পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭১)

যাত্ৰা বৰ ভাল বুলি শুনি মোৰ চাবৰ মন গল। ২০/২৫ টা মান কুলি লৰা ফুচুলাই নবমীৰ দিনা ৰাতি খাই-বৈ নাৱৰে গৈ যাত্ৰা চাবলৈ বন্দবস্ত কৰিলো। পিতাই নজনাকৈ ৰাতি দোকান বন্ধ কৰি নাৱত উঠিলোহঁক। ৰঙাজানৰ জানৰ পানীৰ বৰ সোঁত পৰিছিল। নাও মেলি দিয়া মাত্ৰে ভটিয়াই নিলে। ঈশ্বৰৰ ইচ্ছাত শিলৰ খটখটীত খুন্দা নেখালে; খোৱা হলে তাতে সকলোটি পানীত পৰি মৰিলোহেতেন।

 ৰাতি ঘোপমৰ এন্ধাৰ আছিল। নাৱৰ টিঙ্গত কাঠ এডোখৰ বান্ধি লণ্ঠন জ্বলাই উমানে উমানে নাও উজাই নি আছিলো। শালমৰা ডুবিৰ পকনায়াত পৰো বুলি বৰ ভয় লাগছিল। উমানতে নাও সিপাৰলৈ শালমৰা গ্ৰাণ্ট বুলি এৰি দিলো; কিন্তু ডুবিটোৰ ভাটিতহে নাও সিপাৰ হল। নাও পাৰ কৰি নিদিয়া হলে নিশ্চয় ডুবিৰ পকনীয়াত পৰিলোহেতেন। তেতিয়া চপাগুৰি বাগিচাৰ ঘাটত নাও বান্ধি থৈ খোজ কাঢ়ি গৈ যাত্ৰা চালোগৈ। যাত্ৰা চাই শেষ ৰাতি পুনৰ নাওত উঠি ভটিয়াই আহি ঘৰ পালোহি। দোকানত তলা লগাই গৈছিলো। দৈবাৎ চোৰে চুৰ কৰা হলে সৰ্ব্বস্ব গলহেতেন। সেই দিনাও ঈশ্বৰেহে ৰক্ষা কৰিলে।

 বগীধলত কুঁহিয়াৰ খেতি কৰাওতে কেইজোপামান ভাল গছ কাটিবলৈ থাকি গৈছিল। সেই সময়ত মোৰ বৌৰ ভায়েক শ্ৰীবৃন্দা সিং বাগানৰ বৰ মহৰি আছিল। সেই গছ কিজোপা কটা-নকটাৰ কথাৰে মোক চাবলৈ মাতিলে।