশত প্ৰাণ ত্যাগ কৰিলেগৈ বুলি ময়ো আত্মহাৰা হৈ থাকো। ঘৰত সদায় নিৰানন্দ।

 

ধাৰৰ বিৱৰণ

 এইদৰে সদায় দুখত মগ্ন থাকি দোকান আৰু কানিৰ কাৰবাৰত বিশেষ মন-কান নিদিয়াত কানিৰ কাৰবাৰত লোকচান পৰিল। মই অকলশৰীয়া হৈ কাৰবাৰ চলোৱাত অসুবিধা পাই আই আৰু বৌৰ লগত পৰামৰ্শ কৰি বৌৰ ভায়েকহঁতক লগলৈ দেশৰ পৰা মাতি আনিলো। তেওঁলোক আহি পালত ধলাগুৰি বাগিচাতো এখন দোকান খুলিলো। তেওঁলোক দুয়ো নতুন আচহুৱা মানুহ; অথচ বেহা বেপাৰতো