পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৩৫)

 পশ্চিমীয়াবিলাকে ইয়াৰ পৰা হাতী কিনি নি সিহঁতৰ দেশৰ মেলাত বেচি দুগুন লাভ কৰে। মেলাৰ বিবৰণ সিহঁতৰ পৰাই বুজি লৈ ময়ো দুটা হাতী কিনি সিহঁতৰ জমাদাৰ এজনৰ মাৰফৎ দি পঠালো। জমাদাৰজনে মেলাত হাতী বেচি মোলৈ টকা পঠাই দিলে। সেই দুটাত মোৰ যথেষ্ট লাভ হোৱাত পুনৰ চাৰিটা হাতী কিনি সদাগৰৰ জিম্মাত পঠাই দিলো। মেলাত মই নিজে হাতী বেচাৰ ঠিকনা কৰি মেলা হোৱা দিনৰ খবৰ দিবলৈ কলো। মেলাৰ সময়তে হাতী পোৱলেগৈ, মোলৈ টেলিগ্ৰাম কৰি খবৰ দিয়াত লৰালৰিকৈ যাত্ৰা কৰিলো। মেলা বহুদিন চলি থাকে। মই তিনটি হাতী বেচি এটাওতেই ডাঙৰ লৰাটিৰ টান বেমাৰ বুলি ঘৰৰ পৰা টেলিগ্ৰাম দিলে। টেলিগ্ৰাম পাই বেচিবলৈ থকা হাতীটো জামাদাৰৰ জিম্মাত ৰাখি ঘৰলৈ ৰাওনা কৰিলো।

 উভতি আহোঁতে ৰেলত এজন মানুহৰ ১৫০০৲ টকা চুৰি হোৱাত কিছু সময় মোক বন্ধ কৰি ৰাখিছিল। মোৰ হাতৰ নোটৰ লগত সেই মানুহজনৰ নোটৰ মিল নোহোৱাত আৰু মোৰ হাতত সৰহ টকা ওলোৱাত মোৰ টেলিগ্ৰামখন আৰু মহাজনৰ নামে টকা পঠোৱা ৰচিদ চাই এৰি দিলে। তেওঁৰ নোটবোৰ ১০০৲ এশ টকীয়া আছিল। হাতী বেচি অনা মোৰ নোটবোৰ হেজাৰ আৰু পাচশ টকীয়া হোৱাত হে পুলিছে মোৰ ওপৰত সন্দেহ কৰিব নোৱাৰিলে। তাৰ উপৰিও মোৰ হাতত ঘৰৰ পৰা দিয়া টেলিগ্ৰাম আৰু মহাজনৰ নামে মনি অৰ্ডাৰ কৰা টকাৰ ৰচিদ দেখুৱাই টানি কোৱাতহে পুলিছে আহিবলৈ অনুমতি দিছিল। মোৰ চিনাকী দেছুৱালী